Rupaliparda.com
অভিনেত্ৰী ও বিধায়িকা আঙুৰলতা ডেকাৰ জীয়ৰীৰ সৈতে ৰঙালীঃ 1

অভিনেত্ৰী ও বিধায়িকা আঙুৰলতা ডেকাৰ জীয়ৰীৰ সৈতে ৰঙালীঃ

হাতত জেতুকাৰ বোল ও একে সাঁজেৰে অসমীয়া অভিনেত্ৰী ও ৰাজনেত্ৰী আঙুৰলতাই নিজ সন্তানৰ সৈতে উদযাপন কৰিলে ৰঙালী বিহু তথা অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন। এগৰাকী অভিনেত্ৰীৰ পৰা ধাৱমান হৈ ৰাজনীতিত যোগদান কৰি এটা সম্পূৰ্ণ অঞ্চল নিজ তত্ত্বাৱধানত ৰখাটো এগৰাকী অভিনেত্ৰীৰ বাবে নিশ্চয় সহজ নাছিল; তৎস্বত্ত্বেও অভিনেত্ৰী ও বৰ্তমান বৰদোৱা সমষ্টিৰ বিধায়িকা আঙুৰলতা ডেকাৰ ব্যৱহাৰ তথা মানৱীয়তাই জনসাধাৰণক বাৰুকৈয়ে আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। তেওঁ ইনষ্টাগ্ৰামত প্ৰায়ে নিজৰ কামসমূহৰ লগতে সন্তানৰ সৈতে উঠা ফটো আপলোড কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰি আহিছে। কিছুদিন পূৰ্বে এই “লক-ডাউন” ৰ সময়ছোৱাত নিজ অঞ্চলৰে কিছু অসহায় জনক সহায় আগবঢ়াই বাতৰিৰ শিৰোনাম দখল কৰিছিল এই অভিনেত্ৰী গৰাকীয়ে।

অভিনেত্ৰী ও বিধায়িকা আঙুৰলতা ডেকাৰ জীয়ৰীৰ সৈতে ৰঙালীঃ 2
অভিনেত্ৰী ও বিধায়িকা আঙুৰলতা ডেকাৰ জীয়ৰীৰ সৈতে ৰঙালীঃ 3


নলবাৰীত জন্মগ্ৰহণ কৰা এই গৰাকী অভিনেত্ৰীয়ে ২০০৬ চনত “আমি অসমীয়া” ছবিখনৰ পৰা অসমীয়া চলচিত্ৰ জগতত খোজ পেলায়। উক্ত চিনেমাখনকে ধৰি প্ৰায় ৫ খন ছবি আৰু কেইবাখনো চুটি ছবিত অভিনীত আঙুৰলতাই ভ্ৰাম্যমাণৰ মঞ্চতো অভিনয় কৰিছিল। তেওঁৰ অভিনয়ৰ সমান্তৰালকৈ এগৰাকী বিধায়িকা হিচাপে তেওঁ কৰা কামৰ অনুৰাগীও হৈছে যথেষ্ট জনসাধাৰণ।

অভিনেত্ৰী ও বিধায়িকা আঙুৰলতা ডেকাৰ জীয়ৰীৰ সৈতে ৰঙালীঃ 4


আঙুলতাৰ স্বামী আকাশদ্বীপো অসমীয়া অভিনয় ক্ষেত্ৰৰ এক জনপ্ৰিয় নাম। ভিচিডি তথা ছবি, থিয়েটাৰত অভিনীত আকাশদ্বীপে প্ৰায়ে নিজ পত্নীৰ কাম সমূহত সহায় কৰা দেখিবলৈ পোৱা যায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform