Rupaliparda.com

জুবিন গাৰ্গৰ বিৰুদ্ধে কাৰ ষড়যন্ত্ৰ? গুগলৰ পৰা আঁতৰিল জুবিনৰ প্ৰকৃত নামঃ

উমৈহতীয়া ভাৱে এইবাৰ চৰ্চা লাভ কৰিলে যুৱপ্ৰজন্মৰ হাৰ্টথ্ৰৱ জুবিন গাৰ্গে। গুগলত জুবিন গাৰ্গৰ প্ৰকৃত নামৰ সলনি দেখা পোৱা গ’ল মুছলমানৰ নাম। কোনে কি কাৰণত এয়া ষড়যন্ত্ৰৰ সৃষ্টি কৰিছে তাক লৈ সকলো অজ্ঞাত! মুঠতে; বৰ্তমান গুগলত জুবিন গাৰ্গৰ নাম বিচাৰিলে পোৱা যায় এজন মু্ছলমানৰ অৱস্থিতি। কিন্তু; যেতিয়া “উইকিপিডিয়া” ৰ ভিতৰলৈ সোমাই যোৱা হয় তেতিয়া তেওঁৰ নামটো ঠিকেই পোৱা যায়। জুবিন গাৰ্গৰ নামৰ সাল সলনি হোৱাত এতিয়া সচেতন মহেলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। হাৰ্টথ্ৰৱ গৰাকীৰ বিৰুদ্ধে কোনে এই ষড়যন্ত্ৰ ৰচিলে সেয়া পৰৱৰ্তী সময়তহে বোধগম্য হ’ব। সম্প্ৰতি জুবিন গাৰ্গ আৱদ্ধ হৈ আছে তেওঁৰ মুম্বাইৰ বাসগৃহত।

জুবিন গাৰ্গৰ বিৰুদ্ধে কাৰ ষড়যন্ত্ৰ? গুগলৰ পৰা আঁতৰিল জুবিনৰ প্ৰকৃত নামঃ 1
জুবিন গাৰ্গৰ বিৰুদ্ধে কাৰ ষড়যন্ত্ৰ? গুগলৰ পৰা আঁতৰিল জুবিনৰ প্ৰকৃত নামঃ 2


বিগত সময়ত কেইবাগৰাকীও কন্ঠশিল্পী ক্ৰমে পাপন, আচুৰ্য্য, নীলোৎপল আদিয়ে কৰা চচিয়েল মিডিয়া লাইভত জুবিন গাৰ্গৰ কন্ঠৰে গীত ও কথা-বতৰা ইত্যাদি উপভোগ কৰিছিল দৰ্শকে। ইয়াৰ লগতে, হাৰ্টথ্ৰৱ গৰাকীয়ে তেওঁৰ পূৰণি এটা হাৰমনিয়ামকে লৈ পত্নী গৰিমাৰ সৈতে বহি বিভিন্ন গীত গাই নিজ অনুৰাগীক মনোৰঞ্জন কৰোৱাও দেখিবলৈ পোৱা গৈছিল। ইয়াৰ উপৰিও, দূৰত থাকিলেও জুবিন গাৰ্গে পাহৰা নাছিল নিজ দায়িত্ব। মুম্বাইৰ পৰাই তেওঁ “অসম আৰোগ্য নিধি” লৈ আগবঢ়ায় মুঠ ১ লাখ টকাৰ অনুদান।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.