“লক-ডাউন” ৰ সময়ত বহু চিলেব্ৰেটীয়ে অসহায় জনক সহায় কৰা দেখিবলৈ পোৱা গৈছে। বিগত দিনত বিগ বছ ১৩ ত অন্তৰ্ভূক্ত প্ৰতিযোগী পাৰস ছাৱৰা তথা মাহিৰা শৰ্মাই লগ হৈ অসহায় জনক সহায় কৰিবলৈ আগবাঢ়ে। কিন্তু তেওঁলোকৰ এনে সহায়ক আওঁকাণ কৰি জয় ভানুশালীয়ে পাৰস-মাহিৰাৰ এই পদক্ষেপক “PR Stunt” আখ্যা দিয়ে। জয় ভানুশালীৰ এনে কথাক প্ৰত্যুত্তৰ দিবলৈ এতিয়া আগবাঢ়ি আহিছে মাহিৰা শৰ্মা। স্পটবয়ৰ ৰিপোৰ্টনুসৰি, মাহিৰাৰ বাবে অসহায় জনক সহায় কৰাটো এইটোৱে দেখুৱাই যে তেওঁৰ সহানুভূতি আছে। লগতে, মাহিৰাই কয় যে, “মোৰ এনে লোকৰ প্ৰতিও সহানূভূতি আছে; যিয়ে বৰ্তমান সময়ত নিজৰ তথা পৰিয়ালক সহায় কৰিব পৰা নাই। চচিয়েল মিডিয়াত থাকি অইনক সমালোচনা কৰা নাইবা বেলেগে কৰা কামক প্ৰশ্ন কৰা অত্যন্ত সহজ; ইয়াত এটাই মাত্ৰ টান হয় বাহিৰলৈ ওলাই আহি অসহায়ক খাদ্য প্ৰদান কৰাটো।”
ইয়াৰ উপৰিও মাহিৰাই চচিয়েল মিডিয়াক ধেমালি ভিডিঅ’ প্ৰস্তুত কৰি অইনক হহুঁৱাবলৈ যে ব্যৱহাৰ নকৰে সেই কথা স্পষ্ট কৰি দিয়াৰ লগতে কয় যে বৰ্তমান পৰিস্থিতি ধেমালি কৰা নহয়; চচিয়েল মিডিয়াক অইন লোকক উৎসাহিত কৰিবলৈহে তেওঁ ব্যৱহাৰ কৰে। মাহিৰা আৰু পাৰসে কৰা সহায়-সাৰথিৰ এটি ভিডিঅ’ ইনষ্টাগ্ৰাম যোগে আপলোড কৰিছিল মাহিৰাই। তেওঁ ভিডিঅ’টো যোগেৰে কৈ দিয়ে যে তেওঁলোকে কোনোধৰণে লোক সমূহক দেখুৱাবলে এই কাম কৰা নাই তাৰ পৰিৱৰ্তে তেওঁলোকে এই কাম কৰিছে নিজ মনৰ পৰাহে।

মাহিৰা-পাৰসৰ এই ভিডিঅ’ৰ পিছতেই জয় ভানুশালীয়ে কয় যে, “যদিহে কোনোৱে অসহায় জনক সহায় কৰিবলৈ আগবাঢ়িব বিচাৰে তেনেহ’লে তেওঁলোকে নিজৰ ফোনসমূহ ঘৰতেই থৈ যাব কিয়নো অসহায় লোক সমূহে কেমেৰা দেখিলে অপ্ৰস্তুত হৈ পৰে।”
Add comment