Rupaliparda.com
নীলোৎপল বৰাৰ "নতুন টীম" আৰু আচুৰ্য্য বৰপাত্ৰৰ অনুদানঃ গৰ্বিত অসমীয়া- 1

নীলোৎপল বৰাৰ “নতুন টীম” আৰু আচুৰ্য্য বৰপাত্ৰৰ অনুদানঃ গৰ্বিত অসমীয়া-

অসমীয়া শিল্পীৰ নিত্য-নতুন চিন্তাধাৰাই এতিয়া আমনি আঁতৰাইছে দৰ্শকৰ। “লক-ডাউন” ৰ এই আমনিদায়ক সময়ছোৱাত দৰ্শকক নতুন নতুন পৰিকল্পনাৰে সৈতে মনোৰঞ্জন কৰাইছে অসমীয়া শিল্পীয়ে। কোনোৱে ছবি আঁকি নহ’লে কোনোবাই টিক-টকতে কিছু কমেডী ভিডিঅ’ প্ৰস্তুত কৰি দৰ্শকক আমোদ দিয়াইছে। এইখিনিতে, অসমীয়া এগৰাকী জনপ্ৰিয় শিল্পী নীলোৎপল বৰাই আয়োজন কৰিছে এখন নিজাববীয়াকৈ অনলাইন সংগীত প্ৰতিযোগিতা। যিহেতু তেওঁৰ দ্বাৰা কন্ঠদান কৰা গীত সমূহ বহু শিল্পীয়ে গায় অথবা নৃত্য কৰে গতিকে এনে শিল্পী সমূহৰ বাবেই নীলোৎপল বৰাই আয়োজন কৰিছে এই প্ৰতিযোগিতাখনৰ। প্ৰতিযোগিতাখনত অংশগ্ৰহণকাৰীয়ে এটা নিৰ্দ্দিষ্ট “হেছটেগ” গ্ৰহণ কৰিহে ভিডিঅ’ সমূহ পঠিয়াব লাগিব; যিটো হৈছে #MySongYourWay।


নীলোৎপল বৰাৰ ১০ টা গীত ক্ৰমে নিঁয়ৰে আজি, এতিয়াৰ সময়, লাহী-লাহি, মনগীত, উশাহৰ দাম, আৰু লাগেনো কি, আজি সৰু সৰু কথাতে মন ভাগে, তোমালৈ বাটে চাই, ধুমুহাৰ জিৰণি, ঢাগা আৰু পতংগ ইত্যাদি গীতকেইটিত শিল্পী সকলে কন্ঠদান কৰি নহ’লে মুকাভিনয় কৰি অথবা নৃত্য কৰি; যিগৰাকীয়ে যেনেদৰে প্ৰতিভা দেখুৱাব পাৰে তেনেদৰেই নীলোৎপল বৰালৈ ১৪ এপ্ৰিলৰ আগত ভিডিঅ’সমূহ পঠিয়াব লাগিব। প্ৰতিযোগিতাখনত অংশগ্ৰহণকাৰী শিল্পী সমূহৰ মাজৰ পৰা নীলোৎপলে এটা টীম তৈয়াৰ কৰাৰ পৰিকল্পনা কৰিছে। আনহাতে,আন এগৰাকী কন্ঠশিলীয়ে অসম চৰকাৰলৈ আগবঢ়ালে ৩০ হাজাৰ টকাৰ অনুদান। জুবিন গাৰ্গ, যতীন বৰা, আইমী বৰুৱাৰ সমান্তৰালৈ এইবাৰ আচুৰ্য্য বৰপাত্ৰইও চৰকাৰক সহায়ৰ হাত আগবঢ়োৱা দেখিবলৈ পোৱা গ’ল।

নীলোৎপল বৰাৰ "নতুন টীম" আৰু আচুৰ্য্য বৰপাত্ৰৰ অনুদানঃ গৰ্বিত অসমীয়া- 2


অসমীয়া সংগীত ক্ষেত্ৰখনত উক্ত দুয়োগৰাকী কন্ঠশিল্পীৰে নাম উল্লেখনীয়। গীত সমূহৰ জনপ্ৰিয়তাৰ উপৰিও তেওঁলোকৰ অনুৰাগীৰ সংখ্যাও লেখত ল’বলগীয়া। অসমীয়া শ্ৰোতা ও দৰ্শকক সহায়ৰ অৰ্থে যেতিয়া এনেধৰণে শিল্পী সমূহ আগবাঢ়ি অহা দেখিবলৈ পোৱা যায়; এনেক্ষেত্ৰত নিশ্চয়কৈ গৰ্বিত হৈ পৰে প্ৰত্যেকজন অসমীয়া।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform