ষ্টাৰ কিড অনন্যা পাণ্ডে নিজ অভিনয় কেৰিয়াৰ আৰম্ভ কৰিছিল ধৰ্মা প্ৰডাকচনৰ পৰা। কৰণ জোহৰৰ ছবি “ষ্টুডেন্ট অৱ দা ইয়েৰ” ত থকা অনন্যাৰ অভিনয়ৰ প্ৰশংসা কৰাও দেখিবলৈ পোৱা গৈছিল বহুজনক। উক্ত ছবিখন অভিনেত্ৰী গৰাকীৰ বাবে প্ৰথম প্ৰজেক্ট আছিল যদিও ইয়াৰ পূৰ্বেও তেওঁ বলীউডৰ ছবিৰ বাবে অডিশ্বন দিবলৈ গৈছিল। ২০০৯ ত মুক্তিপ্ৰাপ্ত ছবি “আলাদিন” ৰ বাবে অডিশ্বন দিবলৈ গৈছিল অভিনেত্ৰী গৰাকীয়ে। কিছু সময় পূৰ্বে তেওঁ এই বিষয়ে নিজেই কথা পাতে চচিয়েল মিডিয়াত। তেওঁক যেতিয়া তেওঁৰ প্ৰথমটো অডিশ্বনৰ বিষয়ৰ সোধা হৈছিল তেতিয়া তেওঁ কৈছিল যে “মোৰ এতিয়াও মনত আছে “আলাদিন” ছবিখনৰ বাবে বহুলোকে অডিশ্বন দিছিল আৰু তেনেকৈয়ে মইয়ো গৈছিলো।”

ৰঙা সাজেৰে অডিশ্বন দিবলৈ যোৱা অনন্যাক দিয়া হৈছিল অডিশ্বনত জেচমিনৰ সংলাপ ক’বলৈ। আকৌ অভিনেত্ৰী গৰাকীয়ে কয় যে, “মোৰ অডিশ্বন ভাল গৈছিল যদিও তেওঁলোকে মোক গান গোৱাৰ কথা সুধিছিল; আৰু যেতিয়াই মই গান গোৱাৰ কথা শুনো মই ভয় খাই যাওঁ। এনেদৰে ভাবি থাকোতেই মোক তেওঁলোকে আঁতৰাই দিয়ে।” ইয়াৰ লগতে তেওঁ এতিয়াও যে ছবিসমূহত কাম পাবলৈ অ’ডিশ্বন দিবলৈ যায় সেই কথা ভিডিঅ’যোগে ব্যক্ত কৰে। অনন্যাক আগন্তুক সময়ত প্ৰত্যাশিত কেইবাখনো ছবিত দৰ্শকে দেখিবলৈ পাব।
উল্লেখ্য যে, বিগত সময়ছোৱাত, অনন্যাই “ডেট” কৰা নাছিল যদিও তেওঁৰ সৈতে অভিনেতা কাৰ্তিক আৰিয়নক দেখিবলৈ পাইছিল দৰ্শকে। কিন্তু এতিয়া আন এক খবৰহে চৰ্চা লাভ কৰিছে দৰ্শকৰ মাজত। বৰ্তমান প্ৰায় সময়ত একেলগে দেখা পোৱা যায় অনন্যা পাণ্ডে আৰু ঈশান খট্টৰক। ইয়াৰ উপৰিও অভিনেতা ঈশান অনন্যাক লৈ কিছু কিছু সময়ত “ৰক্ষক” হৈ পৰাও দেখিবলৈ পোৱা গৈছিল। ঈশানৰ এই সকলোবোৰ ব্যৱহাৰৰ আঁত ধৰিয়ে বৰ্তমান দুয়ো তাৰকাই “ডেট” কৰা কথাষাৰ দৰ্শকৰ বাবে গ্ৰহণযোগ্য হৈ পৰিছে। আহিবলগীয়া “খালী পীলী” ত ঈশান-অনন্যাক একেলগে দেখিবলৈ পোৱা যাব। ছবিখনৰ ইতিমধ্যে মুকলি কৰা হৈছে ফাৰ্ষ্ট লুক পোষ্টাৰ; য’ত তেওঁলোকৰ দুয়োৰে কেমেষ্ট্ৰীয়ে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিছে।
Add comment