Rupaliparda.com
জয় বৰুৱাৰ "জয়মতী" ত "Sand Art" 1

জয় বৰুৱাৰ “জয়মতী” ত “Sand Art”

সংগীত ক্ষেত্ৰৰ এক প্ৰতিষ্ঠিত নাম জয় বৰুৱা। বলীউডৰ সমান্তৰালকৈ তেওঁ অসমীয়া ছবি ক্ষেত্ৰতো জনপ্ৰিয়। মুম্বাইত প্ৰতিষ্ঠিত এই গৰাকী অসম সন্তানক লৈ গৌৰৱ নকৰি আছলতে নোৱাৰি; টেলেগু ছবিৰ গীততো জয় বৰুৱাই কন্ঠদান কৰিছে। চচিয়েল মিডিয়াত প্ৰায়ে একটিভ হৈ থকা এই গৰাকী গায়ক তথা সংগীতকাৰে তেওঁৰেই এটি গীত “জয়মতী” ত কৰা এটা “Sand art” ৰ ভিডিঅ’ আপলোড কৰে ইনষ্টাগ্ৰামত। ডিব্ৰু বিকাশ দিহিঙীয়াৰ দ্বাৰা অংকন কৰা এই বালিৰ শিল্পটোক এক প্ৰকাৰ প্ৰশংসা কৰি জয় বৰুৱাই আপলোড কৰা ভিডিঅ’টো দৰ্শকেও আদৰি লৈছে। জয় বৰুৱাৰ “জয়মতী” শীৰ্ষক গীতটিৰ অৰ্থটোক পুংখানুপুংখ বাখ্যা কৰিছে শিল্পী ডিব্ৰু দিহিঙীয়াই। ৰক, চ’ল, ৱৰ্ল্ড বিট, জেজ আদি সংগীতৰ প্ৰতি আকৰ্ষিত জয় বৰুৱাই জন্মগ্ৰহণ কৰিছিল ডিগবৈত।


বিজ্ঞাপনত থকা জিংগলত কন্ঠদান কৰাৰ দ্বাৰা নিজৰ কেৰিয়াৰ আৰম্ভ কৰা জয় বৰুৱাই বলীউড ছবি “মুঝসে ফ্ৰেণ্ডছিপ কৰোগে” ৰ পৰা আদি কৰি “জিন্দেগী না মিলেগী দোৱাৰা”, তথা “মুন্না ভাই এম বি বি এছ” ইত্যাদি কেইবাখনো ছবিৰ গীতত কন্ঠদান কৰাৰ উপৰিও অনু মালিক, প্ৰীতম, শংকৰ এহচান লয় আদিৰ সৈতে একেলগে সংগীত পৰিচালক হিচাপেও কাম কৰিছে। ২০১০ চনত তেওঁ অসমীয়া ভাষাত মুঠ ৮ গীতৰ এলবাম “জয়ঃ লুকিং আউট দা উইণ্ডো” নিৰ্মাণ কৰে। এই এলবামটোৰে গীত “জয়মতী” য়ে তাত থকা আঠটা গীতৰ ভিতৰত অধিক শ্ৰোতাক আকৰ্ষণ কৰিবলৈ সক্ষম হয়।

জয় বৰুৱাৰ "জয়মতী" ত "Sand Art" 2


২০১০ চনতেই জয় বৰুৱাই তেওঁৰ উক্ত এলবামটোৰ বাবে বিগ অসমীয়া মিউজিক এৱাৰ্ডত “শ্ৰেষ্ঠ নৱাগত কন্ঠশিল্পী বঁটা” লাভ কৰে। হেঙুল থিয়েটাৰৰ নাট “খিৰিকী” ত জয় বৰুৱাই পোন প্ৰথমবাৰৰ বাবে এটা অসমীয়া গীতত নেপথ্য গায়ক ৰূপে কন্ঠদান কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform