Rupaliparda.com
১৯৬১-৭০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 1

১৯৬১-৭০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ

১৯৬১-৭০ চনলৈ মুঠ ১৫ খন অসমীয়া ছবিয়ে মুক্তি লাভ কৰিছিল। এই দশকটোতে মুক্তি লাভ কৰিছিল অসমীয়া প্ৰথমখন থ্ৰীলাৰ ছবি “ডক্তৰ বেজবৰুৱা”। আনহাতে, এই দশকটোতে ড° ভূপেন হাজৰিকাক এগৰাকী পৰিচালকৰূপে তেওঁৰ প্ৰতিভা পৰিলক্ষিত হৈছিল। ১৯৬১-৭০ দশকটোত মুক্তি পোৱা অসমীয়া ছবিসমূহৰ বিষয়ে জানো চোন আহকঃ

শকুন্তলাঃ

১৯৬১-৭০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 2


প্ৰথম অসমীয়া আংশিক ৰঙীণ ছবিখন হৈছে ড° ভূপেন হাজৰিকা দ্বাৰা পৰিচালিত “শকুন্তলা”। কালিদাসৰ “অভিজ্ঞানম শকুন্তলম” নাটৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখন “ব্লেক এন হোৱাইট” আছিল যদিও ছবিখনত অন্তৰ্ভূক্ত “প্ৰথম প্ৰহৰ ৰাত্ৰি” গীতটি ৰঙীণ ফিল্মত শ্বুটিং কৰা হৈছিল।
১৯৬১ চনত মুক্তি প্ৰাপ্ত এই ছবিখন দুষ্মন্ত-শকুন্তলাৰ প্ৰেমৰ সেই ৰোমাঞ্চক পৌৰাণিক বিষয়টোক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল। নৱম ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবি শিতানত এই ছবিখনে ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰে।“শকুন্তলা” ছবিখনত অভিনয় কৰিছে পবিত্ৰ বৰকটকী, অনিমা গুহ,খগেন মহন্ত,ইভা আচাও, ফণী শৰ্মা আৰু বিদ্যা ৰাওয়ে।

লাচিত বৰফুকনঃ

১৯৬১-৭০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 3


১৯৬১ চনত মুক্তিপ্ৰাপ্ত এখন ছবি হৈছে লাচিত বৰফুকন। অসমীয়া ছবি জগতত বুৰঞ্জীমূলক ছবি নিৰ্মাণৰ এক ধাৰা আৰম্ভ কৰা হৈছিল। ১ লাখ ২৫ হাজাৰ টকীয়া বাজেটেৰে নিৰ্মিত এই ছবিখনৰ বেছিভাগ অংশই কলিকতাৰ টেকনিচিয়ান ষ্টুডিঅ’ত শ্বুটিং কৰা হৈছিল লগতে ইয়াৰ বৰ্হিদৃশ্য গ্ৰহণ কৰা হৈছিল কামাখ্যা, বশিষ্ঠাশ্ৰম, ব্ৰহ্মপুত্ৰ আৰু কলংপাৰত। ভাষা আন্দোলনৰ সময়ছোৱাত এই ছবিখনৰ আধা কাম মাজতে ৰখাই দিয়া হয়। ন’ মাহ ধৰি ছবিখনৰ নিৰ্মাণৰ কাম বন্ধ হৈ থাকে। লাচিত বৰফুকনৰ বীৰত্ব আৰু দেশপ্ৰেমৰ কাহিনীক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছিল ছবি “লাচিত বৰফুকন”।
“লাচিত বৰফুকন” ছবিখনত অভিনয় কৰিছিল সৰ্বেশ্বৰ চক্ৰৱৰ্তী, ফণী শৰ্মা,সুৰেন্দ্ৰনাথ দাস, শৰৎচন্দ্ৰ বৰুৱা, জীৱেশ্বৰ চক্ৰৱৰ্তী, প্ৰবীণ ফুকন, ক্ষীএদাকান্ত বিষয়া, তুলসী দাস, লক্ষ্যধৰ চৌধুৰী, অমেলন্দু বাগ্‌চী, মোৱাজ্জিন আলি, হীৰেণ চৌধুৰী, ইভা আচাও,বীণা দাস, কুমাৰী কৃষ্ণা, ৰেণু বৰঠাকুৰ, হেমেন বৰুৱা, যোগেন বৰকাকতী, মায়া তামুলী, কনক দাস, পীৰবক্স, হৰেন দাস, দীন শৰ্মা, গজেন দাস, কৰুণা মহন্ত, বীৰেশ্বৰ শৰ্মা আৰু সূৰ্য বৰাই।

নৰকাসুৰঃ

১৯৬১-৭০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 4

শিৱ ভট্টাচাৰ্য্যৰ কাহিনীৰে তথা নিপ বৰুৱাৰ পৰিচালনাৰে নিৰ্মিত “নৰকাসুৰ” ছবিখন মুক্তি লাভ কৰিছিল ১৯৬২ চনত ৬ এপ্ৰিল তাৰিখে। ভাস্কৰ চিত্ৰকলাৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনত অভিনয় কৰিছিল ফণী শৰ্মা, ইভা আচাও, জ্ঞানদা কাকতি আৰু বীণা দাসে। ছবিখনত সংগীত পৰিচালক আছিল ব্ৰজেন বৰুৱা আৰু চিনেমেটোগ্ৰাফী কৰিছিল নলীন দেউৰাই।

ইটো সিটো বহুতোঃ

১৯৬১-৭০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 5


১৯৬৩ চনত মুক্তিপ্ৰাপ্ত হাস্যৰসৰ এখন অসমীয়া ছবি হৈছে “ইটো-সিটো বহুতো”। পৰিচালনাৰ লগতে ছবিখনৰ চিত্ৰনাট্য, সংলাপ আছিল ব্ৰজেন বৰুৱাৰ লগতে ইয়াৰ প্ৰযোজনা আছিল জোনপ্ৰভা বৰুৱানীৰ।
পিতৃ আৰু পুত্ৰৰ কাহিনীৰে নিৰ্মাণ কৰা হৈছে এই ছবিখন। পিতৃৰ কথা পাহৰাৰ সুযোগ বুজি পুত্ৰই মাহেকত দুবাৰকৈ হাত খৰচ বিচাৰি চহৰত হাঁহি-স্ফূৰ্তিৰে জীৱন কটায়। কিন্তু “এশ গৰু মাৰিলে বাঘৰো মৰণ”; গতিকে এদিন হঠাৎ বাপেক আহি পুতেকৰ ভাৰাঘৰ পাইহি আৰু সকলো কথাৰ উমান পায়। ইয়াৰ পিছত এটা হাতুৰীয়ে কেনেদৰে সকলো কথাৰ সমাধান উলিয়ায় তাকেই দেখুওৱা হৈছে “ইটো-সিটো বহুতো” ছবিখনত। ছবিখনত অভিনয় কৰিছে ফণী শৰ্মা, ব্ৰজেন বৰুৱা, মোৱাজ্জিন আলী, গিৰিন বৰুৱা,প্ৰবীণ বৰা, সুতপা মজুমদাৰ, সাধনা ৰায়চৌধুৰী, কৰুণা গোস্বামী, অমৰেন্দ্ৰ ঠাকুৰ আৰু সমেৰন শইকীয়াই।

মাটিৰ স্বৰ্গঃ

১৯৬১-৭০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 6


১৯৬৩ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “মাটিৰ স্বৰ্গ”। অনিল ভূঞাৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছিল গিৰিশ চৌধুৰী আৰু অনিল চৌধুৰীয়ে। লগতে, ছবিখনৰ কাহিনী তথা চিত্ৰনাট্যও লিখিছিল গিৰিশ চৌধুৰীয়ে।
ছবিখনত এখন গৃহস্থৰ অভাৱ-অভিযোগৰ লগতে আন এখন গৃহস্থৰ লাস-বিলাসকো দেখুওৱা হৈছে। কিন্তু, উক্ত দুয়োখন গৃহস্থই যেতিয়া নিজ নিজ দুখ-কষ্ট সহিবলগীয়া হয় তেতিয়া কোনে কি ইয়াৰ উপায় উলিয়াব পাৰে তাকেই দেখুওৱা হৈছে এই ছবিখনত। টকা-পইচাৰ অভাৱত এখন গৃহস্থই পেটত গামোচা মাৰিবলগীয়া পৰিস্থিতি হয়; আনহাতে আকৌ টকাৰে ভৰপূৰ আন এটা পৰিয়ালে এক অচিন অন্তঃদন্দ্বত ভুগি থকা দেখুওৱা হৈছে এই ছবিখনত। “মাটিৰ স্বৰ্গ” ছবিখনত অভিনয় কৰিছে প্ৰসন্ন গোস্বামী, গিৰিশ চৌধুৰী, মাখন দেৱান, মোৱাজ্জিন আলি, সৰ্বেশ্বৰ দত্ত, বিমল নাথ, ভুৱনেশ্বৰ বুজবৰুৱা, ধীৰাজ দাস, গণেশ শৰ্মা আৰু আতাউৰ ৰহমানে।

তেজীমলাঃ

১৯৬১-৭০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 7


১৯৬৩ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া নাৰীকেন্দ্ৰিক ছবি হৈছে “তেজীমলা”। লক্ষ্মীনাথ বেজবৰুৱাৰ একে নামৰ সাধুৰ আধাৰত নিৰ্মাণ হোৱা এই ছবিখনৰ পৰিচালনা কৰিছিল আনোৱাৰ হুছেইনে। সাধুৰ আধাৰত নিৰ্মাণ কৰা হৈছিল যদিও এই ছবিখন বাস্তৱধৰ্মী কৰি তুলিবলৈ ইয়াৰ কাহিনীৰ সালসলনি কৰা হৈছিল। ছবিখনৰ নিৰ্মাতা আনোৱাৰে ২২ বছৰ বয়সৰে ছবি পৰিচালনাৰ কামত হাত দিছিল আৰু ক্ৰমান্বয়ে তেওঁ ৬ খন অসমীয়া ছবি নিৰ্মাণ কৰিছিল। আনোৱাৰ হুছেইনৰ প্ৰায় ছবিয়ে আছিল নাৰীকেন্দ্ৰিক।
“টাইমচ অৱ ইণ্ডিয়াৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত পৰিচালকগৰাকীয়ে কৈছিল:-
নাৰীয়ে হ’ল মানৱ সমাজৰ মূল শক্তি। আমোদৰ বাদেও চলচ্চিত্ৰৰ সামাজিক বৈষম্য সম্পৰ্কে সচেতনা বঢ়োৱাৰো দায়িত্ব আছে। সেয়ে মই সদায় নাৰী সম্পৰ্কীয় বিষয় আৰু নাৰীৰ বাবে প্ৰয়োজনীয় বিষয়ৰ ওপৰত দৃষ্টিনিবদ্ধ কৰিবলৈ চেষ্টা কৰো। সৰাপাত ধনী পুৰুষৰ দ্বাৰা এজনী দুখীয়া নাৰীক নিৰ্যাতন সম্পৰ্কীয় কাহিনীৰ, নতুন পৃথিৱী বিধৱা বিবাহৰ আধাৰত নিৰ্মাণ কৰা হৈছিল। মানুহৰ মনত কিবা এটা প্ৰভাৱ পেলাবলৈ চেষ্টা কৰো। বেজবৰুৱাৰ কাহিনীৰে তৈয়াৰী মোৰ ছবি তেজীমলা নাৰী-কেন্দ্ৰিক ছবি। পাপ আৰু প্ৰায়শ্চিত্ত আৰু শ্ৰী শ্ৰী মা কামাখ্যাতো নাৰী চৰিত্ৰই গুৰুত্ব পাইছে।” (সংগৃহীত)
“তেজীমলা” ছবিখনে দশম ৰাষ্ট্ৰীয় চলচিত্ৰ বঁটাৰ অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত “চাৰ্টিফিকেট অৱ মেৰিট” লাভ কৰিছিল।

মণিৰান দেৱানঃ

১৯৬১-৭০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 8

অসমীয়া ছবিৰ ধাৰাত এক কালত বুৰঞ্জীমূলক ছবি নিৰ্মাণৰ এক ঢৌ উঠিছিল। একেধাৰে কেইবাখনো বুৰঞ্জীমূলক ছবিয়ে মুক্তি লাভ কৰিছিল ৬০-৭০ দশকৰ সময়ছোৱাত। এনে বুৰঞ্জীমূলক ছবিৰ ভিতৰত অন্যতম ছবিখন হৈছে “মণিৰাম দেৱান”। বেণুধৰ শৰ্মাৰ “মণিৰাম দেৱান” গ্ৰন্থ তথা নাট্যকাৰ প্ৰবীণ ফুকনৰ “মণিৰাম দেৱান” নাটকৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মিত এই ছবিখন পৰিচালনাৰ লগতে কাহিনী, চিত্ৰনাট্য আছিল সৰ্বেশ্বৰ কাকতিৰ। গুৱাহাটী, শিৱসাগৰ আৰু ছিলঙত ছবিখনৰ বৰ্হি দৃশ্যগ্ৰহণ হোৱাৰ লগতে কলিকতাৰ “ইন্দ্ৰপুৰী ষ্টুডিঅ” ত অন্তঃদৃশ্যগ্ৰহণৰ কাম কৰা হৈছিল। “মণিৰাম দেৱান” শীৰ্ষক ছবিখনে সেইটো সময়তে লাভ কৰিছিল মুঠ ২,০৫,০০০ হাজাৰ টকা। ১৯৬৪ মুক্তিপ্ৰাপ্ত এই ছবিখনক অসমৰ চাৰিটা চিত্ৰগৃহত মুক্তি দিয়া হৈছিল ক্ৰমে, ৰূপায়ন (গুৱাহাটী), শংকৰ (যোৰহাট), ৰূপালীম (শিৱসাগৰ) আৰু জয়শ্ৰী (নগাঁও) ত। ৰাষ্ট্ৰপতিৰ ৰূপৰ পদক লাভ কৰা এই ছবিখনৰ মূখ্য অৰ্থাৎ “মণিৰাম দেৱান” ৰ চৰিত্ৰত অভিনয় কৰিছিল ফণী শৰ্মাই। ইয়াৰ লগতে, পবিত্ৰ বৰকাকতি, উৎপল দত্ত আৰু ইভা আচাওয়ে “মণিৰাম দেৱান” ত অভিনয় কৰে।

প্ৰতিধ্বনিঃ

১৯৬১-৭০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 9


খাচী লোকগাঁঠাৰ ভেঁটিত নিৰ্মিত এখন অসমীয়া ছবি হৈছে “প্ৰতিধ্বনি”। সংগীতেৰে পৰিপূৰ্ণ এই ছবিখনৰ পৰিচালনা,প্ৰযোজনা লগতে সংগীত আছিল ড° ভূপেন হাজৰিকাৰ। খাচী ভাষাৰ “KAA SWA RAATI” নামত “প্ৰতিধ্বনি” ছবিখনক ডাব কৰি বাণিজ্যিকভাবে ছবিখন মুকলি কৰি দিয়া হৈছিল।খাচী পাহাৰৰ এটা জনপ্ৰিয় লোকগাঁঠাৰ ওপৰত কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছে “প্ৰতিধ্বনি” ৰ কাহিনীভাগ। খাচী সকলৰ ৰাণীয়ে এজন সাধাৰণ ঘাতমাউৰা যুৱকক ভাল পোৱাৰ পৰিণতিত দুই গৰাকী কেনেদৰে নিঃশেষ হৈ যাবলগীয়া হয় তাকেই দেখুওৱা হৈছে এই ছবিখনত।
১২ তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা অনুষ্ঠানত অসমীয়া ভাষাৰ শ্ৰেষ্ঠ ছবিৰ শিতানত ৰূপৰ পদক লাভ কৰাৰ উপৰিও ছবিখনে সেইটো সময়ৰ শ্ৰেষ্ঠ ১০০ খন ভাৰতীয় চিনেমাৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। “প্ৰতিধ্বনি” ছবিখনত অভিনয় কৰিছে পবিত্ৰ বৰকটকী, ইভা আচাও, বিষ্ণু ৰাভা, ফণী শৰ্মা, কৃষ্ণ দাস, কমল চৌধুৰী, মঘাই ওজা, বিদ্যা ৰাও আৰু স্বাগতা চক্ৰৱৰ্তীয়ে।

লটিঘটিঃ

১৯৬১-৭০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 10

১৯৬৬ চনত মুক্তিপ্ৰাপ্ত এই ছবিখন আছিল ড° ভূপেন হাজৰিকা পৰিচালিত এখন হাস্য-ব্যংগ ছবি। ছবিখনৰ পোষ্টাৰত কেপছন আছিল “হাঁহি হাঁহি ভাবিব পৰা ছবি”। ইয়াত অভিনয় কৰিছিল বিজয় শংকৰ, বিদ্যা ৰাও, কুলদা ভট্টাচাৰ্য, ৰত্ন ওজা, হৰিনাৰায়ণ দাস, জ্যোতিষ ভট্টাচাৰ্য, জহৰ ৰয়, নিৰুপতি চেটাৰ্জী আৰু বেবি গুপ্তাই।

মৰম তৃষ্ণাঃ

আব্দুল মজিদৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখন মুক্তি লাভ কৰিছিল ১৯৬৮ চনত। ইয়াত সংগীত পৰিচালক ৰূপে আছিল বিবেকানন্দ ভট্টাচাৰ্য্য। ইয়াত অভিনয় কৰিছিল দিনেশ দাস, ৰোহিনী বৰুৱা, তাৰা আৰু ৰেখা বৰাই।

ভাগ্যঃ

১৯৬১-৭০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 11

১৯৬৮ চনৰ ১২ এপ্ৰিলত মুক্তিপ্ৰাপ্ত “ভাগ্য” আছিল প্ৰথম অসমীয়া “ডাব” ছবি। এ.সালামৰ পৰিচালনাৰে তথা তাঁৰাচাদ বৰজাতিয়াৰ প্ৰযোজনাৰে নিৰ্মিত এই ছবিখনত অসমীয়া সংগীত অন্তৰ্ভূক্ত কৰিছিল ড° ভূপেন হাজৰিকাই। “নৱ নৱ বহাগ আহে” শীৰ্ষক গীতটি বৰ্তমানেও শ্ৰোতাৰ মাজত জনপ্ৰিয়। ইয়াত অভিনয় কৰিছিল ভাৰত ভূষণ, চালিনী, ফাৰিডা জালাল, জনি ৱাকাৰ আৰু কমল কাপুৰে। লগতে, ইয়াৰ ডাবিং আৰ্টিষ্টৰ দায়িত্বত আছিল কুলাদা ভট্টাচাৰ্য্য, প্ৰফুল্ল বৰুৱা, পুলক গগৈ, ৰেণু গগৈ, ভূপেন হাজৰিকা, জয়ন্ত হাজৰিকা আৰু ৰত্ন ওজা।

সংগ্ৰামঃ

১৯৬১-৭০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 12


১৯৬৮ চনত মুক্তিপ্ৰাপ্ত এখন অসমীয়া ছবি হৈছে “সংগ্ৰাম”। অমৰ পাঠকৰ কাহিনী, চিত্ৰনাট্য,সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত এই ছবিখনত বিধৱা আৰু দৰিদ্ৰ মাতৃ তথা পুতেক ৰঞ্জিতৰ সংগ্ৰামৰ কাহিনী দেখুওৱা হৈছে। বানপানী আৰু গৰাখনীয়াৰ দ্বাৰা হোৱা অপকাৰ তথা আভিজাত্যৰ ৰঙীণ পৃথিৱীৰ মাজত হেৰাই ৰঞ্জিতে তেওঁৰ প্ৰেয়সীৰ আবেদনকো যেতিয়া উপেক্ষা কৰে তেতিয়া তেওঁৰ প্ৰেয়সীয়ে ওলোটাই অপকাৰ কৰাৰ কথা চিন্তা কৰে।
পিছলৈ ৰঞ্জিতে প্ৰেয়সীৰ পিতৃৰ তাতেই চাকৰি পাই যদিও স্বাৰ্থপৰ কিছুলোকৰ চকু লাগি ৰঞ্জিতৰ সকলো আশা চুৰমাৰ হৈ পৰিছিল। ৰঞ্জিতৰ সংগ্ৰামেৰে নিৰ্মিত এই ছবিখন তেতিয়াৰ এখন সফল ছবি বুলি ক’ব পৰা যায়।ছবিখনত অভিনয় কৰিছে বিদ্যা ৰাও, নিপন গোস্বামী, প্ৰদীপ ভূঞা, ৰাজেন
দাস, শ্যামলী চেটাৰ্জী, জোনালী দুৱৰা, ৰজনী গুপ্তা, পূণ্য দাস, কল্যাণ চেটাৰ্জী, আব্দুল হক চৌধুৰী, গিৰিশ দাস, তিলক দুৱৰা আৰু প্ৰতিভা দাসে

চিকমিক বিজুলীঃ

১৯৬১-৭০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 13


১৯৬৯ চনত মুক্তিপ্ৰাপ্ত ড° ভূপেন হাজৰিকাৰ অন্যতম এখন সংগীতৰ ছবি আছিল “চিকমিক বিজুলী”। পৰিচালনাৰ লগতে ছবিখনৰ কাহিনী, চিত্ৰনাট্যৰ আঁৰতো আছিল ড° ভূপেন হাজৰিকা। ছবিখন প্ৰযোজনা কৰিছিল ৰাজশ্ৰী (তাৰাচান্দ বৰজাতা) ৰ কামৰূপ চিত্ৰই।
নাৰী কেন্দ্ৰিক এই ছবিখনৰ মূল চৰিত্ৰ “বিজুলী” ক কেন্দ্ৰ কৰি ঘূৰিছিল ছবিখনৰ কাহিনীভাগ। তথা কথিত ভদ্ৰ লোকৰ অভদ্ৰ আচৰণৰ নগ্ন ছবি উদঙাই দিয়া হৈছিল ছবিখনত জৰিয়তে। উল্লেখ্য যে, “চিকমিক বিজুলী” ত কেইবাখনো হিন্দী চলচিত্ৰ ত অভিনীত শিল্পীয়ে অভিনয় কৰিছিল।ছবিখনৰ বিভিন্ন চৰিত্ৰ ৰূপায়ন কৰিছিল বিদ্যা ৰাও, বিজয় শংকৰ, তচদ্দূক ইউচুফ, কুলদা কুমাৰ ভট্টাচাৰ্য, দোষ্ট হবিবৰ ৰহমান আৰু প্ৰশান্ত বৰুৱাই। উল্লেখ্য যে, ড° ভূপেন হাজৰিকাই এই ছবিখন গ্ৰন্থ আকাৰে প্ৰকাশ কৰি উলিয়াইছিল।

ডক্তৰ বেজবৰুৱাঃ

১৯৬১-৭০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 14


১৯৬৯ চনত মুক্তিপ্ৰাপ্ত প্ৰথমখন অসমীয়া থ্ৰীলাৰ ছবি হৈছে “ডক্তৰ বেজবৰুৱা”। ব্ৰজেন বৰুৱাৰ দ্বাৰা পৰিচালিত তথা ৰংঘৰ চিনে প্ৰডাকছনৰ বেনাৰত নিৰ্মিত উক্ত ছবিখন অসমীয়া চলচিত্ৰ জগতৰ জনপ্ৰিয় অভিনেতা নিপন গোস্বামীৰ নায়কৰ চৰিত্ৰত ডেবিউ ছবি হোৱাৰ লগতে জনপ্ৰিয় কন্ঠশিল্পী দ্বীপেন বৰুৱাইও “ডক্তৰ বেজবৰুৱা” ৰ পৰাই নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল।
অসমীয়া বাণিজ্যিক ছবিৰ ধাৰা মুকলি কৰা ছবি “ডক্তৰ বেজবৰুৱা” ই ১৯৭০ চনত লাভ কৰিছিল শ্ৰেষ্ঠ আঞ্চলিক ছবিৰ ৰাষ্ট্ৰীয় বঁটা । ছবিখনত থকা কিছু টুইষ্টে ছবিখন আৰু অধিক মনোগ্ৰাহী কৰি তুলিছিল। “ডক্তৰ বেজবৰুৱা” ৰ চৰিত্ৰটোক কেন্দ্ৰ কৰিয়ে ছবিখন ঘূৰি আছে। ডাক্তৰৰ বেশত অইন বদমাছ লোক “পৰম হাজৰিকা” ই ছদ্মৱেশ ধৰি বেয়া কামত লিপ্ত হয়। ইয়াৰ উপৰিও “ডক্তৰ বেজবৰুৱা” ত সংযোজিত কাহিনীভাগত ৰোমাঞ্চকৰ কিছু ঘটনাৰ সৈতে দৰ্শকক আকৰ্ষিত কৰিবলৈ চেষ্টা কৰা হৈছে।ছবিখনত অভিনয় কৰিছে ব্ৰজেন বৰুৱা, নিপন গোস্বামী, প্ৰতিভা ঠাকুৰ আৰু ৰেণু শইকীয়াই। ছবিখনত সংযোজিত প্ৰত্যেকটা গীতেই দৰ্শকৰ মনত আজিও বিৰাজমান।

অপৰাজেয়ঃ

১৯৬১-৭০ চনলৈ মুক্তিপ্ৰাপ্ত অসমীয়া ছবিৰ তালিকাঃ 15


১৯৭০ চনত মুক্তিপ্ৰাপ্ত এখন জনপ্ৰিয় অসমীয়া ছবি হৈছে “অপৰাজেয়”। ফণী তালুকদাৰ, অতুল বৰদলৈ, মুনিন বায়ন আৰু গৌৰী বৰ্মন আদি চাৰি গৰাকী পৰিচালকৰ দ্বাৰা পৰিচালিত এই ছবিখনত হিন্দী ছবিৰ জনপ্ৰিয় অভিনেত্ৰী ৰাখীয়ে মূখ্য চৰিত্ৰত অভিনয় কৰিছিল। ফণী তালুকদাৰৰ কাহিনী আৰু অতুল বৰদলৈৰ চিত্ৰনাট্যৰে নিৰ্মিত এই ছবিখনৰ এটি গীতত কন্ঠদান কৰিছিল লতা মংগেশকাৰে।
নাওঁ খেলক কেন্দ্ৰ কৰি নিৰ্মিত এইখনেই হৈছে প্ৰথম অসমীয়া ছবি। উক্ত ছবিখনৰ কিছু অন্তঃদৃশ্যগ্ৰহণৰ কাম মুম্বাইৰ শ্ৰী ছাউণ্ড ষ্টুডিঅ’ত কৰা হৈছিল। ছবিখনত থকা এটি গীতত হিন্দী ছবিৰ নৃত্যশিল্পী লক্ষ্মীছায়াই নৃত্য প্ৰদৰ্শন কৰি দৰ্শকক আকৰ্ষিত কৰিছিল। “অপৰাজেয়” ৰ শ্বুটিঙৰ বাবে ৰাখী অসমৰ বৰপেটালৈ আহিছিল।ৰাখীৰ বাহিৰে এই ছবিখনত অভিনয় কৰিছে প্ৰশান্ত হাজৰিকা, পৰাগ শলিহা, বিৰজা দাস, ৰমণী বৰ্মণ, পূণ্য দাস, লক্ষ্মীছায়া, অনুৰাধা দাস, প্ৰসন্নলাল চৌধুৰী, ৰাজেন দাস, মাধৱ পাঠক, দামোদৰ দাস,কমল বায়ন আৰু গোবৰ্দ্ধন দাসে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform