Rupaliparda.com
দুটি কণমানিৰ সজাগ-সচেতনতাৰ বাখ্যাঃ 1

দুটি কণমানিৰ সজাগ-সচেতনতাৰ বাখ্যাঃ

একোজন চিলেব্ৰেটী তথা বৰ্তমান সময়ত বহু লোকে দিয়া দিহাটো হৈছে “২০ চেকেণ্ডলৈ হাত ধুই সজাগ ও সচেতনতা বৰ্তাই ৰখা”। এই কথাষাৰৰ সাৰমৰ্ম তথাকথিত বহু ডাঙৰ লোকেও হয়টো বুজি পোৱা নাই অথবা বুজিবলৈ চেষ্টাও কৰা নাই। ফলত, ইয়াৰ বিভিন্ন ঋণাত্মক ফলো জনসাধাৰণে দেখিছে। কিন্তু এনেক্ষেত্ৰত দুটি শিশুৱে প্ৰচেষ্টা চলাইছে মুকাভিনয় যোগে জনসাধাৰণক কিছু বাৰ্তা প্ৰেৰণ কৰাৰ। নিজ বুজিব পৰা ক্ষমতানুযায়ী তেওঁলোকে প্ৰস্তুত কৰি উলিয়াইছে এটা ভিডিঅ’; য’ত তেওঁলোকে জনসাধাৰণক উদ্দেশ্যি “কভিড ১৯” ক লৈ ল’বলগীয়া কিছুমান সজাগতাৰ বিষয়ে বৰ্ণনা কৰিছে। শিশু দুটিৰ এনে সজাগ ভিডিঅ’ক এতিয়া প্ৰশংসা কৰাৰ লগতে ভিডিঅ’ সমূহ ভাইৰেলো হৈ পৰিছে চচিয়েল মিডিয়াত।


শিশু দুটিৰ নাম হৈছে জাগৃতি আৰু বৈভৱী ভৰদ্বাজ। ক্ৰমে পাঁচ তথা আঠ বছৰীয়া এই শিশু দুটি St. Francic D’ Assist Senior Sec School ত অধ্যয়নৰত। ৰাষ্ট্ৰীয় জলপানিপ্ৰাপ্ত মুকাভিনয় শিল্পী মিনাংক ডেকাৰ তত্ত্বাৱধানত মুকাভিনয়ৰ প্ৰশিক্ষণ লৈ থকা এই শিশু দুটিয়ে বৰ্তমান পিতৃক কাষত ৰাখি নিজাববীয়াকৈ প্ৰস্তুত কৰি উলিয়াইছে ভিডিঅ’ সমূহ।কেতিয়াবা যদি হাত ধুবলৈ শিকাইছে, কেতিয়াবা আকৌ চেনিটাইজাৰ লগাবলৈ কৈছে শিশু দুটিয়ে। মুঠতে, সকলো জনসাধাৰণক সজাগ কৰি ৰখাৰ চেষ্টা এওঁলোকৰ।

এতিয়া প্ৰশ্ন হয়, কণমানি দুটি শিশুয়ে য’ত সজাগ আৰু সচেতনতাক লৈ ইমান আগবাঢ়িছে; তেনেক্ষেত্ৰত একাংশ জনসাধাৰণৰ মূৰ্খামি কিয়? য’ত প্ৰত্যেকদিনাই “Social Distance” ৰ কথা বুজোৱা হৈছে তাতেই একোটা বস্তুক লৈ জনসাধাৰণৰ হেঁতা-ওপৰা কিয়? আপুনি কি ভাৱে? কমেন্ট কৰি জনাওঁক আপোনাৰ মতামত।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform