Rupaliparda.com
Quarantine ত ১৪ বছৰীয়া অতীত ৰোমন্থন অংগৰাগ পাপন মহন্তৰঃ 1

Quarantine ত ১৪ বছৰীয়া অতীত ৰোমন্থন অংগৰাগ পাপন মহন্তৰঃ

Quarantine ৰ এই সময়ছোৱাত প্ৰায় সকলো শিল্পীয়ে ব্যস্ততাৰ মাজৰ পৰা ওলায় কিছু সময় নিজ পৰিয়ালৰ সৈতে কটাবলৈ সক্ষম হৈছে। তেওঁলোকে নিতৌ নিজ নিজ ফটো অথবা ঘৰত থকা কিছু ভিডিঅ’ আপলোড কৰি অনুৰাগী ও দৰ্শকক মনোৰঞ্জন কৰোৱাইছে। সেয়া লাগিলে কোনো চিলেব্ৰেটীৰ ফিটনেছ ভিডিঅ’য়েই হওঁক নাইবা কাৰোবাৰ ঘৰত কৰা কামৰ ফটোৱেই নহওঁক কিয়! বিভিন্ন জন শিল্পীয়ে মুঠতে এটাই আহ্বান জনাইছে যে ঘৰতে থাকি সুস্থ থাকক। তেনেতে, ১৪ বছৰীয়া পূৰণি এটা স্মৃতিক আকৌ এবাৰ নিজ ধৰণে নতুন কৰি দৰ্শকৰ কাষ চপালে মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান অংগৰাগ পাপন মহন্তই। ১৪ বছৰ পূৰ্বে “Din Guzrein Woh” শীৰ্ষক গীতটি লিখাৰ উপৰিও কম্পোজ আৰু প্ৰযোজনা কৰি উলিয়াইছিল পাপনে।

https://www.instagram.com/p/B-W-GUKjg9b/?utm_source=ig_web_copy_link


পুনৰ বাৰ আজৰি সময়ত অৰ্থাৎ “লক-ডাউন” ৰ এই সময়ছোৱাত উক্ত গীতটোকেই দৰ্শকৰ মাজলৈ লয় আনিছে কন্ঠশিল্পী গৰাকীয়ে। কন্ঠদান কৰাৰ উপৰিও গীতটিৰ ভিডিঅ’ ৰেকৰ্ড কৰাৰে পৰা আদি কৰি ভিডিঅ’ সম্পাদনা কৰিছে অংগৰাগ পাপন মহন্তই নিজেই। উল্লেখ্য যে,অসমীয়া সংগীত জগতত এটা জনপ্ৰিয় নাম হৈছে অংগৰাগ পাপন মহন্তৰ। তেওঁ কেৱল মাত্ৰ অসমীয়া সংস্কৃতিতেই নহয়; বলীউড ক্ষেত্ৰখনতো নিজৰ নাম উজ্বলাবলৈ সক্ষম হৈছে। তেওঁৰ কন্ঠৰ দ্বাৰা অসমবাসীক ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত গৌৰম্বান্বিতও কৰিছে অংগৰাগে।

Quarantine ত ১৪ বছৰীয়া অতীত ৰোমন্থন অংগৰাগ পাপন মহন্তৰঃ 2


কিছু দিন পূৰ্বে অংগৰাগে ৫০০-৬০০ বছৰ পূৰণি বৰগীতক নিজ কন্ঠৰে পুনৰ বাৰ শ্ৰোতাৰ সমুখলৈ আনিছিল। “বৰগীত ঘোষা সংকলন ১” শীৰ্ষক শ্ৰব্য কেছেট খনৰ দ্বাৰা নৱপ্ৰজন্মক বৰগীতৰ সোঁৱাদ দিবলৈ চেষ্টা কৰিছিল কন্ঠশিল্পী গৰাকীয়ে। ইয়াৰ উপৰিও, হিমাংশু প্ৰসাদ দাসৰ আগন্তুক ছবি “গৰু” ৰ “ধিক্কাৰ এই জীৱন” শীৰ্ষক গীতটিত কন্ঠদান কৰিছে অংগৰাগে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform