আমি অভিনেতা-অভিনেত্ৰী সমূহক তেওঁলোকৰ প্ৰকৃত নামতকৈ অধিক চিনি পাওঁ আছলতে তেওঁলোকে ৰূপায়ন কৰা চৰিত্ৰটোক লৈ। তেওঁলোকৰ চৰিত্ৰটোৰ নামাৰ মন-মগজুত ইমান দৃঢ় ভাৱে সোমাই পৰে যে ই আমাক তেওঁলোকৰ প্ৰকৃত নাম পাহৰাই দিয়ে। বিগত বছৰত এখন অসমীয়া ছবি মুক্তি লাভ কৰিছিল; নাম আছিল “বৰনদী ভঁটিয়ায়”। ছবিখনে “ভিলেইজ ৰকষ্টাৰ” ৰ পিছত ছবিগৃহত দৰ্শকৰ বহুত অংকত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছিল। ছবিখনত এটি গুৰুত্বপূৰ্ণ অৰ্থাৎ মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল অভিনেত্ৰী দৰথী ভৰদ্বাজে। ছবিখনত ৰূপায়ন কৰা তেওঁৰ চৰিত্ৰটোৰ নাম আছিল “মৌকণ”। চচিয়েল মিডিয়াত এই “মৌকণ” ক লৈ ইমানেই চৰ্চা চলিছিল যে পিছলৈ অভিনেত্ৰী গৰাকীয়ে “মৌকণ” ৰূপেই চিনাকী পাবলৈ ধৰিলে। বৰ্তমান দৰথী ভৰদ্বাজ ছবি তথা নাটক ক্ষেত্ৰখনৰ এক উল্লেখনীয় নাম। তেওঁৰ অভিনয়ে বহু দৰ্শকক তেওঁৰ অনুৰাগী কৰি তুলিছে বুলি ক’লেও ভুল নহ’ব।

আজিৰ ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আমি পাতিম এই গৰাকী অভিনেত্ৰীৰ সৈতে কিছু কথা; জানিম তেওঁৰ মনৰ কথা। চাওঁচোন আহকঃ
প্ৰশ্নঃ আপুনি অভিনয় ক্ষেত্ৰৰ লগত কেতিয়াৰ পৰা জড়িত?

দৰথীঃ অভিনয় ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত বুলি সুধিলে মোৰ ক’বলৈ টানহে লাগে। কিয়নো কেতিয়াৰ পৰা কেনেকৈ জড়িত হলো মই নিজেই গমেই নাপালো। সৰুৰ পৰাই মোৰ ঘৰৰ বিভিন্ন সদস্য যেনেঃ দেউতা, খুড়া, পেহীক সাংস্কৃতিক কামত জড়িত থকা দেখি ডাঙৰ হৈছো। তেতিয়াৰ পৰাই হয়তো মই গম নোপোৱাকৈ মোৰ মনত সাংস্কৃতিক ক্ষেত্ৰখনৰ প্ৰতি ভালপোৱাৰ আৰম্ভণি হৈছিল। ইয়াৰোপৰি স্কুলত, যেনে ধৰি লওঁক কবিতা আদিবোৰত ভাগ লৈছিলো। প্ৰথম বাৰ মঞ্চত অভিনয় কৰিছিলো দ্বিতীয় শ্ৰেণীত পঢ়ি থকা অৱস্থাত; তেতিয়াই মনত হয়তো উৎসাহ পাইছিলো অভিনয় কৰিবলৈ। তাৰ পিছত নাট কৰ্মশালাত অংশগ্ৰহণ কৰিছিলো N S D, নিউ দিল্লীৰ স্নাতক জিলমিল হাজৰিকা বাইদেউৰ তত্বাৱধানত। সমান্তৰালকৈ অভিনয়ৰ বিষয়ে জানিবলৈ হেঁপাহ বেছিকৈ বঢ়াত তাৰপিছত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা ত পঢ়িলো। এনেদৰেই অভিনয়ৰ লগত জড়িত হ’লো।
প্ৰশ্নঃ অভিনয়ৰ বাহিৰেও আপোনাৰ অইন কিবা হবি অৰ্থাৎ যিটো কৰি আপুনি ভাল পায়?

দৰথীঃ মই ফুৰি খুব ভাল পাওঁ। ফুৰি ভালপাওঁ মানে মই অকল বিভিন্ন ঠাইলৈ যোৱাৰ কথাই কোৱা নাই মই পথাৰলৈ গৈ, নদীলৈ গৈ খুব ভাল পাওঁ। ইয়াৰ উপৰিও মই ছবি আঁকি ভালপাওঁ, গান শুনি লগতে কিতাপ পঢ়িও ভাল লাগে।
প্ৰশ্নঃ অসমীয়া ছবি ক্ষেত্ৰখনত যদি আপোনাৰ ইচ্ছা মতে কাৰোবাক নিজৰ সহঃ অভিনেতা হিচাপে বাচিবলৈ কয়। তেতিয়াহ’লে আপুনি কাক ল’ব??

দৰথীঃ অসমীয়া ছবি ক্ষেত্ৰ খনৰ সৈতে জড়িত বহুত শিল্পীৰ সৈতেই মোৰ অভিনয় কৰিব ইচ্ছা আছে । তাৰ ভিতৰত উৰ্মিলা মহন্ত, বাহাৰুল ইছলাম, আদিল হুছেইন, অৰুণ নাথ আৰু বহুতো আছে; যি বৰ্তমান মোৰ মনলৈ অহা নাই । ইয়াৰ উপৰি আৰু বহুত শিল্পী আছে যিসকলক ছবিত দৰ্শকে এতিয়ালৈকে দেখা পোৱা নাই; নাটকৰ লগত তেওঁলোক জড়িত হৈ আছে। তেওঁলোকৰ লগত মই নাটকত অভিনয় কৰিছো আৰু আগলৈ ছবিতো অভিনয় কৰাৰ মোৰ মন আছে।
প্ৰশ্নঃ সাম্প্ৰতিক সময়ত ক’ৰ’ণাই কি ৰূপ লৈছে আপুনি দেখিছে; এনেক্ষেত্ৰত আপুনি ৰাইজক সজাগ হ’বলৈ কি পৰামৰ্শ দিব?

দৰথীঃ প্ৰথম কথা, আমি প্ৰত্যেকেই সজাগ হব লাগিব। আমি নিজে নিজক বচাব লাগিব যিহেতু আমি আমাৰ সন্মুখত ইমান ডাঙৰ বিপদ এটা দেখি আছো । আমাৰ জনবসতি ঘন আৰু বহুত বেছি লগতে আমাৰ মেডিকেলৰ সুবিধাও সীমিত তথা আমি অৰ্থনৈতিক ভাৱেও দুৰ্বল। অতি জৰুৰী নহ’লে ঘৰতে থাককচোন গান এটা শুনক নহ’লে কিতাপ এখন পঢ়ক; মেডিটেচনে কৰক যদি পাৰে । আপুনি নিজেও সজাগ হওঁক আৰু লগতে আনকো সজাগ কৰক। বাৰিষাও আহি আছে বানপানীটো হ’বয়ে তাৰ উপৰি ক’ৰণাৰ সৈতে আমি প্ৰত্যেকেই যুঁজিবলৈ সাজু হব লাগিব; ভয় নকৰি সজাগ হব লাগিব।
প্ৰশ্নঃ আপোনাৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে জানিব বিচাৰিম।

দৰথীঃ ভাস্কৰ বৰুৱা, অনুপম কৌশিক বৰাৰ পৰিচালনাৰে নাটকৰ কাম কিছুমান চলি আছিল কিন্তু সদ্যহতে এই পৰিস্থিতিৰ বাবে আমি অলপ ৰৈ দিছো; কাৰণ জীৱনবোৰ বহুত মূল্যবান। লগতে, মোৰ নিজৰ এটা গ্ৰুপ আছে তাতো কিছুমান পৰিকল্পনা কৰি থকা হৈছে। ইয়াৰ উপৰিও, জয় চেং জয় দহতিয়াৰ “জলছবি” নামৰ এখন অসমীয়া ছবিত মই অভিনয় কৰিছো, যিখন চলিত বৰ্ষৰ শেষৰ ফালে হয়টো ছবি গৃহত আহিব।
ৰীমা দাসৰ এখন চুটি “for each other” ত মই অভিনয় কৰাৰ লগতে শেহতীয়াকৈ মানৱ জ্যোতি বৰুৱা ৰ “ৱাৰঙ্গনা” ত অভিনয় কৰিছো; আৰু কিছুমান কামৰ কথা বতৰা চলি থকা হৈছে।
…ধন্যবাদ দৰথী। তুমি ব্যস্ততাৰ মাজত সময় উলিয়াই আমাৰ সৈতে কথা পাতিলা।

দৰথীঃ ধন্যবাদ আপোনাৰ লগতে ৰূপালীপৰ্দালৈও।
Add comment