Rupaliparda.com
ভগৱানৰ নাম লৈ প্ৰডাকচন হাউচলৈ গৈছিল পংকজ ত্ৰিপাঠীঃ 1

ভগৱানৰ নাম লৈ প্ৰডাকচন হাউচলৈ গৈছিল পংকজ ত্ৰিপাঠীঃ

বলীউড ক্ষেত্ৰখনত অইন অভিনেতা-অভিনেত্ৰী সমূহৰ নামৰ লগতে এনে কিছু অইন অভিনেতা জড়িত হৈ আছে যাৰ বাবে সেই ছবি অথবা বৰ্তমান প্ৰচলিত ৱেব চিৰিজৰ কাহিনীভাগ নিৰ্ভৰশীল হৈ পৰে। “গেংগচ অৱ ৱাছিপুৰ”, “মিৰ্জাপুৰ”, “স্ত্ৰী”, “মসান” আদি জনপ্ৰিয় প্ৰকল্প সমূহ হৈছে ইয়াৰেই এক উদাহৰণ। পংকজ ত্ৰিপাঠী বৰ্তমানৰ এনে এক নাম; যিখন ছবিত তেওঁ অভিনীত সেইখন ছবিৰ পৰা যদি কোনো কাৰণত তেওঁক আঁতৰাই উপভোগ কৰিব বিচাৰে তেন্তে প্ৰত্যেকটো বস্তু দৰ্শকৰ বাবে খেলিমেলি হৈ পৰিব। এনে সময়তে, চচিয়েল মিডিয়াত নিজৰ সংঘৰ্ষৰ দিনবোৰ ব্যক্ত কৰি এটা ভিডিঅ’ শ্বেয়াৰ কৰে; য’ত তেওঁ মুম্বাইলৈ অহা দিনকেইটাত কৰিবলগীয়া সংঘৰ্ষ বোৰৰ বিষয়ে অনুৰাগীক জনায়।

ভগৱানৰ নাম লৈ প্ৰডাকচন হাউচলৈ গৈছিল পংকজ ত্ৰিপাঠীঃ 2


তেওঁ কয় যে, “মই পত্নীক লৈ মুম্বাইলৈ আহিছিলো আৰু সংঘৰ্ষ আৰম্ভ কৰিছিলো; তেতিয়াৰ সময়ত কাষ্টিং ডাইৰেক্টৰ নাছিল আৰু সেইবাবে আমি এচিচটেন্ট ডাইৰেক্টৰ আৰু ছবিখনৰ য়ুনিট টোৰ ওপৰত বিশ্বাস ৰাখিব লগীয়া হৈছিল। তেওঁ আগলৈ কয় যে, “সেইটো সময়ত মই সময়বোৰ এনে অতিবাহিত নকৰি প্ৰডাকচন হাউচ যোৱা আৰম্ভ কৰিছিলো আৰু মোৰ পত্নীয়ে স্কুলত চাকৰি বিচাৰিবলৈ আৰম্ভ কৰি দিছিল। বহু আৰ্টিষ্ট অহা ফলত সেইটো সময়ত প্ৰডাকচন হাউচ যোৱাটো সহজ হৈ পৰা নাছিল; সেইবাবেই মই তাত গৈ ক’বলৈ আৰম্ভ কৰি দিছিলো যে মোক ভগৱানে পঠাইছে আৰু তাৰ পিছতেই মোক এন্ট্ৰী দি দিয়া হৈছিল।”


ইয়াৰ পিছত ব্যক্তিয়ে সদায় প্ৰয়াস ও চেষ্টা কৰি থাকিব লাগে বুলি অভিনেতা গৰাকীয়ে মত ব্যক্ত কৰি নিজৰ ভিডিঅ’টোত সম্পূৰ্ণ কৰে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform