Rupaliparda.com
আহি আছে "AVR: Advik Vs Ray"- এখন অসমীয়া "চুপাৰহিৰো" ছবিঃ 1

আহি আছে “AVR: Advik Vs Ray”- এখন অসমীয়া “চুপাৰহিৰো” ছবিঃ

হলীউডৰ স্পাইদাৰ মেন, আইৰণ মেন আদিৰ বিষয়ে আপোনালোকে নিশ্চয় শুনিছে অৰ্থাৎ তেওঁলোকৰ ছবিও আপোনালোকে সৰুৰে পৰা চাইছে। আমি হয়টো ভাবিছোও যে এনে এজন চুপাৰমেন যদি আমাৰ সৈতে থাকিল হেঁতেন নাইবা এই চুপাৰমেন জনে যদি আমি কথা পতা নিচিনাই কথা ক’ব পাৰিলেহেঁতেন তেতিয়াহ’লে কিমান ভাল লাগিল হয়! নহয়নে? গতিকে, এনেকৈ ভৱা আটাইবোৰ অসমীয়া চলচিত্ৰ প্ৰেমী দৰ্শকৰ বাবে সুখবৰ। আহি আছে অসমীয়াত এখন “চুপাৰহিৰো’ চিনেমা”। চুপাৰহিৰো’ বোৰে যেনেদৰে বিপদত পৰা সকলোকে বচাবলৈ প্ৰত্যেকটো সময়ত প্ৰস্তুত হৈ থাকে ঠিক তেনে কাহিনীৰ সৈতে আহি আছে এখন অসমীয়া চুপাৰহিৰো’ ছবি। চলিত বৰ্ষতে এক নতুন কনচেপ্টৰ সৈতে এখন নতুন ছবি দেখিবলৈ পাব অসমীয়া দৰ্শকে। বৃহৎ অংক এটাৰে লাভ অৰ্জন নকৰিলেও প্ৰায় প্ৰত্যেকটো ধৰণৰ কাহিনীৰে ছবি নিৰ্মাণ কৰা হৈছে অসমীয়া ছবি জগতখনত।

আহি আছে "AVR: Advik Vs Ray"- এখন অসমীয়া "চুপাৰহিৰো" ছবিঃ 2


নৱাগত পৰিচালক অৰিন্দম শৰ্মাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ নাম হৈছে “AVR: Advik Vs Ray” । এই ছবিখনত অতি কমেও ৬০০ টা ভি.এফ.এক্স শ্বটচ দেখিবলৈ পাব দৰ্শকে। ছবিখনৰ কাহিনী ও চিত্ৰনাট্য হৈছে অৰিন্দম শৰ্মাৰ নিজৰেই। কৃষ্ণা ক্ৰাফ্ট প্ৰডাকচনৰ বেনাৰত এই ছবিখনৰ প্ৰযোজনাৰ দায়িত্বত আছে ব্ৰজেন্দ্ৰ নাথ শৰ্মা। সাধাৰণতে, আমি এখন চুপাৰহিৰো’ ছবিত চুপাৰহিৰো’ জনকেই আটাইতকৈ শক্তিশালী ৰূপত দেখো কিন্তু এই ছবিখনত চুপাৰহিৰো’ জনতকৈ শক্তিবান হ’ব ভিলেইন গৰাকীহে।

আহি আছে "AVR: Advik Vs Ray"- এখন অসমীয়া "চুপাৰহিৰো" ছবিঃ 3


ছবিখনত চুপাৰহিৰো’ চৰিত্ৰটো ৰূপায়ন কৰিছে অৰ্ণৱ আয়ানে আৰু ইয়াৰ বিপৰীতে ভিলেইনৰ চৰিত্ৰটো ৰূপায়ন কৰিছে অজয় বৰ্মনে। ছবিখনত আন এক গুৰুত্বপূৰ্ণ চৰিত্ৰ ৰূপায়ন কৰিছে নৱাগতা নিহা ৰাণী দাসে। অসমীয়া দৰ্শকে “হাই এক্সন” দৃশ্যৰ সোঁৱাদ ল’ব বুলি ক’ব পৰা এই ছবিখনে মুক্তি লাভ কৰিব অক্টোবৰ মাহৰ ২৩ তাৰিখে। ছবিখনৰ চিনেমেটো’গ্ৰাফাৰৰ দায়িত্বত আছে কৈলাশ দুৱৰা।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform