Rupaliparda.com
অসম চৰকাৰলৈ এক লাখ টকাৰ অনুদান পৰিচালক ৰীমা দাসৰঃ 1

অসম চৰকাৰলৈ এক লাখ টকাৰ অনুদান পৰিচালক ৰীমা দাসৰঃ

“অসম আৰোগ্য নিধি” লৈ পৰিচালক ৰীমা দাসে এক লাখ টকাৰ অনুদান আগবঢ়ায়। “কভিড ১৯” অৰ্থাৎ “ক’ৰ’ণা ভাইৰাছ” ৰ দৰে এই মহামাৰীবিধৰ বাবে হোৱা ২১ দিনীয়া “লক-ডাউন” ত অসমৰ অৰ্থনৈতিক লোকচানৰ ফলত চৰকাৰে বিভিন্ন জনৰ পৰা সহায় বিচাৰিছিল। সাধাৰণ জনৰ লগতে এতিয়া চৰকাৰক অনুদান আগবঢ়াইছে বিভিন্ন অসমীয়া পৰিচালক-অভিনেতা/ অভিনেত্ৰীয়ে। বিভিন্ন জন শিল্পীয়ে চচিয়েল মিডিয়া যোগে সাধাৰণজনক সজাগ-সচেতন হোৱাৰ আহ্বান জনোৱাৰ উপৰিও লোকখিনিক আৰ্থিকভাৱে সহায় কৰিবলৈ বিগত সময়ছোৱাত আগবাঢ়ি আহিছিল জুবিন গাৰ্গ, যতীন বৰা, আইমী বৰুৱা, আচুৰ্য্য বৰপাত্ৰ, শ্যামন্তিকা শৰ্মা লগতে তনভী শৰ্মা। এই তালিকাখনত বৰ্তমান নিজ নাম অন্তৰ্ভূক্ত কৰিছে পৰিচালক ৰীমা দাসে।

অসম চৰকাৰলৈ এক লাখ টকাৰ অনুদান পৰিচালক ৰীমা দাসৰঃ 2


“বুলবুল কেন চিং” আৰু “ভিলেইজ ৰকষ্টাৰ” দৰে একোখন ব্যতিক্ৰমী ছবিৰ অধিকাৰী ৰীমা দাস আছলতে সমগ্ৰ অসমৰ বাবেই গৌৰৱ। ঘৰুৱা দৰ্শকৰ সঁহাৰি লাভ কৰা পূৰ্বেই তেওঁৰ উক্ত দুয়োখন ছবি জিলিকিছিল ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত। “ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল অৱ মেলৱ’ৰ্ন” ত ৰীমা দাসৰ “বুলবুল কেন ছিং” ছবিখনে লাভ কৰিছিল শ্ৰেষ্ঠ ভাৰতীয় ছবিৰ সন্মান।

অসম চৰকাৰলৈ এক লাখ টকাৰ অনুদান পৰিচালক ৰীমা দাসৰঃ 3


উল্লেখ্য যে, কিছুদিন পূৰ্বে বাৰ্লিনত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ সমাৰোহত জুৰী সদস্য ৰূপে আমন্ত্ৰিত কৰা হৈছিল অসম জীয়ৰী ৰীমা দাসক। ৭০ সংখ্যক বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় ফিল্ম ফেষ্টিভেলত জুৰী হিচাপে আমন্ত্ৰণ লাভ কৰাত পৰিচালক ৰীমা দাসৰ লগতে উৎসাহিত হৈ পৰিছিল অসমবাসীও।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.