Rupaliparda.com
"চাপৰ্টিং" চৰিত্ৰৰে আৰম্ভণিঃ বৈশালীলৈ শুভকামনা- 1

“চাপৰ্টিং” চৰিত্ৰৰে আৰম্ভণিঃ বৈশালীলৈ শুভকামনা-

এখন ছবি বা এখন ধাৰাবাহিকত মূখ্য চৰিত্ৰ ৰূপায়ন কৰা দুই অভিনেতা-অভিনত্ৰীৰ বাহিৰে এনে কিছুমানো চৰিত্ৰ আছে; যাৰ অভিনয়ে দৰ্শকৰ যথেষ্ট সমাদৰ লাভ কৰাৰ উপৰিও তেওঁ বিভিন্ন ক্ষেত্ৰত পাৰদৰ্শিতা দেখুৱাইহে এই অভিনয় ক্ষেত্ৰখনত খোজ দিয়ে। আছলতে, একোটা “চাপৰ্টিং” চৰিত্ৰৰ দ্বাৰা এখন ছবি বা ধাৰাবাহিকৰ কাহিনীৰ সাল-সলনি যে কৰিব পৰা যায় সেয়া আমি প্ৰত্যেকেই দেখি আহিছো। এনেধৰণেই এটা “চাপৰ্টিং কেৰেক্টাৰ” ত অভিনীত বৈশালী মেধিয়ে বৰ্তমান দৃষ্টি আকৰ্ষণ কৰিছে দৰ্শকৰ। আগন্তুক অসমীয়া ছবি “জানমণি ২০২০” ত হিয়া নামৰ এটি চৰিত্ৰ ৰূপায়ন কৰিছে বৈশালীয়ে। ছবিখনৰ মুক্তি লাভ কৰা ট্ৰেইলাৰত ইতিমধ্যে অভিনেত্ৰী গৰাকীক দৰ্শকে দেখিছে যদিও কোৱা বাহুল্য যে, তেওঁ আন কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰি পাৰদৰ্শিতা অৰ্জন কৰিছে। অসমীয়া অভিনেত্ৰী সমূহৰ দৰেই বৈশালীও বিহু নাচি চচিয়েল মিডিয়াত আপলোড কৰা ভিডিঅ’ত দেখিবলৈ পোৱা কমেন্টৰ দ্বাৰাই বুজিব পৰা গৈছে যে এই অভিনেত্ৰী গৰাকীৰ অনুৰাগীৰ সংখ্যা কিমান।

"চাপৰ্টিং" চৰিত্ৰৰে আৰম্ভণিঃ বৈশালীলৈ শুভকামনা- 2


বিহু নৃত্যৰ লগতে বৈশালী হৈছে প্ৰশিক্ষণপ্ৰাপ্ত এগৰাকী ভাৰতন্যাতম শিল্পী। ৰাজ্যিক পৰ্যায়ত কেইবাটাও পুৰস্কাৰ প্ৰাপ্ত এই গৰাকী অভিনেত্ৰীয়ে ইনু বৰুৱাকে ধৰি বলিন চৌধুৰী তথা বাহাৰুল ইছলাম আদিৰ দৰে কেইবাগৰাকীও জনপ্ৰিয় অসমীয়া নাট্য পৰিচালকৰ নাটকত অভিনয় কৰিছে। ইয়াৰ উপৰিও তিনিখনকৈ হিন্দী টেলিফিল্ম “গুল চে বাত কৰো”, “আশা কি বুন্দে” আৰু “হৰিয়ালি ধৰতী” আদি কেইবাখনো ধাৰাবাহিক অভিনয় কৰিছে বৈশালীয়ে। ইয়াৰ উপৰিও বৈশালীয়ে দূৰদৰ্শনত প্ৰচাৰিত দুখন ধাৰাবাহিক “সত্যমেৱ জয়তে” লগতে “আমিও মানুহ” ত অভিনয় কৰিছিল। ৰেঙণি যোগে প্ৰচাৰিত “সাউদৰ পুতেকে নাওঁ মেলি যায়” ধাৰাবাহিকখনতো দেখিবলৈ পোৱা গৈছিল উক্ত অভিনেত্ৰী গৰাকীক।

"চাপৰ্টিং" চৰিত্ৰৰে আৰম্ভণিঃ বৈশালীলৈ শুভকামনা- 3


অসমৰ প্ৰত্যেকটো চুকে-কোণে আছলতে এনে প্ৰতিভাই বিভিন্ন সময়ত নিজ সাধনাৰে সফলতা অৰ্জন কৰিবলৈ চেষ্টা কৰে। ২০১৩ চনত ৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত “লিটিল মিছ ইণ্ডিয়া” ত ৰাণাৰ আপৰ খিতাপ লাভ কৰা বৈশালীক তেওঁৰ আগন্তুক প্ৰত্যেকটো প্ৰকল্পৰ বাবে ৰূপালী পৰ্দাৰ ফালৰ পৰা জনাইছো শুভকামনা।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform