Rupaliparda.com
ব'ল্ডনেছক আঁতৰাই "মঞ্জুলিকা" লৈ ৰূপান্তৰ উৰ্বশী ৰাতোলাঃ 1

ব’ল্ডনেছক আঁতৰাই “মঞ্জুলিকা” লৈ ৰূপান্তৰ উৰ্বশী ৰাতোলাঃ

“লক- ডাউন” ৰ এই সময়ছোৱাত বহুতো বলীউডী তাৰকাৰ সমান্তৰালকৈ চচিয়েল মিডিয়াত একটিভ হৈ পৰিছে অভিনেত্ৰী উৰ্বশী ৰাতোলা। প্ৰায় ট্ৰোলৰ সন্মুখীন হোৱা এইগৰাকী অভিনেত্ৰী নিজ ইনষ্টাগ্ৰামত বিগত সময়ৰ পৰা বিভিন্ন “ব’ল্ড” ফটো আপলোড কৰি দৰ্শকৰ মাজত চৰ্চা কৰি আহিছিল। কিন্তু কিছুসময় পূৰ্বে অভিনেত্ৰী গৰাকীয়ে আপলোড কৰা এখন ফটোৱে আচম্বিত কৰি তুলিছে সকলোকে। নিজৰ বিকিনী ফটোৰ পৰা ওলাই তেওঁক এক ভয়ানক ৰূপত দেখিবলৈ পোৱা গ’ল। আপোনালোকৰ বাৰু “মঞ্জুলিকা” ক আছেনে? “ভূল ভূলেইয়া” ছবিখনত বিদ্যা বালনে ৰূপায়ন কৰা সেই “মঞ্জুলিকা” ৰ ভয়ানক ৰূপটোত দেখিবলৈ পোৱা গ’ল এইবাৰ অভিনেত্ৰী উৰ্বশীক।

https://www.instagram.com/p/B-yucVahkaz/?utm_source=ig_web_copy_link
ব'ল্ডনেছক আঁতৰাই "মঞ্জুলিকা" লৈ ৰূপান্তৰ উৰ্বশী ৰাতোলাঃ 2


চুলি ওখোৰা-মোখোৰা, মূৰত লোৱা ঠিকনাহীন ফোঁট, চকুত লোৱা মোটা কাজলে উৰ্বশীৰ বল্ডনেছ আঁতৰাই এক অন্য ৰূপ প্ৰদান কৰিছে। আছলতে, এটা কমেডী ভিডিঅ’ প্ৰস্তুত কৰিবলৈহে লৈছে উৰ্বশীয়ে এই ৰূপ; কিয়নো অভিনেত্ৰী গৰাকীয়ে ইনষ্টাগ্ৰমত অতিক্ৰম কৰিলে ২৫ মিলিয়নৰো অধিক ভিঊৱাৰছ। ভিডিঅ’টোৰ কেপছত অভিনেত্ৰী গৰাকীয়ে দৰ্শকলৈ মৰম আৰু শ্ৰদ্ধা জ্ঞাপন কৰে। আনহাতে, অভিনেত্ৰী গৰাকীয়ে সিদ্ধাৰ্থ মালহোত্ৰাৰ এক টুইটক কপি কৰি নিজে টুইট কৰা বাবে তেওঁক বিভিন্ন জনে ট্ৰোলো কৰিছিল।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.