Rupaliparda.com
এগৰাকীৰ যোগ; আনগৰাকীৰ কথক! কোনে কৰিব অসমীয়া অভিনেত্ৰীৰ প্ৰতিভাত প্ৰশ্ন?- 1

এগৰাকীৰ যোগ; আনগৰাকীৰ কথক! কোনে কৰিব অসমীয়া অভিনেত্ৰীৰ প্ৰতিভাত প্ৰশ্ন?-

অসমীয়া দুগৰাকী অভিনেত্ৰীৰ প্ৰতিভাই এতিয়া হৃদয় জিনিছে দৰ্শকৰ। বি-টাউনৰ দীপিকা, মালাইকাৰ ফিটনেছৰ লগতে জান্হৱীয়ে কৰা নৃত্যৰ সমানেই যেন আগবাঢ়িছে অসমীয়া এই দুই অভিনেত্ৰী। এগৰাকী হৈছে মুনমী ফুকন আৰু আনগৰাকী হৈছে মেঘৰঞ্জনী মেধি। নিতৌ নিজ প্ৰতিভা প্ৰদৰ্শনেৰে একোটিকৈ পোষ্ট আপলোড কৰিছে দুয়োগৰাকীয়ে। কোৱাৰেন্টাইনৰ সময়ছোৱাত নিজ প্ৰতিভাক আৰু অধিক সবল কৰি তুলিছে মুনমী ও মেঘৰঞ্জনীয়ে। “যোগ” ৰ বিভিন্ন নিয়ম দেখুৱাই পোষ্ট আপলোড কৰা মুনমী ফুকনৰ কচৰৎ সঁচাকৈ উল্লেখনীয়। সপ্তাহটোৰ প্ৰতিটো দিনতেই নিজক ফিট ৰখা কিমান জৰুৰী, মুনমীয়ে এয়া তেওঁৰ পোষ্ট যোগে বিভিন্ন সময়ত দৰ্শকক উপলদ্ধি কৰোৱাইছে। এই “যোগ” নিয়মাৱলী সমূহৰ দ্বাৰা আকৰ্ষিতও হৈ পৰিছে অভিনেত্ৰী গৰাকীৰ বহু অনুৰাগী।

https://www.instagram.com/p/B-4Mkw2HHAV/?utm_source=ig_web_copy_link


আনহাতে, মেঘৰঞ্জনীৰ কথক নৃত্যত থকা অগাধ দখলৰ বিষয়ে তেওঁৰ বিভিন্নটা ভিডিঅ’ যোগে ইতিমধ্যে ফুটি উঠিছে। তেওঁক সকলোৱে আহ্বান কৰাৰ ফলত এটি ভিডিঅ’ যোগে তেওঁ কৰা নৃত্যৰ ষ্টেপ সমূহো ধীৰে ধীৰে শিকোৱাৰ যত্ন কৰি অনুৰাগীৰ মাজত আপলোড কৰে । দুয়োগৰাকীৰ প্ৰতিভাৰ ভিন্নতা থাকিলেও তেওঁলোকৰ প্ৰতিভা সঁচাকৈ লেখত ল’বলগীয়া; সেইবাবেই হয়টো বহুল হাৰত প্ৰশংসাও লাভ কৰে দুই অভিনেত্ৰীয়ে।


“দুটি মোৰ জোনাক” শীৰ্ষক ধাৰাবাহিক খনত বৰ্তমান ব্যস্ত হৈ আছে অভিনেত্ৰী মুনমী ফুকন। বিগত বহু বছৰ ধৰি অসমীয়া ছবিত অভিনয় কৰা নাই যদিও মেঘৰঞ্জনীয়ে দেশ-বিদেশৰ চুকে-কোণে নৃত্য প্ৰদৰ্শন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform