“লক-ডাউন” ৰ সময়ছোৱাত নেটফ্লিক্স, আমেজন প্ৰাইম টাইম, হটষ্টাৰ আদি বিভিন্ন এপৰ প্ৰাধান্য আমি বাৰুকৈয়ে বুজিছো। আমনিদায়ক সময়ছোৱাত য’ত একাংশই কবিতা লিখি, কিতাপ পঢ়ি সময় কটাইছে তাতেই আকৌ একাংশই ৱেব চিৰিজ তথা এপসমূহত উপলদ্ধ চিনেমা চাই আমনি দায়ক সময়ক ৰোমাঞ্চক কৰি তুলিছে। নিজক অকণমান সময় দিয়াৰ লগতে এই চিনেমা সমূহ উপভোগ কৰিয়েই সময় অতিবাহিত কৰিছে জনসাধাৰণে। এনেক্ষেত্ৰত এগৰাকী অসমীয়া পৰিচালকৰ ছবিয়ে যদি ইয়াত স্থান গ্ৰহণ কৰে তেতিয়াহ’লেটো আৰু কথাই নাই। কিছুদিন পূৰ্বে ৰীমা দাসৰ দ্বাৰা পৰিচালিত দুয়োখন ছবি ক্ৰমে “ভিলেইজ ৰকষ্টাৰ” আৰু “বুলবুল কেন চিং” য়ে স্থান লাভ কৰিছিল জনপ্ৰিয় নেটফ্লিক্স এপটোত।

কিন্তু আপোনালাকে জানানে অসময়ী পৰিচালক বিশ্বজিৎ বৰাৰ দ্বাৰা নিৰ্মিত প্ৰথম খন হিন্দী “এইচা য়েহ জাহা” ছবিখন বিগত তিনি বছৰৰ পৰাই উপলদ্ধ হৈছিল নেটফ্লিক্স, হটষ্টাৰ, জিঅ’চিনেমা ও হটষ্টাৰত। বিশ্বজিৎ বৰাৰ দ্বাৰা নিৰ্মিত এই ছবিখন আছিল ফাৰ্ষ্ট কাৰ্বন নিউট্ৰেল মুভি। উক্ত ছবিখনে “চতূৰ্থ অৰুণাচল ফিল্ম সমাৰোহ” ত লাভ কৰে “শ্ৰেষ্ঠ ফিছাৰ ফিল্ম ২০০৭” ৰ বঁটা। গতিকে, কোনোৱে যদি বৰ্তমানলৈ এই ছবিখন উপভোগ কৰাৰ সুবিধা লাভ কৰা নাই তেন্তে জনসাধাৰণে উক্ত যিকোনো এপযোগে উপভোগ কৰিব পাৰিব এই ছবিখন।

ইয়াৰ উপৰিও, বিশ্বজিৎ বৰাৰ দ্বাৰা শেহতীয়াকৈ নিৰ্মিত ছবি “লখিমী” য়ে মুক্তি লাভ কৰা কথা আছিল চলিত মাহৰ ২৪ তাৰিখে; কিন্তু “লক-ডাউন” ৰ ফলত হোৱা বন্ধই এতিয়া সকলো ক্ষেত্ৰতেই ক্ষতি কৰাৰ লগতে ছবিসমূহৰ মুক্তি তাৰিখো পিছুৱাই দিয়া হৈছে। গতিকে ছবিখন মুক্তিৰ এক অন্য পথৰ বিচাৰ কৰি দৰ্শকৰ পৰা মতামত বিচাৰে পৰিচালক গৰাকীয়ে। দৰ্শকৰ উপভোগৰ বাবে “লখিমী” ছবিখন OTT প্লেটফৰ্মৰ যোগেদি মুকলি কৰাৰ চিন্তা-চৰ্চা কৰিছে এতিয়া পৰিচালক ও প্ৰযোজক গোষ্ঠীয়ে।
Add comment