Rupaliparda.com
"ক'ৰ'ণা" ক ভয় নকৰে অনুপম খেৰেঃ 1

“ক’ৰ’ণা” ক ভয় নকৰে অনুপম খেৰেঃ

“ক’ৰ’ণা ভাইৰাছ” ৰ সংক্ৰমণ নবঢ়াক লৈ বৰ্তমান প্ৰত্যেকজন জনসাধাৰণে প্ৰচেষ্টা চলাইছে। অৱশ্যে সতৰ্ক হৈ থকা আৰু আতংকিত নোহোৱাটো ভিন্ন। উক্ত কথাটোকে বুজাবলৈ অভিনেতা অনুপম খেৰে এটি ভিডিঅ’ প্ৰস্তুত কৰে; ভিডিঅ’ আকাৰে অনুপম খেৰে জনসাধাৰণক “ক’ৰ’ণা ভাইৰাছ” ক ভয় নকৰিবলৈ আহ্বান জনোৱাৰ লগতে ইয়াক লৈ কেনেদৰে সজাগ হ’ব পৰা যায় সেই কথা ব্যক্ত কৰে। পূৰ্বেও অভিনেতা গৰাকীয়ে বিভিন্ন বিষয়ত দৰ্শকক উদ্দেশ্যি নিজ মত ব্যক্ত কৰি আহিছে।

https://twitter.com/AnupamPKher/status/1250313674381602816


ভিডিঅ’টোত অনুপম খেৰে জনায় যে, তেওঁক যেতিয়া কোনো সম্বন্ধীয় লোক এগৰাকীয়ে “ক’ৰ’ণা ভাইৰাছ” ক ভয় কৰে নে নাই প্ৰশ্ন কৰিছিল তেতিয়া তেওঁ কৈছিল যে যেতিয়া কোনো ব্যক্তিয়ে সকলো সাৱধানতা অৱলম্বন কৰে তেতিয়া তেওঁ ভয় খোৱাৰ কোনো প্ৰশ্নই উঠিব নোৱাৰে। অনুপম খেৰে ভিডিঅ’টোৰ সহায় লৈয়ে জনসাধাৰণক হাত ধুবলৈ ও বাহিৰলৈ কোনো অপ্ৰয়োজনীয় ভাৱে ওলাই যাবলৈ আহ্বান জনায়।বলীউডৰ বিভিন্ন জন চিলেব্ৰেটীয়ে প্ৰায়ে চচিয়েল মিডিয়াত নিজ নিজ ধৰণে জনসাধাৰণক সজাগ আৰু সচেতন কৰিবলৈ প্ৰচেষ্টা চলাইছে। বিগত সময়ত দৰ্শকে কেইবাগৰাকীও চিলেব্ৰেটীক নিজ কথা প্ৰকাশ কৰা দেখিবলৈ পাইছিল।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform