Rupaliparda.com
এগৰাকী ৰান্ধনিশালত; আনগৰাকীয়ে গাইছে হিন্দী গীতঃ পাৰ কৰিছে "ক'ৰ'ণা সময়"- 1

এগৰাকী ৰান্ধনিশালত; আনগৰাকীয়ে গাইছে হিন্দী গীতঃ পাৰ কৰিছে “ক’ৰ’ণা সময়”-

“ক’ৰ’ণা” ৰ ফলত হোৱা “লক ডাউন” ৰ আজি দ্বিতীয়টো দিন। ভাৰতত ইয়াৰ আগ্ৰাসনত অহা লোকৰ সংখ্যা ক্ৰমশঃ বাঢ়ি অহাৰ লগতে মৃত্যু সংখ্যাও বৃদ্ধি পাইছে। এনে সময়তে প্ৰত্যেকেই নিজ পৰিয়ালৰ সৈতে ঘৰত আৱদ্ধ হৈ আছে লগতে আনকো ঘৰতে থকাৰ পৰামৰ্শ দিছে। “ক’ৰ’ণা ভাইৰাছ” ৰ সময়ছোৱাত সাধাৰণ জনৰ লগতে চিলেব্ৰেটীসকলে নিজ ইচ্ছানুযায়ী কিছু কাম কৰি সময়বোৰ পাৰ কৰা দেখিবলৈ পোৱা গৈছে। বলীউড চিলেব্ৰেটীসকলৰ দৰেই তালত তাল মিলাইছে আমাৰ অসমীয়া শিল্পী সকলেও। কোনোৱে যদি নিজৰ দেহক ফিট ৰখাৰ বাবে ঘৰতেই চেষ্টা অব্যাহত ৰাখিছে; কোনোৱে আকৌ ঘৰতেই বহি নতুন নতুন ৰেচিপিৰ উদ্ভাৱন কৰিছে। এনেপৰিপ্ৰক্ষিততে, দৰ্শকক মনোৰঞ্জন কৰাবলৈ এতিয়া চেষ্টা কৰিছে দুই গৰাকী অসমীয়া কন্ঠশিল্পীয়ে।


কেইবাটাও ভিন্ন ভাষাৰ গীতত কন্ঠদান কৰা বৰ্ণালী কলিতাই কিছুসময়ৰ বাবে সংগীত এৰি হাত দিলে ৰান্ধনি শালত। লাওঁ, বিলাহীৰে মাছ ৰান্ধি দৰ্শকক দিছে নিজে বনোৱা খাদ্যৰ যুঁটি। কন্ঠৰ যাদুৰে দৰ্শকৰ হৃদয় জিনা পিছতেই এইবাৰ তেওঁ খাদ্য প্ৰস্তুতিৰে দৰ্শকৰ মন জিকিবলৈ সক্ষম হৈছে। আনহাতে আনগৰাকী কন্ঠশিল্পী ঋতৃষা শৰ্মাই ৰাহত ফাতেহ আলি খানৰ এটি জনপ্ৰিয় গীত “আস পাস খুডা” ক নিজ কন্ঠৰে গাই দৰ্শকৰ আগত প্ৰস্তুত কৰে। ইয়াৰ পূৰ্বেও তেওঁ কেইবাটাও হিন্দী গীতত নিজ কন্ঠ প্ৰদান কৰি শ্ৰোতাক মুগ্ধ কৰি ৰাখিছিল।

এগৰাকী ৰান্ধনিশালত; আনগৰাকীয়ে গাইছে হিন্দী গীতঃ পাৰ কৰিছে "ক'ৰ'ণা সময়"- 2
এগৰাকী ৰান্ধনিশালত; আনগৰাকীয়ে গাইছে হিন্দী গীতঃ পাৰ কৰিছে "ক'ৰ'ণা সময়"- 3


উল্লেখ্য যে, কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত বৰ্ণালী কলিতাৰ “দৰিকা দিচাং” গীতটি ইউটিউবত হিট ৰূপে পৰিগণিত হৈছিল লগতে ঋতৃষাৰ কন্ঠৰে কৱীৰ সিঙৰ “পেহলা পেহলা প্যাৰ” শীৰ্ষক গীতটিয়ে লাভ কৰিছিল ক্ষন্তেকতে জনপ্ৰিয়তা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform