Rupaliparda.com
পূৰণি ভিডিঅ'কে আপলোড কৰি আমোদ লৈছে বিকি কৌশলেঃ 1

পূৰণি ভিডিঅ’কে আপলোড কৰি আমোদ লৈছে বিকি কৌশলেঃ

“লক-ডাউন” ৰ ফলত দেশত হোৱা বন্ধই এতিয়া জনসাধাৰণৰ লগতে বলীউড চিলেব্ৰেটী সমূহকো আৱদ্ধ কৰি ৰাখিছে ঘৰৰ ভিতৰত। সকলো চিনেমাৰ শ্বুটিং বন্ধ কৰাৰ বাবে বৰ্তমান নিজ পৰিয়াল তথা আপোনজনৰ লগতেই সময় কটাইছে এওঁলোকে। কিছুৱে যদি নিজৰ পূৰণি ফটো আপলোড কৰিছে তাতেই আকৌ কিছুৱে পূৰণি ভিডিঅ’টোকে আপলোড কৰি দৰ্শকক মনোৰঞ্জন কৰোৱাইছে। এইবাৰ এনে এক পূৰণি ভিডিঅ’ আপলোড কৰে বি-টাউনৰ জনপ্ৰিয় অভিনেতা বিকি কৌশলে। তেওঁ পূৰ্বেও নিজ ভাতৃৰ সৈতে শৈশৱৰ এখন ফটো আপলোড কৰি দৰ্শকৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈছিল। ইনষ্টাগ্ৰামত আপলোড কৰা এই “থ্ৰ-বেক” ভিডিঅ’টোত বিকি কৌশলক এটা শিশুৰ সৈতে ধেমালি কৰা দেখিবলৈ পোৱা গৈছে।

https://www.instagram.com/p/B-PN9zOBGAj/?utm_source=ig_web_copy_link
পূৰণি ভিডিঅ'কে আপলোড কৰি আমোদ লৈছে বিকি কৌশলেঃ 2
পূৰণি ভিডিঅ'কে আপলোড কৰি আমোদ লৈছে বিকি কৌশলেঃ 3


উল্লেখ্য যে, অক্ষয় কুমাৰ, ঋত্বিক ৰোশন, কাৰ্তিক আৰিয়ন দৰেই বিকি কৌশলেও এনে বিপদৰ সময়ছোৱাত চৰকাৰলৈ আগবঢ়াইছে এক কোটি টকাৰ অনুদান। কিছুদিন পূৰ্বে এই অভিনেতা গৰাকীক “ভূতঃ পাৰ্ট ৱানঃ ডা হন্টেড শ্বিপ” ত দেখিবলৈ পোৱা গৈছিল। ইয়াৰ লগতে, তেওঁৰ আগন্তুক ছবি “চৰদাৰ উধ্ধম সিং” মুক্তি লাভ কৰিব ২০২১ বৰ্ষৰ ১৫ জানুৱাৰী তাৰিখে। আনহাতে, তেওঁৰ ছবি “তখ্ত” ৰ মুক্তিৰ তাৰিখ এতিয়ালৈ জানিব পৰা হোৱা নাই।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform