Rupaliparda.com
বলীউডৰ কাৰ্তিক আৰিয়ন; জলীউডৰ আইমী বৰুৱাইও আগবঢ়ালে অনুদানঃ 1

বলীউডৰ কাৰ্তিক আৰিয়ন; জলীউডৰ আইমী বৰুৱাইও আগবঢ়ালে অনুদানঃ

কেওঁদিশে কেৱল “ক’ৰ’ণা ভাইৰাছ” ৰ সন্ত্ৰাস। ঘন্টাই ঘন্টাই বৃদ্ধি পাইছে এই ভাইৰাছবিধৰ আগ্ৰাসনত পৰা ৰোগীৰ সংখ্যা। বৰ্তমান চাৰিওফালে কেৱল এক বেয়া খবৰেই বিৰাজ কৰিছে। ক’ৰবাত যদি মৃত্যু নহ’লে ক’ৰবাত আকৌ খোৱা বস্তুৰ অভাৱ। দৈনন্দিন চলি থকা সকলোৰে জীৱন যাত্ৰাত বিৰাম লগাৰ ফলত দেশৰ অৰ্থনীতিত প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে কৰা আহ্বান অনুযায়ী প্ৰত্যেকজন জনসাধাৰণে কিবা নহয় কিবা এটা চৰকাৰৰ ফাণ্ডলৈ অনুদান হিচাপে দি তেওঁলোকক সহায় কৰাৰ চেষ্টা কৰিছে। জনসাধাৰণৰ সমান্তৰালকৈ বলীউড তথা জলীউড লগতে টলীউডৰ শিল্পী সমূহেও এই কাৰ্যক্ৰমত আগভাগ লৈছে। জুবিন গাৰ্গ, যতীন বৰাৰ লগতে এইবাৰ অসমীয়া ছবিৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাই অনুদান আগবঢ়াইছে অসম চৰকাৰলৈ।

বলীউডৰ কাৰ্তিক আৰিয়ন; জলীউডৰ আইমী বৰুৱাইও আগবঢ়ালে অনুদানঃ 2
বলীউডৰ কাৰ্তিক আৰিয়ন; জলীউডৰ আইমী বৰুৱাইও আগবঢ়ালে অনুদানঃ 3


১লাখ টকাৰ অনুদান আগবঢ়োৱাৰ লগতে তেওঁ সকলোকে আকৌ এবাৰ সুস্থ হৈ থকাৰো আহ্বান জনায়। ইয়াৰ উপৰিও,বলীউড অভিনেতা কাৰ্তিক আৰিয়নে আগবঢ়াইছে ১ কোটি টকা। এক পোষ্ট যোগে কাৰ্তিক আৰিয়নে দৰ্শকক এই কথা জনোৱাৰ পিছতেই অনুৰাগীয়ে অভিনেতা গৰাকীক যথেষ্ট প্ৰশংসা কৰা দেখিবলৈ পোৱা যায়।

1 comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.