Rupaliparda.com
তিনি নক্ষত্ৰৰ অভিনয়েৰে এখন ছবি "জীৱনৰ সন্ধানত"- 1

তিনি নক্ষত্ৰৰ অভিনয়েৰে এখন ছবি “জীৱনৰ সন্ধানত”-

বলীউডত যদি কোনো কাৰণত একেখন ছবিত তিনিজন জনপ্ৰিয় তাৰকাক দেখিবলৈ পোৱা যায়; তেনেহ’লে দৰ্শকৰ মনত উৎসাহৰ সৃষ্টি হোৱা আমি প্ৰায়ে দেখিছো। আগন্তুক “সূৰ্য়ৱংশী” ছবিখনেই হৈছে ইয়াৰ এক উদাহৰণ। কিন্তু, কিমাননো বলীউড আৰু হলীউডৰ কথাকেই লৈ উৎসাহিত হ’ব দৰ্শক? অসমীয়া চলচিত্ৰ ক্ষেত্ৰখনতো এনে কিছু তাৰকা আছে যাৰ জীৱন্ত অভিনয়েই পূৰ্বৰ দিনৰেই পৰা অসমীয়া ছবি সমূহক ৰাষ্ট্ৰীয়-আন্তঃ ৰাষ্ট্ৰীয় ক্ষেত্ৰত স্থিতি প্ৰদান কৰিছে। গতিকে, এনে অপেক্ষাৰ অৱসান ঘটাই অসমীয়া চলচিত্ৰ প্ৰেমীলৈ আমি লৈ আনিছো এক সুখবৰ। অসমীয়া ছবিৰ জনপ্ৰিয় তিনি অভিনেত্ৰী ক্ৰমে মলয়া গোস্বামী, মাধুৰিমা চৌধুৰী আৰু মৃদুলা বৰুৱাৰ অভিনয়েৰে নিৰ্মাণ কৰা হৈছে এখন পূৰ্ণদৈৰ্ঘ্যৰ অসমীয়া ছবি। সূদীৰ্ঘ ১২ বছৰৰ অন্তত মৃদুলা বৰুৱা উভতি আহিছে অভিনয় ক্ষেত্ৰখনলৈ; উক্ত তিনি অভিনেত্ৰীৰ যুঁটিয়ে যে ইতিমধ্যে দৰ্শকৰ হৃদয়ত খলকনিৰ সৃষ্টি কৰিছে সেয়া নিশ্চিত।

তিনি নক্ষত্ৰৰ অভিনয়েৰে এখন ছবি "জীৱনৰ সন্ধানত"- 2


কেইবাখনো চুটি ছবিৰ পৰিচালক ও কেইবাখনো ছবিৰ সহঃপৰিচালক মৃন্ময় শইকীয়াৰ পৰিচালনাৰে নিৰ্মিত এই ছবিখনৰ নাম হৈছে “জীৱনৰ সন্ধানত”। পৰিচালক মৃন্ময়ৰ এইখনেই হ’ব প্ৰথমখন ছবি। সঞ্জীৱ নাৰায়ণ তথা নৰেন্দ্ৰ এন সিনহাৰ যুঁটীয়া প্ৰযোজনাৰে নিৰ্মিত ছবিখনৰ চিত্ৰনাট্য লিখিছে নিবিড় আকাশ বৰুৱাই। সৰুৰে পৰা অন্তৰংগ তিনি বান্ধৱীয়ে চাকৰি জীৱনৰ পৰা অবসৰ লৈ কিছু দিনৰ বাবে মেঘালয়লৈ ফুৰিবলৈ যায়। তেওঁলোকৰ এই “ৰ’ড ট্ৰিপ” টোটেই তেওঁলোক সন্মুখীন হয় জীৱনৰ কিছু ঘাত-প্ৰতিঘাত ও জীৱনৰ বিভিন্ন অনুভূতিৰ। ছবিখনত পূৰ্বৰ এটি প্ৰজন্মৰ সৈতে সানমিহলি ঘটিছে নৱপ্ৰজন্মৰ; ইটোৱে আনটোক বিভিন্ন ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱাৰ লগতে ছবিখনত থকা কিছু টুইষ্টে দৰ্শকৰ সমাদৰ লাভ কৰিব বুলি একাষাৰে কয় দিব পৰা যায়।

তিনি নক্ষত্ৰৰ অভিনয়েৰে এখন ছবি "জীৱনৰ সন্ধানত"- 3


ইয়াৰ উপৰিও ছবিখনৰ অভিনয় কৰিছে নিবিড়, বিদিশা, কিশোৰ, উমেশা সিদ্ধাৰ্থৰ উপৰিও বহু ন-পূৰণি শিল্পীয়ে। ছবিখনত অতিথি শিল্পী ৰূপে নিশিতা গোস্বামী তথা “বৰনদী ভঁটিয়ায়” ৰ পৰিচালক অনুপম কৌশিক বৰাকো দেখিবলৈ পোৱা যাব “জীৱনৰ সন্ধানত”। চলিত বৰ্ষৰে চেপ্তেম্বৰ-অক্টোৱৰ মাহলৈ ছবিগৃহত দৰ্শকে উপভোগ কৰিব পাৰিব এই ছবিখন।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform