“লক-ডাউন” ৰ সময়ছোৱাত দেশৰ প্ৰত্যেকজন নাগৰিক বৰ্তমান ঘৰৰ ভিতৰত। কি সাধাৰণ জন; কি চিলেব্ৰেটী! প্ৰত্যেকেই নিজক বচাবলৈ যেন চেষ্টা অব্যাহত ৰাখিছে। এনে সময়তে চিলেব্ৰেটীসমূহ প্ৰায় একটিভ হৈ পৰিছে চচিয়েল মিডিয়াত; প্ৰায় একোটা পোষ্ট আপলোড কৰি দৰ্শকক মনোৰঞ্জন কৰোৱাৰ লগতে ব্যস্ত ৰখাৰো চেষ্টা কৰে এওঁলোকে। এনে চিলেব্ৰেটীসমূহৰ ভিতৰত উল্লেখযোগ্য এগৰাকী হৈছে কাৰ্তিক আৰিয়ন। এই অভিনেতা গৰাকীয়ে কোৱাৰেন্টিনৰ এই সময়ভাগত ঘৰত থাকি বাচন ধোৱাৰে পৰা আদি কৰি কেক বনোৱালৈ প্ৰত্যেকটো কামতেই হাত দিছে। তেওঁৰ বিভিন্ন ফটো ও ভিডিঅ’ ভাইৰেলো হৈ পৰিছে চচিয়েল মিডিয়াত।
কিন্তু, “লক-ডাউন” সমাপ্তিৰ পিছত দৰ্শকে দেখিবলৈ পাব বৃদ্ধ কাৰ্তিক আৰিয়নকহে। অভিনেতা গৰাকীয়ে নিজেই তেওঁৰ বৃদ্ধ ফটো আপলোড কৰি কয় যে, “লক-ডাউন” ৰ সময়ছোৱাত বুঢ়া হ’লো; আহক “বাগৱান” ছবিখনৰ ৰিমেক প্ৰস্তুত কৰো। লগতে সহঃ অভিনেত্ৰীৰ বাবে যিসকল ইচ্ছুক মোলৈ প্ৰেৰণ কৰক।” উল্লেখ্য যে উক্ত জনপ্ৰিয় ছবিখনত মূখ্য চৰিত্ৰ ৰূপায়ন কৰিছিল বিগ বি অমিতাভ বচ্চন আৰু হেমা মালিনীয়ে। কাৰ্তিক আৰিয়নৰ এনে আপডেটৰ পিছত তেওঁলৈ বিভিন্ন বি-টাউন তাৰকাই সঁহাৰি জনায়। জান্হৱী, ভূমি পেডনেকাৰে তেওঁলোকৰ প্ৰফাইল সমূহ চোৱাৰো আহ্বান জনায় কাৰ্তিক আৰিয়নক।

এই খিনিতে, আপোনালোকক জনাই থওঁ যে অক্ষয় কুমাৰ, বৰুণ ধৱন, অজয় দেৱগণ, শ্বাহৰুখ খান আদিৰ দৰেই কাৰ্তিক আৰিয়ানেও এনে বিপদৰ সময়ত এক কোটি অনুদান PM CARES FUND লৈ আগবঢ়ায়।
Add comment