Rupaliparda.com
সোনাক্ষীৰ জীৱ প্ৰেমঃ 1

সোনাক্ষীৰ জীৱ প্ৰেমঃ

সমগ্ৰ বিশ্ব “কভিড ১৯” ৰ আগ্ৰাসনত আতংকিত হৈ পৰিছে। ভাৰতবৰ্ষত বৰ্তমান ৰোগীৰ সংখ্যা বৃদ্ধি হৈ পাইছেগৈ ৫ হাজাৰতকৈ ওপৰত। এনে ক্ষেত্ৰত, বহুতেই য’ত হাতে হাত ধৰি আগবাঢ়িছে তাতেই আকৌ একাংশই ভুৱা বাতৰি প্ৰচাৰ কৰি জনসাধাৰণক ভ্ৰমিত কৰা দেখিবলৈ পোৱা গৈছে। চচিয়েল মিডিয়াত বিভিন্ন জনে কৈছে যে পোহনীয়া জীৱ-জন্তু ৰাখিলে তেওঁলোকৰ পৰা “ক’ৰ’ণা ভাইৰাছ” হোৱাৰ আশংকা থাকে আৰু এই বাতৰি প্ৰচাৰৰ পিছতেই কিছুলোকে নিজৰ পোহনীয়া জন্তুবোৰ বাহিৰত এৰি দিয়ে। এনে মানুহবোৰৰ ওপৰত বৰ্তমান সোনাক্ষী সিন্হাই ক্ষোভ প্ৰকাশ কৰি চচিয়েল মিডিয়া যোগে বাৰ্তা প্ৰেৰণ কৰে। সোণাক্ষী সিনহাই এক পোষ্ট যোগে এনে লোকক “মূৰ্খ” আখ্যা দিয়াৰ লগতে নিজৰ পোহনীয়া জন্তুক এৰি দিয়া লোক সকলৰ অজ্ঞানতা ও অমানৱীতাৰ আলোচনা কৰে।

সোনাক্ষীৰ জীৱ প্ৰেমঃ 2


তেওঁ কয় যে, “মই শুনিছো আপোনালোকৰ কোনোৱে পোহনীয়া জন্তুবোৰ এৰি দিছে কাৰণ এওঁলোকৰ পৰা “ক’ৰ’ণা ভাইৰাছ” সংক্ৰমিত হয় বুলি আপোনালোকে শুনিছে। গতিকে, আপোনালোকৰ ওচৰত মোৰ এটা খবৰ আছে; আপোনালোকে যদি কিবা এৰিব লাগে, সেইটো হৈছে আপোনালোকৰ অজ্ঞানতা আৰু অমানৱীয়তাহে”। ছলমান খানৰ সৈতে “ডবংগ” ছবিখনৰ দ্বাৰা বলীউড ক্ষেত্ৰখনত খোজ পেলোৱা সোণাক্ষী সিন্হাই তেওঁৰ প্ৰথমখন ছবিতেই লাভ কৰিছিল ফিল্মফেয়াৰ এৱাৰ্ড। শেহতীয়াকৈ তেওঁক “খাণ্ডানী ছাফাখানা” ছবিখনত দেখিবলৈ পোৱা গৈছিল; ছবিখনৰ বস্ক অফিচ কালেকচন ভাল নহ’লেও তাত থকা কাহিনীয়ে দৰ্শকৰ প্ৰশংসা লাভ কৰিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.