“কভিড ১৯” ৰ বাবে সময়খিনি আমনিদায়ক হ’লেও কিন্তু বৰ্তমান কিছু চচিয়েল মিডিয়া পেজে আৰম্ভ কৰা অনলাইন প্ৰতিযোগিতাই সাধাৰণজনক নিজ প্ৰতিভা দেখুওৱাৰ সুযোগ প্ৰদান কৰিছে। ভাওঁনাৰ সংলাপ প্ৰতিযোগিতা, বিহু নৃত্য প্ৰতিযোগিতাকে আৰম্ভ কৰি সংগীত প্ৰতিযোগিতা ইত্যাদি অনলাইন যোগে অনুষ্ঠিত কৰি কিছু চচিয়েল মিডিয়া পেজে নৱপ্ৰজন্মৰ যুৱক-যুৱতী সমূহৰ প্ৰতিভা বিকাশ কৰাত সহায় কৰিছে। এনে এক প্ৰতিযোগিতা আৰম্ভ কৰিছে “গানৰ দিন” নামে ফেচবুক পেজটিয়ে। কন্ঠশিল্পী দিগন্ত ভাৰতীৰ এই পেজখনত অন্তৰ্ভূক্ত তেওঁৰ ছাত্ৰ-ছাত্ৰীৰ দ্বাৰা আয়োজিত এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ প্ৰতিযোগিতায়ে যিকোনো অসমীয়া গানৰ স্থায়ী বা অন্তৰা এটা গাব লাগিব।

প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিবলৈ বিচৰা প্ৰতিযোগিয়ে তেওঁলোকৰ গীতসমূহ নিজৰ ফেচবুক প্ৰফাইলতে আপলোড কৰি টেগ কৰিব লাগিব “গানৰ দিন” নামৰ উক্ত পেজটোক। উল্লেখ্য যে, গীতসমূহ গাবলৈ প্ৰতিযোগিয়ে কোনো ধৰণৰ বাদ্যযন্ত্ৰ ব্যৱহাৰ কৰিব নোৱাৰিব। ১৩ বছৰ আৰু ইয়াৰ উৰ্দ্ধৰ প্ৰতিযোগিয়ে কোনো ধৰণৰ মিউজিক এপৰ ব্যৱহাৰ নকৰি এই গীতসমূহ আপলোড কৰিব লাগিব অহা ১৪ এপ্ৰিলৰ ভিতৰত। ইতিমধ্যে পেজটোত বিভিন্ন প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰা দেখিবলৈ পোৱা গৈছে। এই প্ৰতিযোগিতাখনৰ প্ৰথম অৱস্থাত বিচাৰ কৰি উলিওৱা হ’ব মুঠ ৮ জন প্ৰতিযোগিক আৰু এওঁলোকৰ ভিতৰত যিগৰাকীয়ে চুড়ান্ত শিতানত নিৰ্বাচিত হ’ব তেওঁক বিনামূলীয়াকৈ প্ৰদান কৰা হ’ব গান গোৱাৰ সুবিধা।

আপোনালোকক জনাই থওঁ যে, চলিত বৰ্ষত দিগন্ত ভাৰতীয়ে সম্পূৰ্ণ কৰিলে তেওঁৰ সংগীত জীৱনৰ মুঠ ৩০ টা বৰ্ষ। সেই উপলক্ষে, বিগত ৯ জানুৱাৰী তাৰিখে গুৱাহাটীস্থিত ৰাজ্যিক পুথিভঁৰালত অনুষ্ঠিত কৰা হৈছিল “গানৰ দিন” শীৰ্ষক এক সংগীতানুষ্ঠানৰ। উক্ত অনুষ্ঠানত জুবিন গাৰ্গকে আদি কৰি উপস্থিত আছিল নৱপ্ৰজন্মৰ কেইবাগৰাকীও শিল্পী, কলা-কুশলী।
Add comment