বৰ্তমান সকলো সময়তে চৰ্চিত বিষয়টো হৈছে “কভিড ১৯”। কিন্তু কোৱা হয় নহয়; কথা কয় গৈ থাকিলে ই ক্ৰমাৎ বাঢ়ি বাঢ়ি কোনখিনি পাইগৈ ধৰিবই নোৱাৰি। “কভিড ১৯”ৱ বিষয়টো চৰ্চা কৰি সজাগ-সচেতনতাৰ বাহিৰে যিহেতু অইন কোনো উপায় উলিয়াব নোৱাৰো গতিকে ইয়াক অত্যাধিক সময় দিয়াৰ প্ৰয়োজনো আছলতে নাই। এইখিনি সময়ত, জনসাধাৰণৰ গধুৰ মনবোৰ পাতলাবলৈ মনোৰঞ্জন প্ৰয়োজন। একাংশই প্ৰায়ে প্ৰশ্ন কৰে যে; আজিৰ নৱ প্ৰজন্মই কি কৰিছে! কিন্তু সঁচা অৰ্থত ক’বলৈ গ’লে বৰ্তমান সময়ত নৱপ্ৰজন্মই সাংস্কৃতিক ক্ষেত্ৰকে আদি কৰি বিজ্ঞানৰ জগত খনলৈ বিভিন্ন প্ৰশংসনীয় কাম কৰিছে। সাংস্কৃতিক ক্ষেত্ৰত ক্ৰমশঃ শ্ৰোতা ও দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰা এনে এগৰাকী কন্ঠশিল্পী হৈছে দেৱৰাজ বৰা। তেজপুৰত তেওঁ “দেৱৰাজ” নামেৰেই পৰিচিত।
সংগীত ক্ষেত্ৰখনত মূৰ গুজিবলৈ অহাটো আছলতে ভাতৰ লগত পানী খোৱা বিধৰ নহয়; ইয়াৰ বাবে লাগিব শ্ৰম,সাধনা আৰু পৰিকল্পনা। তেজপুৰৰ বিশিষ্ট শাস্ত্ৰীয় সংগীতৰ গুৰু প্ৰয়াত পূণ্যব্ৰত দেৱগোস্বামীৰ তাত সংগীতৰ শিক্ষা গ্ৰহণ কৰিছিল দেৱৰাজে। সংগীতৰ লগতে বিভিন্ন বাদ্য যন্ত্ৰ যেনে তবলা, বাঁহী, দোতোৰা, ঢোল, কী ব’ৰ্ড আদিও বজাব জানে উক্ত কন্ঠশিল্পী গৰাকীয়ে। বিগত বৰ্ষত চাৰি বছৰীয়া পৰিকল্পনাৰ অন্তত এই গৰাকী কন্ঠশিল্পীয়ে প্ৰস্তুত কৰি উলিয়াইছিল কেইটিমান গীত ক্ৰমে আবেলি আবেলি, বলীয়া নদী, সোণালী আৰু হিন্দী গীত “তেৰেহি বাত মে।” উক্ত আটাইকেইটা গীতত কন্ঠদান কৰাৰ উপৰিও সুৰ আৰু ৰচনা আছিল তেওঁৰ নিজৰেই।
তেওঁৰ গীতসমূহৰ পৰিচালনাৰ দায়িত্বত আছিল মুম্বাইত জনপ্ৰিয় হৈ উঠা দুগৰাকী অসম সন্তান মৃন্ময় শৰ্মা আৰু পৰাণ বৰকটকী। দেৱৰাজৰ গীতসমূহত দৰ্শকে ভাৰতৰ শাস্ত্ৰীয় সংগীতৰ লগতে অসমীয়া থলুৱা সুৰৰ অনুভৱ কৰিব পৰাৰ ফলত তেওঁৰ গীত সমূহ শ্ৰোতাৰ বাবে উপভোগ্য হৈ উঠে। এই গৰাকী কন্ঠশিল্পীৰ আগন্তুক সংগীতময় যাত্ৰাৰ সফলতা আশা কৰি দেৱৰাজলৈ ৰূপালীপৰ্দাৰ ফালৰ পৰা জনাইছো অশেষ শুভকামনা।
Add comment