Rupaliparda.com
"বন্ধু" ৰ শীৰ্ষ গীতত নিজ নৃত্যৰে টুইষ্ট আনিলে জিতুমণি কলিতাইঃ 1

“বন্ধু” ৰ শীৰ্ষ গীতত নিজ নৃত্যৰে টুইষ্ট আনিলে জিতুমণি কলিতাইঃ

জি টিভিত সম্প্ৰচাৰিত “ডি আই ডি” লিটল চেম্পৰ বিজয়ী জিতুমণি কলিতাক আপোনালোকৰ নিশ্চয় মনত আছে। নৃত্যৰে দৰ্শকৰ হৃদয় জিনা এই গৰাকী নৃত্য শিল্পীয়ে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটৰ কেইবাজনো প্ৰতিষ্ঠিত কৰিঅ’গ্ৰাফাৰৰ সৈতে নৃত্য কৰি অসমক গৌৰন্বিত কৰা উপৰিও বিভিন্ন সময়ত ৰিয়েলিটী শ্ব’ সমূহলৈ আহি নৃত্যৰ প্ৰতিভা দেখুৱাইছে। বিগত বহু সময়ৰ অন্তত পুনৰ বাৰ জিতুমণিক দেখিবলৈ পোৱা গ’ল এটি অসময়ী গীতত নৃত্য কৰা। আগন্তুক অসমীয়া ছবি “বন্ধু” ৰ শীৰ্ষ গীতটিত নৃত্য প্ৰদৰ্শন কৰি আকৌ এবাৰ দৰ্শকক আকৰ্ষিত কৰিলে জিতুমণিয়ে। নিজাকৈ খুলি লোৱা ব্যক্তিগত ইউটিউব চেনেলত জিতুমণিয়ে প্ৰায়ে নৃত্যৰ ভিডিঅ’ আপলোড কৰাৰ উপৰিও তেওঁৰ পৰিচালনাৰে নিৰ্মিত চুটি ছবি এখনো দেখিবলৈ পোৱা গৈছে।


১৯৯৯ চনত জন্মগ্ৰহণ কৰা জিতুমণিয়ে ২০১০ চনত “Dance India Dance Li’l Masters” ৰ খিতাপ গ্ৰহণ কৰিবলৈ সক্ষম হয়। তিনি লাখ টকাৰ লগতে উক্ত ৰিয়েলিটীৰ শ্ব’টোৰ দ্বাৰা এটি ট্ৰফী পাই জিতুমণি উভতি আহে গুৱাহাটী মহানগৰীলৈ। তেওঁ বৰ্তমান মায়ানগৰীৰ এগৰাকী খ্যাতনামা নৃত্য প্ৰশিক্ষক। অসমৰ বাবে সদায় কিবা এটা কৰাৰ আগ্ৰহেৰে আগবঢ়া জিতুমণি কংগনা ৰাণাওঁটৰ ছবি “চিমৰেন” ত এগৰাকী সহঃ কৰিঅ’গ্ৰাফাৰ আৰু “ৰেচ থ্ৰী” ত তেওঁ এজন সহঃপৰিচালকৰ দায়িত্বত আছিল।

https://www.instagram.com/p/B6kMTinpAZv/?utm_source=ig_web_copy_link


শেহতীয়াকৈ জিতুমণিয়ে “বন্ধু” ৰ শীৰ্ষ গীতটিত নৃত্য কৰি আকৌ এবাৰ অসমবাসীৰ প্ৰশংসা লাভ কৰিবলৈ সক্ষম হৈ পৰিছে। মুম্বাইত প্ৰতিষ্ঠা লাভ কৰা একাংশ অসমৰ শিল্পীৰ লগতে জিতুমণি কলিতাৰ নামটোও হৈছে বৰ্তমান উল্লেখনীয়।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.