Rupaliparda.com
ৰাজস্থানী গায়কৰ চৰিত্ৰৰ বাবে শ্বাহৰুখ খানৰ হৈছিল ভীষণ কষ্টঃ 1

ৰাজস্থানী গায়কৰ চৰিত্ৰৰ বাবে শ্বাহৰুখ খানৰ হৈছিল ভীষণ কষ্টঃ

বলীউড ক্ষেত্ৰখনত শ্বাহৰুখ খানৰ এক বিশেষ স্থান আছে। বিগত কেইখন মান ছবিৰ বিফলতাইও কিং খানৰ স্থিতিক আঁতৰাব পৰা নাই। আপোনালোকৰ যদি মনত নাই, তেন্তে জনাওঁ যে; কিং খানে এখন “চাহত” নামে ছবিতো অভিনয় কৰিছিল যিখন তেওঁৰ অসফল ছবিৰ মাজৰেই এখন। এই ছবিখনত তেওঁৰ বিপৰীতে অভিনয় কৰিছিল পূজা ভাটে। ছবিখন সেইটো সময়ত শ্বাহৰুখ খানৰ অভিনয় জীৱনৰ অসফল ছবি আছিল যদিও ছবিখনত থকা চৰিত্ৰটোৰ বাবে বহু কষ্ট কৰিছিল অভিনেতা গৰাকীয়ে। “চাহত” ত কিং খানে এগৰাকী ৰাজস্থানী গায়কৰ চৰিত্ৰ ৰূপায়ন কৰিছিল; কিং খান এনেও এজন গায়ক নহয় গতিকে এনেক্ষেত্ৰত এগৰাকী ৰাজস্থান গায়কৰ চৰিত্ৰ দৰ্শকৰ মাজলৈ লৈ অহাটো তেওঁৰ বাবেই কষ্টকৰ আছিল।

ৰাজস্থানী গায়কৰ চৰিত্ৰৰ বাবে শ্বাহৰুখ খানৰ হৈছিল ভীষণ কষ্টঃ 2
ৰাজস্থানী গায়কৰ চৰিত্ৰৰ বাবে শ্বাহৰুখ খানৰ হৈছিল ভীষণ কষ্টঃ 3


শ্বাহৰুখ খানে নিজেই এক সাক্ষাৎকাৰ যোগে কয় যে, “প্ৰথমতে, মই “চাহত” ত এজন ৰাজস্থানী গায়কৰ দৰেই দেখিব লাগিছিল; যাৰ বাবে মই সাংঘাতিক কষ্ট কৰিছিলো। ইয়াৰ পিছত মই কৰিঅ’গ্ৰাফাৰ সৰোজ খানৰ সৈতে ঘণ্টা ঘণ্টা বহি কটাই প্ৰেকটিছ কৰিছিলো। এই প্ৰেকটিছ কৰা বাবেই এনে হৈছিল যে মই যেতিয়াই ফিল্ম ছেটত গৈছিলো তেতিয়াই মই মোৰ চৰিত্ৰটোৰ বাবে প্ৰস্তুত হৈছিলো।”

ৰাজস্থানী গায়কৰ চৰিত্ৰৰ বাবে শ্বাহৰুখ খানৰ হৈছিল ভীষণ কষ্টঃ 4


১৯৬৫ চনত জন্মগ্ৰহণ কৰা শ্বাহৰুখ খানে ৰোমাণ্টিক কাহিনীকে ধৰি একচন থ্ৰীলাৰলৈ প্ৰায় ৭২ খন ছবিত অভিনয় কৰিছে। ২০০৫ চনত ভাৰত চৰকাৰে “পদ্মশ্ৰী” বঁটাৰে সন্মানিত কৰা শ্বাহৰুখ খানে “দীৱানা” ছবিখনৰ পৰা ছবি ক্ষেত্ৰখনত খোজ দিয়ে। মন কৰিবলগীয়া যে, শ্বাহৰুখ খান অভিনীত প্ৰায় ১১ খন ছবিয়ে ১০০ কোটি টকীয়া বস্ক অফিচ কালেকচন কৰিবলৈ সক্ষম হয়। ১৯৯৪ চনৰ পৰা ২০১১ লৈ তেওঁক ৮ বাৰকৈ শ্বাহৰুখ খানক ফিল্মফেয়াৰত সৰ্বশ্ৰেষ্ঠ অভিনেতাৰ পুৰষ্কাৰ লাভ কৰে।

Add comment

Leave a Reply