Rupaliparda.com
বাৰম্বাৰ ট্ৰোলৰ সন্মুখীন বিগ বি অমিতাভ বচ্চনঃ 1

বাৰম্বাৰ ট্ৰোলৰ সন্মুখীন বিগ বি অমিতাভ বচ্চনঃ

“কভিড ১৯” ৰ ভুল তথ্য টুইট কৰি বাৰে বাৰে সমালোচনাৰ সন্মুখীন হৈছে বিগ বি অমিতাভ বচ্চন। চচিয়েল মিডিয়াত প্ৰায়ে একটিভ এই গৰাকী অভিনেতাক ক’ৰ’ণা ভাইৰাছক উদ্দেশ্যি বিভিন্ন তথ্য টুইট কৰা দেখিবলৈ পোৱা যায়। এইবাৰ তেওঁ টুইট কৰি কয় যে “কভিড ১৯” ৰ চিকিৎসা বাবে হোমিঅ’পেথি আগবাঢ়ি অহাৰ প্ৰয়োজন। তেওঁৰ এনে পোষ্টৰ পিছতেই এতিয়া বিভিন্ন প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে সচেতন মহলত। ইয়াৰ পূৰ্বেও অভিনেতা গৰাকীয়ে ভুল তথ্য লৈ কৰা দুটা পোষ্টৰ ফলত তেওঁ ট্ৰোল হয় আৰু অৱশেষত পোষ্ট দুটা ডিলিট কৰিবলৈ তেওঁ বাধ্য হৈ পৰে।

বাৰম্বাৰ ট্ৰোলৰ সন্মুখীন বিগ বি অমিতাভ বচ্চনঃ 2


উল্লেখ্য যে, বিশ্বজুৰি হোৱা এই মহামাৰীৰ বৰ্তমানলৈ কোনো প্ৰতিষেধক উলিয়াব পৰা নাই চিকিৎসক ও বিজ্ঞানীয়ে। দিনে কেইবাগৰাকীকৈ লোক এই মহামাৰীৰ আগ্ৰাসনত সোমাই পৰা দেখিবলৈ পোৱা গৈছে গতিকে এনেক্ষেত্ৰত অভিনেতা অমিতাভ বচ্চনে হোমিঅ’পেথি চিকিৎসাৰ প্ৰশংসা কৰাত জনসাধাৰণৰ মাজত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে। ইয়াৰ উপৰিও অমিতাভে কয় যে, “কভিড ১৯” ৰ চিকিৎসাৰ বাবে যদি হোমিঅ’পেথি আগবাঢ়ি আহে তেতিয়াহ’লে ইয়াত প্ৰতিষেধক বিচাৰি পোৱাটো নিশ্চিত। অমিতাভৰ উক্ত পোষ্টটো একাংশই ভাল নোপোৱা ফলত ইয়াক ডিলিট কৰিবলৈ অভিনেতাগৰাকী বাধ্য হয়।

বাৰম্বাৰ ট্ৰোলৰ সন্মুখীন বিগ বি অমিতাভ বচ্চনঃ 3


২২ মাৰ্চৰ দিনা যেতিয়া প্ৰধানমন্ত্ৰীয়ে সকলোকে হাত চাপৰি অথবা কাঁহী বজাবলৈ আহ্বান জনাইছিল তেতিয়া তেওঁ এটা পোষ্ট কৰে য’ত তেওঁ লিখে যে ২২ মাৰ্চৰ দিনা সকলোৰে কাঁহী অথবা হাঁত চাপৰিৰ প্ৰতিধ্বনিত ক’ৰ’ণা ভাইৰাচ মৰি যাব। আনহাতে, তেওঁ আন এটা পোষ্ট কৰি কয় যে, মাখিৰ পৰাও ক’ৰ’ণা ভাইৰাছ বিয়পিব পাৰে। উক্ত দুয়োটা তথ্য WHO য়ে অমান্য কৰাত তেওঁ পোষ্ট দুটা ডিলিট কৰে।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.