Rupaliparda.com
"গুৱাহাটী ডায়েৰীজ"- মহানগৰত গঢ়ি উঠা সম্বন্ধৰ কিছু উঠা-নমাঃ 1

“গুৱাহাটী ডায়েৰীজ”- মহানগৰত গঢ়ি উঠা সম্বন্ধৰ কিছু উঠা-নমাঃ

অসমীয়া ছবি জগতত ইখনৰ পিছত সিখন ছবিৰ মুক্তিয়ে উৎসাহিত নকৰাকৈ থকা নাই দৰ্শকক। নিতৌ নতুন নতুন ছবিৰ শ্বুটিঙৰ খবৰ শুনিবলৈ পোৱা গৈছে। নতুন কনচেপ্ট তথা নতুন কাহিনীৰ সৈতে প্ৰস্তুত এই ছবিসমূহে নিশ্চয়কৈ চলচিত্ৰ জগতত এক নতুনৰ সৃষ্টি কৰাটো সম্ভৱ। “লখিমী”, “গৰু”, “জানমণি ২০২০” আদিৰ দৰে ছবিসমূহৰ মুক্তিৰ খবৰৰ পিছত এইবাৰ অসমীয়া ছবি জগতত দেখিবলৈ পোৱা যাব এক নতুন যুঁটি। ছবিখনত এটি মূখ্য চৰিত্ৰত অভিনীত উদয়ন দুৱৰাই প্ৰায়ে ছবিখনৰ বিভিন্ন ফটো চচিয়েল মিডিয়া যোগে আপলোড কৰা দেখিবলৈ পোৱা যায়।

"গুৱাহাটী ডায়েৰীজ"- মহানগৰত গঢ়ি উঠা সম্বন্ধৰ কিছু উঠা-নমাঃ 2
"গুৱাহাটী ডায়েৰীজ"- মহানগৰত গঢ়ি উঠা সম্বন্ধৰ কিছু উঠা-নমাঃ 3


এই ছবিখনৰ নাম হৈছে “গুৱাহাটী ডায়েৰীজ”। ছবিখনত জনপ্ৰিয় অভিনেত্ৰী বৰষা ৰাণী বিষয়া আৰু উৰ্মিলা মহন্তৰ এক উল্লেখনীয় যুঁটি দেখিবলৈ পোৱা যাব । পূৰ্বতে নিৰ্মিত “ৰাম ভডকা হুইচকী” আৰু “যি গল্পৰ শেষ নাই” ছবি দুখনৰ নিৰ্মাতা প্ৰশান্ত শইকীয়াই পুনৰ এক নতুন তথা সুন্দৰ কাহিনীৰে সৈতে লৈ আনিছে “গুৱাহাঢী ডায়েৰীজ”। ছবিখনৰ কাহিনী তেওঁ নিজেই লিখিছে। ইতিমধ্যে তেওঁৰ দ্বাৰা পৰিচালিত “যি গল্পৰ শেষ নাই” ছবিখন ঘৰুৱা দৰ্শকৰ মাজত মুক্তি লাভ কৰা নাই যদিও ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰত লাভ কৰিছে বৃহৎ সংখ্যাত সঁহাৰি। নগৰ অঞ্চলত যি সমূহ সম্বন্ধ গঢ় লৈ উঠে; সেই সম্বন্ধ সমূহৰ বিভিন্ন উঠা-নমা আদিক কেন্দ্ৰ কৰি নিৰ্মিত কৰা হৈছে “গুৱাহাটী ডায়েৰীজ” ছবিখনৰ কাহিনীভাগ। ছবিখনৰ চিত্ৰনাট্য আৰু সংলাপ নীল বৰ্মনৰ।


ইতিমধ্যে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ মুকলি কৰা এই ছবিখনৰ শ্বুটিং মহুূৰ্তৰ এখন ফটো আপলোড কৰে উদয়ন দুৱৰাই। তেওঁৰ সৈতে ফটোখনত থাকে মনীষা হাজৰিকা। ছবিখনৰ আন আন গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে নাজ চুলতানা, মনিষা হাজৰিকা,অঘ্ৰদ্বীপ বৰুৱা, ৰাজীৱ লাল বৰুৱা, মিন্টু বৰুৱা, হেমন্ত দেৱনাথ আৰু কমল লোচনে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform