Rupaliparda.com
পৰম্পৰাগত "কণী যুঁজ" খেলিলে মিলিন্দ-অংকিতাইঃ 1

পৰম্পৰাগত “কণী যুঁজ” খেলিলে মিলিন্দ-অংকিতাইঃ

স্বামীক অসমীয়াৰ ৰঙত ৰঙীণ কৰি তুলিলে পত্নী অংকিতা কোঁৱৰে । এসময়ৰ হাৰ্টথ্ৰৱ ও বৰ্তমানৰ এগৰাকী জনপ্ৰিয় মডেল স্বামী মিলিন্দ সোমনক ৰঙালী বিহুৰ বিভিন্ন পৰম্পৰাৰ বিষয়ে অৱগত কৰিবলৈ প্ৰয়াস কৰিছে অসম কন্যা অংকিতাই। উল্লেখনীয় বিভিন্ন যুঁটিসমূহৰ ভিতৰত এটা হৈছে অংকিতা ও মিলিন্দৰ। বহাগ বিহুৰ সময়ছোৱাত অতীতৰ পৰম্পৰানুসৰি হোৱা “কণী যুঁজ” বৰ্তমান ঘৰতেই থাকি খেলিছে দুয়ো স্বামী-স্ত্ৰীয়ে। এগৰাকী অসম জীয়ৰী হোৱা ফলত অংকিতাই প্ৰায়ে নিজ কৃষ্টি-সংস্কৃতিৰ প্ৰতি অৱগত কৰোৱাই ৰাখে মিলিন্দক। এইবাৰো গাত গামোছা লয় তথা অংকিতাই ৰিহা-মেখেলা এযোৰ পিন্ধি তেওঁলোকে পৰম্পৰাগত খেল “কণী যুঁজ” খেলিছে। তেওঁলোকৰ খেলি থকা সময়ৰ এখন ফটো আপলোড কৰে মিলিন্দ সোমনে য’ত তেওঁ সকলোকে “বিহু” ৰ শুভকামনা যাঁচে। পূৰ্বতেও অংকিতাই নিজে বিহু নচাৰ লগতে স্বামীকো একেলগতে বিহু নচোৱা দৰ্শকে দেখিবলৈ পাইছিল। তেওঁলোকৰ এনেবোৰ ভিডিঅ’ই ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত।

https://www.instagram.com/p/B-61BwUHlmi/?igshid=uhbfwm8wg9s6


উল্লেখ্য যে, ফেশ্বন জগত খনৰ এটা উল্লেখনীয় নাম হৈছে মিলিন্দ সুমন। মডেলিং তথা অভিনয়ৰ দ্বাৰাও এই গৰাকী শিল্পীয়ে দৰ্শকক আকৰ্ষিত কৰা দেখিবলৈ পোৱা গৈছিল। ৯০ দশকৰ হাৰ্টথ্ৰৱ ৰূপে পৰিগণিত হৈছিল মিলিন্দ সুমন। কিন্তু, সাংস্কৃতিক জগত খনৰ বাবে নহয়; চচিয়েল মিডিয়াত তেওঁ ট্ৰোল হৈছিল নিজৰ ব্যক্তিগত জীৱনৰ বাবেহে। আছলতে, এজন চেলিব্ৰটীৰ পাৰ্ছনেল আৰু প্ৰফেচনেল লাইফৰ ওপৰত ভিত্তি কৰিয়েই বাতৰি প্ৰস্তুত কৰা দেখিবলৈ পোৱা যায় আৰু এয়াই হৈছিল মিলিন্দৰ সৈতে। কোৱা হয়, বয়সে হেনো প্ৰেম নামানে। বয়স,ওজনৰ নিচিনা একোটা সমীকৰণৰ উৰ্দ্ধত থাকে প্ৰেম। এয়া প্ৰমাণ কৰিলে ৫৩ বছৰীয়া মিলিন্দে, যেতিয়া তেওঁ বিয়া কৰোৱালে এগৰাকী ২৮ বছৰীয়া যুৱতী অংকিতা কোঁৱৰক। চচিয়েল মিডিয়াত তেওঁলোকৰ প্ৰেমৰ সময়ছোৱাৰ পৰা ট্ৰোল হৈছিল তেওঁলোকৰ বিবাহ পৰ্যন্ত।

পৰম্পৰাগত "কণী যুঁজ" খেলিলে মিলিন্দ-অংকিতাইঃ 2

কিন্তু হাৰি যোৱা নাছিল এওঁলোক; সকলো সমালোচনাৰ কাঁইট ভাঙি বৰ্তমান সুখী জীৱন জ্ঞাপন কৰিছে এওঁলোকে। যাৰ সম্পূৰ্ণ নিদৰ্শন পোৱা যায় এওঁলোকৰ ফটোবোৰত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform