Rupaliparda.com
"Iphone" ৰে শ্বুটিং কৰিম বুলি উৎসাহতেই কৈছিলো যদিও পিছলৈ প্ৰত্যাহ্বান বোৰ আহিছিল"- কুলনন্দিনী মহন্ত 1

“Iphone” ৰে শ্বুটিং কৰিম বুলি উৎসাহতেই কৈছিলো যদিও পিছলৈ প্ৰত্যাহ্বান বোৰ আহিছিল”- কুলনন্দিনী মহন্ত

আগন্তুক অসমীয়া ছবিসমূহৰ খবৰে আছলতে অসমীয়া চলচিত্ৰ প্ৰেমী প্ৰত্যেকজন জনসাধাৰণক উৎসাহিত কৰি তোলে। তাৰে ভিতৰত যদি কোনো এখন ছবিৰ সৈতে ভাস্কৰ হাজৰিকা জড়িত হৈ থাকে; তেন্তে আৰু কথাই নাই। কিন্তু, এইবাৰ ভাস্কৰ হাজৰিকা নহয়; ভাস্কৰ হাজৰিকাৰ কাহিনী আৰুব প্ৰযোজনাৰে নিৰ্মিত এখন ছবিৰ পৰিচালনাৰ দায়িত্বত আছে তেওঁৰেই এগৰাকী ছাত্ৰী ও নৱাগতা কুলনন্দিনী মহন্ত। অসমীয়া চুটি ছবি ও ছবিত এইগৰাকী পৰিচালকে চিনেমেটো’গ্ৰাফাৰ তথা পৰিচালনা টীমৰ সক্ৰিয় অংশীদাৰ ৰূপে কাম কৰিছিল যদিও আহিবলগীয়া ছবি “এমুঠি পুঠি” খন হৈছে তেওঁৰ পৰিচালনাৰে নিৰ্মিত প্ৰথমখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি। এটা মাত্ৰ “Iphone” ব্যৱহাৰেৰে নিৰ্মিত এইখনেই হৈছে প্ৰথম অসমীয়া ছবি; গতিকে এনেক্ষেত্ৰত এগৰাকী পৰিচালকৰ কষ্ট আৰু দৃঢ়তা আপোনালোকে নিশ্চয় অনুভৱ কৰিব পাৰিছে।

"Iphone" ৰে শ্বুটিং কৰিম বুলি উৎসাহতেই কৈছিলো যদিও পিছলৈ প্ৰত্যাহ্বান বোৰ আহিছিল"- কুলনন্দিনী মহন্ত 2


ৰূপালীপৰ্দাৰ দেওঁবৰীয়া বিশেষত আজি আমি এক্সক্লুচিভলি লৈ আনিছো এই গৰাকী পৰিচালক কুলনন্দিনীক। “এমুঠি পুঠি” ৰ বাহিৰেও তেওঁৰ বিষয়ে জানো আহক তেওঁৰ মুখৰ পৰাই কিছু কথাঃ

প্ৰশ্নঃ ভাস্কৰ হাজৰিকা অসমীয়া ছবি ক্ষেত্ৰখনৰ আটাইতকৈ জনপ্ৰিয় নাম। তেওঁৰ সৈতে “এমুঠি পুঠি” ত কাম কৰাৰ অনুভৱ জানিব বিচাৰিছো।

"Iphone" ৰে শ্বুটিং কৰিম বুলি উৎসাহতেই কৈছিলো যদিও পিছলৈ প্ৰত্যাহ্বান বোৰ আহিছিল"- কুলনন্দিনী মহন্ত 3

কুলনন্দিনীঃ ভাস্কৰ দাৰ সৈতে মই প্ৰায় তিনিবছৰ মানৰ পৰাই জড়িত। তেওঁৰ লগত মোৰ প্ৰথমটো প্ৰজেক্ট এখন চুটি ছবিৰ আছিল; ছবিখনৰ নাম হৈছে “বিকি-ৰিকি”। ইয়াত মই চিনেমেটো’গ্ৰাফাৰৰ দায়িত্বত আছিলো; যিহেতু এইখন চৰ্ট ফিল্ম, গতিকে চলিত বৰ্ষত নহ’লে অহা বৰ্ষটোত হয়টো ই মুক্তি লাভ কৰিব। এয়া আছিল মোৰ ভাস্কৰ দাৰ সৈতে কৰা প্ৰথমটো প্ৰজেক্ট।
ইয়াৰ পিছত মই তেওঁৰ ছবি “আমিষ” ত এগৰাকী সহকাৰী চিনেমেটো’গ্ৰাফাৰ ৰূপে কাম কৰিছো। কিন্তু, এইবাৰ এগৰাকী পৰিচালক ৰূপে তেওঁৰ সৈতে কাম কৰিবলৈ পাই মই কিবা এটা ব্যতিক্ৰম অনুভৱ কৰাটো নিশ্চিত। পূৰ্বতে যদিও চিনেমেটো’গ্ৰাফাৰ, স্ক্ৰীপ্ট ৰাইটাৰ নাইবা পৰিচালনা টীমত থাকি মই তেওঁৰ সৈতে কাম কৰিছো তথাপিও মূখ্য পৰিচালক ৰূপে তেওঁৰ নিচিনা এগৰাকী ব্যক্তিৰ সৈতে কাম কৰাটো মোৰেই সোভাগ্য। ক’বলৈ গ’লে, ভাস্কৰ দাক যদি তুমি প্ৰথম লগ পোৱা তেনেহ’লে তুমি ভাৱিবা যে মানুহজন ইমান শান্ত; কথাই নকয় কিন্তু তেওঁৰ লগত
যেতিয়া কাম কৰিবলৈ যায় তেতিয়াহে সকলোৱে বুজিব পাৰে যে তেওঁ কিমান গভীৰ ভাৱে চিন্তা কৰিব পাৰে। গতিকে, তেওঁৰ সৈতে কাম কৰিব ভাল লাগে। জনা এজন ব্যক্তি লগতে তেওঁ মানুহক ভুলবোৰ শুধৰাই আগুৱাই যোৱাত বৰ সহায় কৰে। তেওঁ ভুলবোৰ দেখুৱাই দিয়াৰ বাবেই হয়টো মই আগবাঢ়িব পাৰিছো নিচিনা মোৰ অনু্ভৱ হয়।

প্ৰশ্নঃ জানিব পৰা মতে, এটা “I phone” ৰ দ্বাৰা ছবিখনৰ শ্বুটিং কৰা হৈছে। এটা ফোনেৰে এখন ছবিৰ দৃশ্যগ্ৰহণত অসুবিধা হোৱা নাছিলনে?

"Iphone" ৰে শ্বুটিং কৰিম বুলি উৎসাহতেই কৈছিলো যদিও পিছলৈ প্ৰত্যাহ্বান বোৰ আহিছিল"- কুলনন্দিনী মহন্ত 4

কুলনন্দিনীঃ এটা “I phone” ব্যৱহাৰ কৰি এখন পূৰ্ণদৈৰ্ঘ্যৰ ছবি নিৰ্মাণ কৰা এখন সৰু-সুৰা যুদ্ধৰ নিচিনাই আছিল বুলি ক’ব লাগিব। প্ৰথমতেটো আমি “I phone” ত শ্বুট কৰিম বুলি উৎসাহতে কয় দিছিলো কিন্তু তাৰ পিছতেই প্ৰত্যাহ্বান বোৰ আগবাঢ়ি আহিছিল। সাধাৰণতে, এখন ছবি শ্বুটিঙত ব্যৱহাৰ কৰা সচৰাচৰ কেমেৰাবোৰৰ দ্বাৰা আমি “কম লাইট” তে দৃশ্যগ্ৰহণ কৰিব পাৰো কিন্তু এটা “I phone” ৰ ক্ষেত্ৰত সেই সুবিধা খিনি নাছিল কাৰণ ফোনটোৰ ইমান সহনশক্তি নাই, যিমান এটা ডিজিটেল কেমেৰাৰ থাকে গতিকে আমি বেছি পোহৰ ব্যৱহাৰ কৰিবলগীয়া হৈছিল। আমি পূৰণা দিনলৈ উভতি যোৱা নিচিনাই হৈছিল; পূৰণি দিনত যেনেদৰে এখন ছবিৰ শ্বুটিং কৰা হয় ঠিক তেনেদৰে। তথাপিও, অৱশেষত আমি আমাৰ ছবি সম্পূৰ্ণ কৰিলো আৰু আমি আটাইবোৰ সুখী যে “I phone” ব্যৱহাৰ কৰি নিৰ্মাণ হোৱা এইখনেই প্ৰথম অসমীয়া ছবি।

প্ৰশ্নঃ আপোনাৰ এইটো পৰিচালকৰূপে প্ৰথমটো প্ৰজেক্টনে পূৰ্বতেও আৰু কিবা প্ৰজেক্টৰ সৈতে জড়িত আছিল?

"Iphone" ৰে শ্বুটিং কৰিম বুলি উৎসাহতেই কৈছিলো যদিও পিছলৈ প্ৰত্যাহ্বান বোৰ আহিছিল"- কুলনন্দিনী মহন্ত 5

কুলনন্দিনীঃ প্ৰথমটো প্ৰশ্নৰ উত্তৰটোতেই আছলতে এইটো প্ৰশ্নৰ উত্তৰ দিছিলো। এতিয়ালৈ ভাস্কৰ দাৰ লগতেই মই দুটা ডাঙৰ প্ৰজেক্ট কৰিছো; প্ৰথমটো হ’ল চুটি ছবি “বিকি ৰিকি” আৰু দ্বিতীয়টো মোৰ প্ৰজেক্ট আছিল “আমিষ” ছবিখনৰ সহঃ চিনেমেটো’গ্ৰাফাৰ ৰূপে কাম কৰা। ইয়াৰ লগতে, মই অসমত সৰু-সুৰাকৈ বিভিন্ন কামৰ সৈতে জড়িত হৈছিলো অভিজ্ঞতাৰ বাবে। অসমীয়া গান, ভিডিঅ’বোৰত মই কাম কৰিছো আগতেও।

প্ৰশ্নঃ “এমুঠি পুঠি” য়ে ৰাইজৰ সমাদৰ লাভ কৰিব বুলি আপুনি কিমান আশাবাদী?

"Iphone" ৰে শ্বুটিং কৰিম বুলি উৎসাহতেই কৈছিলো যদিও পিছলৈ প্ৰত্যাহ্বান বোৰ আহিছিল"- কুলনন্দিনী মহন্ত 6

কুলনন্দিনীঃ লগাতকৈ অধিক দৃঢ়প্ৰতিজ্ঞ নাই হোৱা যদিও “এমুঠি পুঠি” ছবিখনক লৈ মই আশাবাদী। কিয়নো এনে এখন মিঠা সুঁহুতীয়া ছবিয়ে নিশ্চয়কৈ দৰ্শকক আকৰ্ষিত কৰিব। ছবিখনৰ কাহিনীভাগৰ সৈতে আছলতে দৰ্শকে সংযোগ স্থাপন কৰিব পাৰিব। মই যেতিয়া প্ৰথম পঢ়িছিলো কাহিনীটো; মই নিজেই ৰিলেট কৰিছিলো ইয়াৰ লগত। অত্যাধিক কিবা এটা কমেডী কৰি দৰ্শকক হাঁহিবলৈ বাধ্য কৰোৱা নহ’ব ইয়াত; বৰ্তমান সময়ছোৱাত কিছু কাহিনীৰ ভিত্তিত নিৰ্মাণ কৰা হোৱা বাবে ছবিখন চাই দৰ্শকে নিজেই হাঁহিব লগতে সংযোগ স্থাপন কৰিব পাৰিব। বহু কষ্টৰে আমি সকলোৱে ছবিখন নিৰ্মাণ কৰিছো; গতিকে আশা কৰিছো ৰাইজেও যাতে আকোঁৱালি লয়।

প্ৰশ্নঃ “কভিড১৯” ক লৈ আপুনি দৰ্শকক কি ক’ব খুজিব?

"Iphone" ৰে শ্বুটিং কৰিম বুলি উৎসাহতেই কৈছিলো যদিও পিছলৈ প্ৰত্যাহ্বান বোৰ আহিছিল"- কুলনন্দিনী মহন্ত 7

কুলনন্দিনীঃ মই “কভিড ১৯” ৰ বিষয়ে ক’ব খোজা নাই কাৰণ প্ৰত্যেকজন ব্যক্তিয়ে বৰ্তমান নিউজ তথা বাতৰি কাকত খনটো পঢ়িছেই; গতিকে এই বাতৰি সমূহত জনসাধাৰণক যিখিনি সজাগ আৰু সচেতন হোৱাৰ আহ্বান জনাইছে সেইখিনি যাতে তেওঁলোকে নিজেই কৰে। অকল শুনি পেলাই থ’লেই নহ’ব। ইয়াৰ লগতে ক’ব খুজিম যে, যিসকলে পূজা পাতল বা গুৰুক ধ্যান কৰি ভালপায়; তেওঁলোকে যাতে নিজ গৃহতেই এইবোৰ কৰ৩ কাৰণ ভগৱান আৰু অদৃশ্য শক্তি বোৰ আমাৰ আশে-পাশেই আছে। ইয়াৰ বাবে ক’লৈকো যোৱাৰ প্ৰয়োজন নাই।

……ধন্যবাদ বা। আপোনাৰ এই ছবিখনৰ বাবে বহুত শুভকামনা।

কুলনন্দিনীঃ ধন্যবাদ

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform