বলীউডত যেতিয়াই কোনো কমেডী ছবিৰ নাম লোৱা হয় তেতিয়া এখন ছবিৰ নাম নোলোৱাকৈ আমি ৰৈ যাব নোৱাৰো; সেইখন হৈছে “হেৰা-ফেৰি”। ২০০০ চনত মুক্তিপ্ৰাপ্ত এই ছবিখনে ইতিমধ্যে সম্পূৰ্ণ কৰিলে মুঠ ২০ টা বৰ্ষ। প্ৰিয়দৰ্শনৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনত মূখ্য চৰিত্ৰত অভিনয় কৰিছিল সুনীল চেট্টী, অক্ষয় কুমাৰ আৰু পৰেশ ৰাৱলে। ছবিখন সেইটো সময়ৰ এখন ডাঙৰ হিট ছবি ৰূপে পৰিগণিত হোৱাৰ উপৰিও ই আছিল অক্ষয় কুমাৰৰ প্ৰথমখন কমেডী ছবি। মালায়লম ছবি “ৰামজী ৰাওঁ স্পীকিং” ৰ ৰিমেক ছবি আছিল “হেৰা-ফেৰি”।

এই ছবিখনত ৰম্ভা আৰু অক্ষয় কুমাৰৰ এটি গীত “মুঝসে মিলতি হে” থকা কথা আছিলে যদিও ছবিখন মুক্তি লাভ কৰা পিছত ইয়াত ৰম্ভাও নাছিল লগতে উক্ত গীতটিও নাছিল; গীতটি প্ৰমো’চনৰ সময়ছোৱাতো দেখিবলৈ পোৱা গৈছিল। উল্লেখ্য যে, এই ছবিখনত অভিনেতা-অভিনেত্ৰীৰো সাল-সলনি কৰা হৈছিল। পূৰ্বতে ইয়াত অক্ষয় কুমাৰ, সঞ্জয় দত্ত, পৰেশ ৰাৱল আৰু কৰিশ্মা কাপুৰে অভিনয় কৰাৰ কথা আছিল যদিও পিছলৈ ইয়াৰ সলনি কৰা হয়। সঞ্জয় দত্ত কোৰ্টৰ কিছু কাম-কাজত ব্যস্ত হৈ পৰাৰ ফলত তেওঁ এই ছবিখন কৰিব পৰা নাছিল।

ইয়াৰ লগতে, ছবিখনত কৰীণা কাপুৰেও নিজ চৰিত্ৰটো গুৰুত্বপূৰ্ণ বুলি নভৱাত তেওঁয়ো এই ছবিখন কৰাত অমান্তি হয় আৰু তেওঁৰ এই চৰিত্ৰটো তাবুয়ে ৰূপায়ন কৰে।
Add comment