Rupaliparda.com
কেইবাজনো অসমীয়া শিল্পীৰ প্ৰতিভাৰ অন্তৰ্ভূক্তিৰেঃ ইউটিউবত ট্ৰেণ্ডিং ঋতৃষা শৰ্মাৰ "Gustakhiyaan"- 1

কেইবাজনো অসমীয়া শিল্পীৰ প্ৰতিভাৰ অন্তৰ্ভূক্তিৰেঃ ইউটিউবত ট্ৰেণ্ডিং ঋতৃষা শৰ্মাৰ “Gustakhiyaan”-

কেইবাগৰাকীও অসমীয়াৰ প্ৰচেষ্টাৰে সৃষ্ট এটি হিন্দী গীত বৰ্তমান ইউটিউবত হৈ পৰিছে ট্ৰেণ্ডিং। মায়ানগৰীত খ্যাতনামা অসমৰ শিল্পীসমূহৰ এনে প্ৰচেষ্টাই আছলতে গৌৰন্বিতও কৰি তুলিছে অসমবাসীক। ঋতৃষা শৰ্মাৰ কন্ঠ আৰু অনুৰাগ শইকীয়াৰ সুৰ আৰু সংগীত পৰিচালনাৰে কিছুদিন পূৰ্বে মুক্তিপ্ৰাপ্ত “Gustakhiyaan” গীতটি বৰ্তমান ট্ৰেণ্ডিং হৈ পৰিছে ইউটিউবত। কেৱল মাত্ৰ ঋতৃষা ও অনুৰাগেই নহয়; গীতটিৰ সৈতে জড়িত হৈ আছে আন কেইবাগৰাকীও অসম সন্তান। ৰাষ্ট্ৰীয় সংবাদ মাধ্যমতো গীতটিৰ প্ৰচুৰ চৰ্চা কৰা হৈছে। কোৱাৰেন্টাইত শ্ৰোতা তথা দৰ্শকক কিছু সময়ৰ মনোৰঞ্জনৰ যোগান ধৰিবলৈ গীতটিক “লক-ডাউন” ৰ মাজতেই মুকলি কৰি দিয়া হৈছিল। ইয়াৰ পূৰ্বেও ঋতৃষা শৰ্মা আৰু অনুৰাগ শইকীয়াৰ যুঁটীয়া প্ৰচেষ্টাৰে “Tum aaoge” শীৰ্ষক গীতটিও ট্ৰেণ্ডিং হৈ পৰিছিল ইউটিউবত।


উল্লেখ্য যে, “Gustakhiyaan” গীতটিৰ শব্দ সংমিশ্ৰণ কৰিছে পংকজ বৰাই লগতে গীতটি লিখিছে কৌশাল কিশোৰে। ৰাঘৱ চৈতন্য আৰু ঋতৃষাৰ যুঁটীয়ে কন্ঠৰে মুক্তিপ্ৰাপ্ত এই গীতটিৰ ভিডিঅ’ত অভিনয় কৰিছে ৰোহন মিশ্ৰা আৰু বৈষ্ণৱী আন্ধেলে। সুগন্ধা মিশ্ৰাই প্ৰযোজনা কৰা গীতটিৰ শব্দযন্ত্ৰীৰ দায়িত্বত আছিল Euophony Studios ৰ পাৰ্থ পি দাস লগতে Neo Sound Studio ৰ প্ৰাঞ্জল বৰা।

কেইবাজনো অসমীয়া শিল্পীৰ প্ৰতিভাৰ অন্তৰ্ভূক্তিৰেঃ ইউটিউবত ট্ৰেণ্ডিং ঋতৃষা শৰ্মাৰ "Gustakhiyaan"- 2


কেইবাগৰাকীও অসম সন্তানৰ এনে প্ৰচেষ্টাত কেৱল মাত্ৰ অসমীয়া দৰ্শকেই নহয়; সঁহাৰি জনাইছে ৰাষ্ট্ৰীয় পৰ্যায়ৰ দৰ্শকেও।

1 comment

Leave a Reply

The Ultimate Managed Hosting Platform