Rupaliparda.com
ভাৰতীয় ছবিক্ষেত্ৰতো পৰিব নেকি চীন দেশৰ দৰেই প্ৰভাৱ?? 1

ভাৰতীয় ছবিক্ষেত্ৰতো পৰিব নেকি চীন দেশৰ দৰেই প্ৰভাৱ??

“ক’ৰ’ণা ভাইৰাছ”-এ প্ৰায় প্ৰত্যেকখন ক্ষেত্ৰতে মাধমাৰ মাৰিছে। দীৰ্ঘদিনীয়া স্তদ্ধতাই অৱশ্যেই বিস্তৰ ক্ষতি সাধন কৰিছে ভাৰতীয় মনোৰঞ্জন ক্ষেত্ৰখনতো। ছবিসমূহৰ শ্বুটিং ৰখাই দিয়াৰ পৰা আৰম্ভ কৰি যি সমূহ ছবি মুক্তি লাভ কৰা কথা আছিল সেই সমূহো বৰ্তমান অৱস্থাত কোনোপধ্যেই মুক্তি দিব পৰা নাযাব। গতিকে, এনেক্ষেত্ৰত ক’ব পৰা যায় যে; “ক’ৰ’ণা ভাইৰাছ” ৰ ফলত চলিত বৰ্ষটো বলীউড ছবি সমূহৰ বাবে কোনো ভাল বৰ্ষ নহ’ব। যদিহে ভাৰতবৰ্ষৰ পৰিস্থিতি চীনৰ দৰে হয় তেতিয়াহ’লে ই আৰু অধিক বীভৎস হোৱাৰো সম্ভাৱনা আছে। কিয়নো, যদিও ছবি সমূহ মুক্তি লাভ কৰে; তথাপিও ছৱিগৃহত মানুহ যাবলৈ ভয় কৰিব। চীন দেশে বৰ্তমান ক’ৰ’ণা ভাইৰাছ প্ৰতিৰোধ কৰিবলৈ সক্ষম হৈছে যদিও এতিয়া যিসমূহ তথ্য সমুখলৈ আহিছে সেইসমূহে সন্দেহৰ সৃষ্টি কৰি তুলিছে।

ভাৰতীয় ছবিক্ষেত্ৰতো পৰিব নেকি চীন দেশৰ দৰেই প্ৰভাৱ?? 2


চীনত কিছুদিন পূৰ্বে “লক-ডাউন” খুলি দিয়া হৈছিল আৰু কাৰখানা, অফিচ তথা ছবিগৃহ আদিও খুলি দিয়া হৈছিল। কিন্তু জনসাধাৰণৰ মনত থকা আতংকৰ বাবে ছবিগৃহ সমূহত এজনো ব্যক্তি দেখিবলৈ পোৱা নগ’ল আৰু আনহাতে; যিসকল যাবলৈও বিচাৰিছিল তেওঁলোকৰো “লক-ডাউন” ৰ ফলত পকেট খালী হোৱাৰ উপক্ৰম হৈছিল। গতিকে, এনে পৰিস্থিতিৰ ভাৰতবৰ্ষতো হ’ব নেকি পুনৰাবৃত্তি ? যদিহে হয়; তেনেহ’লে ছবিক্ষেত্ৰ খনত ছবিৰ মানদণ্ড নিতান্তই কমি যোৱাটো স্বাভাৱিক।

ভাৰতীয় ছবিক্ষেত্ৰতো পৰিব নেকি চীন দেশৰ দৰেই প্ৰভাৱ?? 3


আপোনালোকে কি ভাৱে?কমেন্ট কৰি জনাওঁক আপোনাৰ মতামত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.