Rupaliparda.com
অতীতৰ চিলমিলিয়া ভুমুকিৰেঃ চুটি ছবি "ঘৰমুৱা" ক সঁহাৰিঃ 1

অতীতৰ চিলমিলিয়া ভুমুকিৰেঃ চুটি ছবি “ঘৰমুৱা” ক সঁহাৰিঃ

ইখনৰ পিছত সিখন চুটি ছবিক বৰ্তমান সঁহাৰি জনাইছে দৰ্শকে। হিন্দী ওৱেব চিৰিজৰ সমান্তৰালকৈ এই সময়ছোৱাত প্ৰাধান্য লাভ কৰিছে অসমীয়া চুটি ছবি সমূহেও। গভীৰ আৰু মনপৰশা বিষয়বস্তুৰ ভিত্তিত নিৰ্মিত একোখন চুটি ছবিক কোৱাৰেন্টাইনৰ সময়ছোৱাত মুক্তি দিছে বিভিন্নজনে। কোৱা বাহুল্য যে, অসমীয়া সাংস্কৃতিক ক্ষেত্ৰখনত এজনতকৈ এজন সৃষ্টিশীল প্ৰতিভা যে আছে সেই কথা অৱশ্যেই নুই কৰিব পৰা নাযায়। প্ৰেম, আবেগ, সংঘৰ্ষ এই আটাইবোৰ বিষয়বস্তুক লৈ নিৰ্মিত কেইবাখনো চুটি ছবি ইতিমধ্যে আপোনালোকে ৰূপালীপৰ্দাৰ জৰিয়তে জানিবলৈ পাইছে। কিন্তু এইবাৰ এনে এখন চুটি ছবিৰ কথা আপোনালোকক ক’ম যিখনে ইতিমধ্যে একাংশ দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হোৱাৰ উপৰিও তাৰ বিষয়বস্তুয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো সুখ্যাতি লাভ কৰিবলৈ সক্ষম হৈছে।

অতীতৰ চিলমিলিয়া ভুমুকিৰেঃ চুটি ছবি "ঘৰমুৱা" ক সঁহাৰিঃ 2
অতীতৰ চিলমিলিয়া ভুমুকিৰেঃ চুটি ছবি "ঘৰমুৱা" ক সঁহাৰিঃ 3


মুকুল হালৈৰ কাহিনী, চিত্ৰনাট্য ও পৰিচালনাৰে নিৰ্মিত “ঘৰমুৱা” চুটি ছবিখনে সাঙুৰি লৈছে অসমৰ এটা সময়ৰ কিছু নিৰ্মম কাহিনীক। উক্ত চুটি ছবিখনত নায়ক “ৰাহুল” য়ে নিজৰ জন্মভূমিৰ ওপৰত কেন্দ্ৰ কৰি এখন কিতাপ লিখিব খোজে যদিও কিতাপখনৰ কাহিনীটোৰ বিষয়বস্তুক লৈ তেওঁৰ কিছু খেল-মেলিৰ সৃষ্টি হয়। নায়ক গৰাকীৰ মাতৃৰ লগতে ৯০ দশকৰ একাংশ গাঁৱৰ বাসিন্দাই বৰ্তমান স্বাভাৱিক আৰু শান্তিৰ জীৱন নিৰ্বাহ কৰিলেও উক্ত দশকটোৰ পৰিস্থিতি সমূহ অৰ্থাৎ সন্ত্ৰাস আৰু মৃত্যুৰ কিৰীলিয়ে এতিয়াও তেওঁলোকক কেতিয়াবা হতাশ কৰে নাইবা কেতিয়াবা তিঁতা সপোন হৈ দেখা দিয়ে। ২৫ মিনিট দৈৰ্ঘ্যৰ “ঘৰমুৱা” এই ছবিখনৰ নৈপথ্যত বাজি ৰোৱা ধ্বনি সমূহৰ সৈতে ছবিখনৰ দৃশ্যসমূহৰ উপস্থাপনত পৰিচালক গৰাকী সফল হৈছে বুলি একেষাৰেই ক’ব পৰা যায়। Cinema Experimenta Signs Film Festival, Kerela আৰু Calvin Cinema Festival Of Films, Shillong ত ক্ৰমে বেষ্ট ফিল্ম আৰু বেষ্ট চাউণ্ডৰ বঁটাপ্ৰাপ্ত “ঘৰমুৱা” ই International Competition – 27th Curtas Vila do Conde, Portugal কে ধৰি অইন কেইবাখনো ছবি সমাৰোহত মনোনয়ন লাভ কৰিছিল।

অতীতৰ চিলমিলিয়া ভুমুকিৰেঃ চুটি ছবি "ঘৰমুৱা" ক সঁহাৰিঃ 4


সন্দীপ য়াদৱৰ চিনেমেটো’গ্ৰাফীৰে নিৰ্মিত এই ছবিখনৰ প্ৰযোজনা কৰিছে পুনেত অৱস্থিত ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াই। মুকুল হালৈ আৰু অৱনিশ চাব্ৰাই সম্পাদনা কৰা “ঘৰমুৱা” ৰ চাউণ্ড ৰেকৰ্ডৰ পৰা আৰম্ভ কৰি মিস্কিঙলৈ; এই আটাইবোৰৰ দায়িত্বত আছিল নিলাদ্ৰী শেখৰ ৰয়ে। আনহাতে, WWW.Moviesaints.com উপলদ্ধ এই ছবিখনত অভিনয় কৰিছে কল্পনা ফুকন, ৰাহুল ৰাভা, নিলিম চেতিয়া, উৰ্মিলা মহন্ত আৰু অখিল গগৈয়ে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform