Rupaliparda.com
এইবাৰ মুখত সংলাপ নহয়; আছে "Mouth Organ" হেঃ ৰবি শৰ্মাৰ নতুন প্ৰতিভা- 1

এইবাৰ মুখত সংলাপ নহয়; আছে “Mouth Organ” হেঃ ৰবি শৰ্মাৰ নতুন প্ৰতিভা-

“লক-ডাউন” ৰ আজি অষ্টমটো দিন। “কভিড-১৯” ৰ আতংকত এতিয়াও ঘৰৰ বাহিৰ ওলাবলৈ সক্ষম হোৱা নাই জনসাধাৰণ। পোন প্ৰথমবাৰৰ বাবে অসমতো ধৰা গ’ল “ক’ৰ’ণা ভাইৰাছ” ত আক্ৰান্ত প্ৰথমজন ব্যক্তি। যেন চাৰিওফালে এক হাঁহাকৰময় পৰিৱেশৰ সৃষ্টি হৈছে। সকলোৱে কেৱল এটাই চিন্তা কৰিছে যে কেনেদৰে সজাগ আৰু সচেতনতা অৱলম্বন কৰি নিজৰ লগতে পৰিয়ালক এই ভাইৰাছবিধৰ আগ্ৰাসনৰ পৰা বচাব পৰা যায়। এনে ক্ষেত্ৰত বহু পৰিমাণে জনসাধাৰণক মানসিক ভাৱে সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসমীয়া শিল্পী সকলো। য’ত জুবিন গাৰ্গ, যতীন বৰা, আচুৰ্য্য বৰপাত্ৰ, আইমী বৰুৱা, গায়ত্ৰী মহন্তই চৰকাৰলৈ অনুদান আগবঢ়াইছে; তেনেক্ষেত্ৰতে আকৌ ৰবি শৰ্মাই চচিয়েল মিডিয়াত লাইভ আহি দৰ্শকৰ সৈতে কিছুসময় অতিবাহিত কৰিছে।

https://www.instagram.com/p/B-ZRebMH0CP/?utm_source=ig_web_copy_link
https://www.instagram.com/p/B-ZzQNUHbM6/?utm_source=ig_web_copy_link


এই লক-ডাউনৰ সময়ছোৱাতে নিজৰ আমনি দূৰ কৰিবলৈ সুপ্ত প্ৰতিভা দৰ্শকৰ আগত দাঙি ধৰাও দেখিবলৈ পোৱা গৈছে একাংশ শিল্পীক। এইখিনিতে,এইবাৰ সুন্দৰ অভিনয়ৰ গৰাকী ৰবি শৰ্মাক দেখিবলৈ পোৱা গ’ল “Mouth Organ ” ৰ সৈতে। অভিনয়ৰ বাহিৰেও শিল্পী গৰাকীৰ এনে প্ৰতিভা দেখি আকৰ্ষিত হৈছে তেওঁৰ অনুৰাগীও। “Mouth Organ ” বজাই এটি গীতত সুৰ ঢালি ইনষ্টাগ্ৰামত আপলোড কৰিছে তেওঁ এক ভিডিঅ’।

এইবাৰ মুখত সংলাপ নহয়; আছে "Mouth Organ" হেঃ ৰবি শৰ্মাৰ নতুন প্ৰতিভা- 2


ইয়াৰ পূৰ্বেও লাইভ আহি অভিনেতা গৰাকীয়ে দৰ্শকৰ সৈতে কিছু সময় কটায় সকলোকে ভিতৰতে থকাৰ আহ্বান জনায়। উল্লেখ্য যে, আগন্তুক বহু প্ৰত্যাশিত ছবি “ৰঘুপতি” ত দেখিবলৈ পোৱা যাব ৰবি শৰ্মাক। ছবিখনক লৈ অসমীয়া দৰ্শকৰ সমানে আশাবাদী শিল্পী গৰাকীও। ছবিখনৰ বিভিন্ন আপডেট ইতিমধ্যে অভিনেতা গৰাকীয়ে চচিয়েল মিডিয়া যোগে দৰ্শকক জনাইছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform