এইবাৰ কথাৰে নহয়; নৃত্যৰেই যেন বৰষা ৰাণী বিষয়াই দিলে দৰ্শকক প্ৰতিউত্তৰ। কিছুদিন পূৰ্বে চুমি বৰাই অসমীয়া ক্ষেত্ৰত কোনো মহিলা কৰিঅ’গ্ৰাফাৰ নাই বুলি কোৱাত তেওঁৰ ওপৰত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল অভিনেত্ৰী বৰষা ৰাণী বিষয়াই। কিয়নো, বিগত বহু সময়ৰ পৰা এই অভিনয় ক্ষেত্ৰখনত নিজৰ স্থিতি বজাই ৰখা অভিনেত্ৰী গৰাকীয়ে ২০০৭ চনত মুক্তিপ্ৰাপ্ত “মনত বিৰিণাৰ জুই” ৰ বাবে লাভ কৰিছিল ৰাজ্যিক ভিত্তিত শ্ৰেষ্ঠ কৰিঅ’গ্ৰাফাৰৰ বঁটা। ফলত, চুমি বৰাই কোৱা উক্ত শাৰীটোৰ বাবে নিজ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল অভিনেত্ৰী গৰাকীয়ে। কিন্তু, এইবাৰ যেন কথাৰে নহয়; বৰষা ৰাণী নিজেই বনালে টিক-টক ভিডিঅ’। এটাৰ পিছত এটা গীতত নৃত্য কৰি অভিনেত্ৰী গৰাকীয়ে দিছে দৰ্শকক প্ৰতিউত্তৰ।
ইনষ্টাগ্ৰামত তেওঁ টিক-টক ভিডিঅ’টো আপলোড কৰি কেপছন দিয়ে যে, “আমাৰো মন যায়।” এই কথাষাৰৰ পৰাই যে তেওঁ উমৈহতীয়াকৈ কিবা এটা ক’ব খুজিছে তাৰ উমান ল’ব পৰা যায়। আছলতে, চচিয়েল মিডিয়াত দুদিন পূৰ্বে চুমি বৰা নামে এগৰাকী নৃত্যশিল্পীয়ে ইনষ্টাগ্ৰামত লাইভ যোগে কৈছিল যে অসমীয়া ছবিক্ষেত্ৰত কোনো মহিলা কৰিঅ’গ্ৰাফাৰ নাই; আনহাতে আমাৰ ছবি ক্ষেত্ৰই কোনোবা মহিলা কৰিঅ’গ্ৰাফাৰ পাব পাৰে নেকি এই বিষয়টোতো এক প্ৰশ্নৰ সৃষ্টি কৰে। তেওঁৰ এই মন্তব্যৰ পিছত অসমীয়া অভিনেত্ৰীয়ে নিজ নিজ প্ৰতিক্ৰিয়া দিয়ে;য’ত বৰষাৰাণী বিষয়াও থাকে।

ইয়াৰ পিছতেই, চুমি বৰাই চচিয়েল মিডিয়াত ক্ষমা বিচাৰে। উল্লেখ্য যে, বৰষা ৰাণীক এতিয়া এনে ৰূপত দেখি তেওঁৰ অনুৰাগীও হৈ পৰিছে উৎসাহিত। দৰ্শকৰ লগতে তেওঁৰ ভিডিঅ’ সমূহত তনভী, কিশোৰ দাস তথা দীপলিনাইও কমেন্ট কৰি তেওঁৰ প্ৰশংসা কৰে।
Add comment