Rupaliparda.com
কেতিয়াবা "লাইভ"; কেতিয়াবা নতুন গীতৰ সৃষ্টিঃ পাপন এতিয়া ব্যস্ত- 1

কেতিয়াবা “লাইভ”; কেতিয়াবা নতুন গীতৰ সৃষ্টিঃ পাপন এতিয়া ব্যস্ত-

লক-ডাউনৰ সময়ছোৱাত শিল্পীৰ নতুন নতুন সৃষ্টিয়ে এতিয়া আকৰ্ষিত কৰিছে দৰ্শকক। নতুন গান,নৃত্য ও তেওঁলোকে লিখা কবিতাৰ শাৰীয়ে এতিয়া প্ৰতিটো সময়ত তেওঁলোকৰ মাজত থকা প্ৰতিভাৰ বিষয়ে সোঁৱৰাই দিছে। কিছুদিন পূৰ্বে অংগৰাগ পাপন মহন্তই তেওঁৰ ১৪ বছৰীয়া পূৰণি এটি গীতক আকৌ এবাৰ নিজৰ ধৰণে সৃষ্টি কৰে দৰ্শকৰ মাজত উলিয়াই দিছিল কন্ঠশিল্পী গৰাকীয়ে। যিটো গীত লিখাৰ লগতে কম্পোজ আৰু প্ৰযোজনাও কৰিছিল তেওঁ নিজে। এইবাৰ পুনৰ এটি গীতৰ সৈতে আগবাঢ়িছে অংগৰাগ। “পৃথিৱী দিৱস” অৰ্থাৎ আজিৰ দিনটোতেই মুক্তি লাভ কৰা এই গীতটি নিজাববীয়াকৈ কম্পোজ কৰিছে পাপনে।

কেতিয়াবা "লাইভ"; কেতিয়াবা নতুন গীতৰ সৃষ্টিঃ পাপন এতিয়া ব্যস্ত- 2


“পাৰ হ’ব এই সময়” শীৰ্ষক এই গীতটি কন্ঠশিল্পী গৰাকীয়ে ব্যক্তিগত ইউটিউব চেনেলত মুক্তি দিছে। উল্লেখ্য যে, বিগত দিনৰ পৰাই বাতৰিৰ শিৰোনাম দখল কৰিবলৈ সক্ষম হৈছিল অংগৰাগ। বলীউডৰ বিভিন্ন কন্ঠশিল্পীক নিজৰ সৈতে লাইভ যোগে সংযুক্ত কৰি তেওঁলোকৰ পৰা একোটিকৈ বিহু গীত গোঁৱাইছিল তেওঁ। তেওঁৰ এই লাইভ দেখি বহু জনসাধাৰণে তেওঁৰ প্ৰশংসা কৰাৰ লগতে ঘৰতে থাকি বিহু উদযাপন কৰা সকলৰ বাবে ই আছিল এক উপভোগ্য অনুষ্ঠান।

Add comment

Leave a Reply