মুম্বাই প্ৰতিষ্ঠিত অসম সন্তান কেইবাগৰাকীৰো নাম আপোনালোকে জানে নাইবা তেওঁলোকৰ এটাৰ পিছত এটাকৈ অহা গীত সমূহে তেওঁলোকক আমাৰ মাজত চিনাকী কৰোৱাইছে। এইবাৰ আমি এনে এগৰাকী কন্ঠশিল্পীৰ নাম ক’ম; যিয়ে “চুপাৰষ্টাৰ” ৰ পৰা আদি কৰি ” ৰাগিনী এম এম এছ” লৈ কেইবাখনো বলীউড ছবিত কন্ঠদান কৰিছে। তেওঁৰ নাম হৈছে ৰাজজ্যোতি কোঁৱৰ। উত্তৰ লখিমপুৰত জন্মগ্ৰহণ কৰা এই গৰাকী শিল্পীয়ে মুম্বাইলৈ গৈ বান্দ্ৰাৰ নেশ্বনেল কলেজৰ আইন শাখাত নামভৰ্তি কৰে যদিও সমান্তৰালকৈ তেওঁ সংগীত ক্ষেত্ৰখনৰ সৈতেও জড়িত হৈ থাকে। তেওঁ যোৰহাটত লগতে গুৱাহাটীৰ তেতিয়াৰ কটন কলেজলৈ যেতিয়া পঢ়িবলৈ আহে তেতিয়া তেওঁ নিজাববীয়াকৈ বেণ্ড খুলি লয় আৰু বিভিন্ন ঠাইত গীত পৰিৱেশন কৰে।

১৯৯৬ চনত তেওঁ নিজৰ প্ৰথমখন সংগীতৰ এলবাম “সাগৰ তুমি” মুক্তিৰ পিছত মুম্বাইলৈ ধাৱমান হয়। তাত তেওঁ ৭-৮ বছৰ সংগ্ৰাম কৰাৰ অন্তত সুবিধা লাভ কৰে “চুপাৰষ্টাৰ” ছবিখনৰ গীত কন্ঠদান কৰা; “আজনবী খোৱাব মে” শীৰ্ষক গীতটিয়ে মুক্তি লাভ কৰাৰ পিছতেই ই জনপ্ৰিয় হৈ পৰে আৰু তেওঁ আন কেইবাখনো হিন্দী ছবিত কন্ঠদান কৰাৰ সুবিধা লাভ কৰে। ৰাজজ্যোতিয়ে কেৱল মাত্ৰ হিন্দী ছবিতেই কন্ঠদান কৰা নাই; “ৰামধেনু, “ৰিচাং”, “ৰ’দ” আদি অসমীয়া ছবিতো কন্ঠদান কৰিছে তেওঁ।

“ৰাগিনী এম এম এছ” ছবিখনৰ “ইতনে কৰিব আও” গীতটিৰ বাবে তেওঁ ২০১২ চনত Best New Sensation of the year শাখাত ষ্টাৰডাষ্ট বঁটাৰ মনোনয়ন লাভ কৰাৰ উপৰিও উক্ত শিল্পী গৰাকীয়ে “ৰিচাং” ছবিখনৰ “ৱাৰিয়ৰ অৱ লাইফ” গীতটিৰ বাবে লাভ কৰে প্ৰাগ চিনে বঁটা।
Add comment