Rupaliparda.com
"চৰিত্ৰবোৰ ভালকৈ ৰূপায়ন কৰো যদিও ক'ৰবাত যেন আধৰুৱা হৈ আছে; তেনে লাগে"- কমল লোচন 1

“চৰিত্ৰবোৰ ভালকৈ ৰূপায়ন কৰো যদিও ক’ৰবাত যেন আধৰুৱা হৈ আছে; তেনে লাগে”- কমল লোচন

“লক-ডাউন” ৰ সময়ছোৱাত প্ৰায় কেইবাখনো চুটি ছবিতথ দেখি থকা এখন চিনাকী মুখ; কমল লোচন। মান্দাকাটা নামৰ এখন ঠাইৰ পৰা উঠি অহা কমল লোচন বৰ্তমান সময়ৰ এগৰাকী উদীয়মান শিল্পী। কটন বিশ্ববিদ্যালয়লৈ আহি নাটক ক্ষেত্ৰখনত খোজ পেলোৱা কমল লোচনে পিছলৈ নেশ্বনেল স্কুল অৱ ড্ৰামা, চিকিমলৈ গৈ নিজৰ অভিনয় জীৱনৰ পৰৱৰ্তী শিক্ষা গ্ৰহণ কৰে। তাৰ পৰা উভতি অহাৰ পিছত তেওঁক দেখিবলৈ পোৱা যায় কেইবাটাও অসমীয়া গীত, কেইবাখনো নাট তথা ছবিত অভিনয় কৰা; আছলতে কমল লোচনৰ অভিনয়ত ফুটি উঠা বাস্তৱিকতাত আকৰ্ষিত হৈ পৰে বহু জনসাধাৰণ। তেওঁ অভিনীত ছবি, চুটি ছবি আদিয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত লাভ কৰিছে বহুল সমাদৰ লগতে তেওঁৰ অভিনয়ৰো প্ৰশংসা কৰিছে বহুজনে।

"চৰিত্ৰবোৰ ভালকৈ ৰূপায়ন কৰো যদিও ক'ৰবাত যেন আধৰুৱা হৈ আছে; তেনে লাগে"- কমল লোচন 2


ৰূপালীপৰ্দাৰ আজিৰ দেওঁবৰীয়া বিশেষত আপোনালোকৰ মাজলৈ লৈ আনিছো এই গৰাকী অসমীয়া উদীয়মান শিল্পীক। জানিম তেওঁৰ বিষয়ে কিছু কথা, চাওঁ চোন আহকঃ

প্ৰশ্নঃ আপুনি অভিনয় ক্ষেত্ৰখনৰ সৈতে কেতিয়াৰ পৰা জড়িত?

কমল লোচনঃ স্কুলত থাকোতে কেৱল মাত্ৰ দুখনহে নাটক কৰিছিলো; এখন কৰিছিলো ষষ্ঠ শ্ৰেণীত আৰু আনখন কৰিছিলো নৱম শ্ৰেণীত পঢ়ি থাকোতে। কিন্তু যেতিয়া গুৱাহাটীলৈ আহি বৰ্তমানৰ কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিকত নামভৰ্তি কৰিছিলো তেতিয়াৰ পৰা আছলতে মই নাটক তথা অভিনয় ক্ষেত্ৰখনৰ সৈতে জড়িত হৈ পৰিলো। এই কটন বিশ্ববিদ্যালয়তে আমাৰ “প্ৰয়াস নাট্যগোষ্ঠী” বুলি এটা গোট গঢ় দি উঠিছিল; য’ত আছিলো মই, পাপলু চেতিয়া,দিলৱাৰা বেগম, ৰূপান্তৰ বৰপাত্ৰ গোঁহাই, মৃদুল শৰ্মা,প্ৰিয়াংকী বৰা, অৰিন্দম ডেকা লগতে আন বহুকেইজন ছাত্ৰ-ছাত্ৰী। এই আটাইবোৰে লগ হৈ উক্ত নাট্যগোষ্ঠীটো গঢ় দিছিলো। এই নাটক গোষ্ঠীটোৰ পৰাই মই বহু ঠাইত নাটক কৰিছিলো; গতিকে উচ্চতৰ মাধ্যমিকৰ পৰাই মোৰ এই অভিনয় যাত্ৰাটোত প্ৰথম খোজ দিছিলো।

"চৰিত্ৰবোৰ ভালকৈ ৰূপায়ন কৰো যদিও ক'ৰবাত যেন আধৰুৱা হৈ আছে; তেনে লাগে"- কমল লোচন 3

প্ৰশ্নঃ আপুনি অভিনয় কৰা প্ৰায় চুটি ছবিয়ে ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত সমাদৰ লাভ কৰা লগতে আপুনি নিজ অভিনয়ৰ বাবেও প্ৰশংসিত হৈছে। আপোনাৰ কেনে অনুভৱ হয়?

কমল লোচনঃ উমম ভাল লাগে; মই অভিনীত প্ৰায় চুটি ছবি বা ছবিক যেতিয়া সকলোৱে সঁহাৰি জনাই নাইবা মোৰ অভিনয়ক যেতিয়া কোনোৱে প্ৰশংসা কৰে তেতিয়া সঁচাকৈয়ে মোৰ ভাল লাগে; আচলতে কাৰোবাৰ কামক যদি প্ৰশংসা কৰা হয় তেতিয়া সকলোৰেই ভাল লাগে। কিন্তু এতিয়ালৈ মই ৰূপায়ন কৰা এটা চৰিত্ৰ লৈও মই সন্তুষ্টি পোৱা নাই; সকলো চৰিত্ৰ ভালকৈ কৰিবলৈ চেষ্টা কৰো যদিও ক’ৰবাত কিবা এটা যেন আধৰুৱা হৈ আছে, তেনে অনুভৱ হয়।
দৰ্শকে মোৰ অভিনয়ক আকোঁৱালি ল’লে ভাল লাগে যদিও মই এটা ভাল চৰিত্ৰ ৰূপায়ন কৰিবলৈ সদায় অপেক্ষা কৰো; ভিতৰৰ পৰা এটা অশান্তি হৈ যে কেতিয়াকৈ কৰিবলৈ পাম সেই এটা ভাল চৰিত্ৰ যিয়ে মোক হয়টো সন্তুষ্টি দিব। এতিয়াও মই আধৰুৱা হৈ থকা নিচিনা অনুভৱ হয়!

"চৰিত্ৰবোৰ ভালকৈ ৰূপায়ন কৰো যদিও ক'ৰবাত যেন আধৰুৱা হৈ আছে; তেনে লাগে"- কমল লোচন 4

প্ৰশ্নঃ অসমীয়া ছবি জগতৰ কোন গৰাকী অভিনেতা/ অভিনেত্ৰীৰ সৈতে অভিনয় কৰা ইচ্ছা?

কমল লোচনঃ এইটো প্ৰশ্নৰ উত্তৰ যদি এক কথাত দিবলৈ হয় তেতিয়াহ’লে মই ক’ম যে ভাল অভিনেতা তথা ভাল অভিনেত্ৰীৰ সৈতেই মোৰ কাম কৰিবলৈ মন। জনপ্ৰিয় অভিনেতা অৰুণ নাথ ছাৰৰ সৈতে কাম কৰাৰ ইচ্ছা আছিল; যিটো ইচ্ছা মোৰ পূৰ্ণ হ’ল এখন চুটি ছবিৰ জৰিয়তে। তেওঁক খুব ভাল লাগে মোৰ; সহজ তথা ইমান স্বাভাৱিক ভাৱে কৰি দিয়ে কামবোৰ। লগতে, মোৰ মন আছিল উদয়ন দুৱৰা, উৰ্মিলা মহন্তৰ সৈতে কাম কৰাৰ যিটো আগন্তুক ছবি “গুৱাহাটী ডাইৰীজ” ৰ দ্বাৰা সম্পূৰ্ণ হ’ল; ইয়াৰ উপৰিও মোৰ আদিল হুচেইন ছাৰ আৰু তপন দাস ছাৰৰ সৈতে কাম কৰাৰ ইচ্ছা আছে যদিও এতিয়ালৈ সেই সুযোগ পোৱা নাই। ঠিক তেনেকৈ আন বহু আছে কিন্তু এক কথাত ক’বলৈ হ’লে মই ভাল অভিনেতা-অভিনেত্ৰীৰ কথাই ক’ম।

"চৰিত্ৰবোৰ ভালকৈ ৰূপায়ন কৰো যদিও ক'ৰবাত যেন আধৰুৱা হৈ আছে; তেনে লাগে"- কমল লোচন 5

প্ৰশ্নঃ বৰ্তমান পৰিস্থিতিক কেন্দ্ৰ কৰি আগন্তুক ছবি জগতত খনত কি প্ৰভাৱ পৰিব বুলি যদি আপোনাক সোধা হয়; তেনেহ’লে যুৱপ্ৰজন্মৰ অভিনেতা ৰূপে আপোনাৰ উত্তৰটো কি হ’ব?

কমল লোচনঃ আগন্তুক দিনবোৰত কেতিয়ালৈ চিনেমা হ’ল খুলিব বা কেতিয়ালৈ শ্বুটিং কৰিবলৈ চৰকাৰে অনুমতি প্ৰদান কৰিব সেয়া আছলতে কোনো নাজানে। গতিকে এনেক্ষেত্ৰত ছবিজগত খনৰ সৈতে জড়িত এই মানুহ খিনিৰ বাবে এক প্ৰত্যাহ্বান আহি পৰিব; কিয়নো এইখিনি মানুহেটো এনেদৰেই উপাৰ্জন কৰি খাই আছে। এইখিনি মানুহকটো আৰু চৰকাৰে বেলেগকৈ মাতি পেলাই চাকৰিও দিব নোৱাৰে; ফলত এই বিষয়ে চৰকাৰে কিবা এটা নিশ্চয় ভাবিব অথবা নতুন কিবা ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আনহাতে, অসমীয়া ছবি জগত খন সামান্য উঠি আহিছিল যদিও “কভিড ১৯” ৰ দৰে এনে মহামাৰীয়ে তাত আকৌ কিছু ক্ষতি কৰিছে। কিন্তু, মই ভাবো যে এইখিনি সময়ত মানুহে নিজৰ চেষ্টাটো কমাই দিব নালাগে; যিহেতু অকণমান ঘৰতেই থকাৰ সুবিধা পাইছে গতিকে নতুন নতুন চিন্তা তথা কনচেপ্ট উলিয়াই পৰৱৰ্তী সময়ত নিৰ্মাণ হ’ব পৰা কাম সমূহৰ বিষয়ে ভাবি চেষ্টা কৰি যাব লাগে।

"চৰিত্ৰবোৰ ভালকৈ ৰূপায়ন কৰো যদিও ক'ৰবাত যেন আধৰুৱা হৈ আছে; তেনে লাগে"- কমল লোচন 6


লগতে,খুবসম্ভৱ, ৭-৮ মাহলৈ ছাগে “লক-ডাউন” এনেদৰেই থাকিব; এইসময়ত আটাইতকৈ বেছি প্ৰাধান্য পাইছে OTT প্লেটফৰ্মত উপলদ্ধ ৱেব চিৰিজ সমূহে; গতিকে অসমীয়া ক্ষেত্ৰতো যদি এনে কিছু ৱেব চিৰিজ নিৰ্মাণ কৰিব পাৰে তেনেহ’লে মানুহ খিনিক টানিব পৰা যাব। Outdoor শ্বুটটো এতিয়া সম্ভৱ নহয়; কিন্তু Indoor শ্বুট কৰি যদি নেটফ্লিক্স বা এমেজনৰ যিখিনি নীতি নিয়ম সেইখিনিক লৈ ভাল এটা কনচেপ্টেৰে যদি আমাৰ অসমীয়া খিনিয়ো আগবাঢ়িব পৰা যায় তেনেহ’লে এইটো সময়ত ই নিশ্চয়কৈ কাম কৰিব।

প্ৰশ্নঃ আগন্তুক প্ৰকল্পৰ বিষয়ে জানিব খুজিম।

"চৰিত্ৰবোৰ ভালকৈ ৰূপায়ন কৰো যদিও ক'ৰবাত যেন আধৰুৱা হৈ আছে; তেনে লাগে"- কমল লোচন 7

কমল লোচনঃ ৰাজেশ ভূঞাৰ পৰিচালনাৰে এখন ছবিৰ শ্বুটিং চলি আছিল; “স্বৰ্গৰথ” নামেৰে। ছবিখনৰ শ্বুট ৫০ শতাংশ ইতিমধ্যে সম্পূৰ্ণ হৈছে লগতে দুখন মান ছবি আৰু চুটি ছবিৰ কাম হাতত আছে। “লক-ডাউন” শেষ হোৱা পিছতেই এইখিনি আৰম্ভ কৰিব লাগিব। ইয়াৰ উপৰিও, ৱেব-চিৰিজ কামো আছে যিখিনি এই পৰিস্থিতি সমূহ সাম কটাৰ পিছতেই হয়তো আৰম্ভ হ’ব।

……… ধন্যবাদ কমল। আপোনাৰ আগন্তক পৰিকল্পনা সমূহৰ বাবে শুভকামনা জনাইছো।

কমল লোচনঃ ধন্যবাদ।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform