“লক-ডাউনে” সকলো ক্ষেত্ৰতেই জনসাধাৰণক অশান্তি দায়ক পৰিস্থিতিৰ সন্মুখীন কৰোৱাইছে যদিও বৰ্তমান সময়ত এটাৰ পিছত এটাকৈ Work From Home ৰ প্ৰকল্প দেখিবলৈ পোৱা গৈছে। গীত, নৃত্য, কবিতা, অভিনয় আদি সকলো ক্ষেত্ৰতেই নিজৰ সুপ্ত প্ৰতিভাই হওঁক অথবা নিজ পেছাৰ পূৰ্ণ নিদৰ্শনেই হওঁক; দাঙি ধৰিছে একাংশই। খালী থকা সময়খিনিত যাতে জনসাধাৰণলৈ কোনো এবিধ বস্তুৰে সন্তোষ প্ৰদান কৰিব পৰা যায়; তাৰেই চেষ্টা কৰিছে এতিয়া নৱপ্ৰজন্মই। “লক-ডাউন” ৰ এই বন্ধৰ সময়ছোৱাতে নিৰ্মাণ কৰি উলিওৱা এখন চুটি ছবি “STARVED” য়ে লাভ কৰিলে মুক্তি। গম্ভীৰ বিষয়বস্তুক সৰল ও সহজ ভাষাৰে উপস্থাপন কৰাত সফল হৈছে চুটি ছবিখনৰ পৰিচালক ও কলা-কুশলী। গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ প্ৰণৱ ভৰালীৰ পৰিচালনাৰে নিৰ্মিত ৪ মিনিট ২২ চেকেণ্ড দৈৰ্ঘ্যৰ এই চুটি ছবিখনত অভিনীত প্ৰত্যেকজন অভিনেতাই নিজ নিজ বাসগৃহৰ পৰাই কৰিছে দৃশ্যগ্ৰহণৰ কাম।
তিনি ৰুমমেটৰ “লক-ডাউন” ৰ সময়যছোৱাত হোৱা মানসিক পৰিস্থিতিক দাঙি ধৰা হৈছে উক্ত চুটি ছবিখনত। বৰ্তমান সময়ত গৃহবন্দী হৈ পৰিছে ফিতাহি মাৰি বুকু ফিন্দাই ঘূৰি ফুৰা একাংশ লোক। কোনোৱে যদি বাহিৰলৈ ওলাবলৈ নাপায় হাঁহাকাৰ কৰিছে আকৌ আনহাতে কোনোৱে কান্দিছে খাবলৈ নাপায়। আছলতে, এক কথাত ক’বলৈ গ’লে এয়া হৈছে প্ৰকৃতিয়ে মনুষ্যলৈ দিয়া অভিযোগ; এনে এক কনচেপ্ট অৰ্থাৎ বিষয়বস্তুক কেন্দ্ৰ কৰিয়েই নিৰ্মাণ কৰা হৈছে “STARVED”

অৰিন্দম ডেকা, নিতেশ শাহী, প্ৰত্যুষ বিকাশ দাস আৰু প্ৰণৱ ভৰালীয়ে চিনেমেটো’গ্ৰাফী কৰা ছবিখনত অভিনয় কৰিছে প্ৰত্যুষ বিকাশ দাস,মনুজ বৰকটকী আৰু কমল লোচনে। উদ্দীপ্ত কুমাৰ ভট্টাচাৰ্য্যৰ সম্পাদনাৰে ইয়াত সংগীত দিছে অৰূপজ্যোতি বৰুৱাই। চাউণ্ড ডিজাইন অংশুমান বৰুৱাৰ আৰু পোষ্টাৰ ডিজাইন কৰিছে অভিজিৎ লস্কৰে।
Add comment