Rupaliparda.com
"Tell Me It's Grey" লৈ আন এক সন্মানঃ লাভ কৰিলে দাদা চাহেব ফাল্কে বঁটাৰ "Special Festive Mention"- 1

“Tell Me It’s Grey” লৈ আন এক সন্মানঃ লাভ কৰিলে দাদা চাহেব ফাল্কে বঁটাৰ “Special Festive Mention”-

লক-ডাউন” বৃদ্ধিকে ধৰি “কভিড১৯” ৰ সন্ত্ৰাসে আতংকিত কৰা একাংশ খবৰে আচলতে প্ৰত্যেক জনসাধাৰণকেই হতাশগ্ৰস্ত কৰি তুলিছে। কিন্তু কোৱা হয়; আন্ধাৰৰ মাজতো হেনো সুক্ষ্মকৈ অহা ৰশ্মিয়ে পোহৰাব পাৰে এটুকুৰা ঠাই। সম্প্ৰতি মুক্তিপ্ৰাপ্ত ইখনৰ পিছত সিখন চুটি ছবিয়ে ইতিমধ্যে আকৰ্ষিত কৰিবলৈ সক্ষম হৈছে দৰ্শকক। দৰ্শকে প্ৰশংসা কৰাৰ লগতে তেওঁলোকে অকণমান মনোৰঞ্জনৰ দ্বাৰা সময়বোৰ অতিবাহিত কৰিবলৈ পাই সুখীও হৈ পৰিছে। এইখিনিতে, চুটি ছবিক উদ্দেশ্যি আপোনালোকক দিম এক সুখবৰ। ৰবি শৰ্মা তথা বৰষাৰাণী বিষয়া অভিনীত “Tell Me It’s Grey” চুটি ছবিখনে 10th Dada Saheb Phalke Film Festival ত লাভ কৰিছে কৰিছে “স্পেচিয়েল ফেষ্টিভ মেনশ্বন” (Special Festive Mention)। সমগ্ৰ বিশ্বৰ পৰা অহা প্ৰায় ৫০০ খন চুটি ছবিৰ দৌৰত উক্ত চুটি ছবিখনে লাভ কৰা এই স্বীকৃতিত বৰ্তমান উৎসাহিত হৈ পৰিছে চুটি ছবিখনৰ সৈতে জড়িত সমষ্ট কলা-কুশলী। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও এই ছবিখন 12th Jaipur international film festival আৰু Guwahati international film festival ত প্ৰদৰ্শনৰ বাবে মনোনয়ন লাভ কৰিছিল।

"Tell Me It's Grey" লৈ আন এক সন্মানঃ লাভ কৰিলে দাদা চাহেব ফাল্কে বঁটাৰ "Special Festive Mention"- 2


দুজন ব্যক্তিৰ ইজনৰ-আনজনৰ প্ৰতি থকা নিষ্পাপ প্ৰেম ও দায়বদ্ধতাক কেন্দ্ৰ কৰি নিৰ্মাণ কৰা হৈছিল উক্ত চুটি ছবিখন। বিষ্ণুজ্যোতি সন্দিকৈৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু পৰিচালনাৰে নিৰ্মিত এই চুটি ছবিখনত অভিনয়ৰ লগতে প্ৰযোজনা কৰিছিল ৰবি শৰ্মা লগতে বৰষা ৰাণী বিষয়াই।

"Tell Me It's Grey" লৈ আন এক সন্মানঃ লাভ কৰিলে দাদা চাহেব ফাল্কে বঁটাৰ "Special Festive Mention"- 3
"Tell Me It's Grey" লৈ আন এক সন্মানঃ লাভ কৰিলে দাদা চাহেব ফাল্কে বঁটাৰ "Special Festive Mention"- 4


জ্ঞান গৌতমৰ চিনেমেটো’গ্ৰাফীৰে ছবিখনৰ সম্পাদনা ৰূপাংকৰ দাসৰ। আনহাতে, Original Background Score জনপ্ৰিয় সংগীত পৰিচালক পৰাণ (জজ্) ৰ। চুটি ছবিখনত শব্দ সংমিশ্ৰণ কৰিছিল ভূপেন শইকীয়াই আৰু সাজসজ্জা ও ৰূপসজ্জা কৰিছিল ক্ৰমে এনী গগৈ আৰু মঞ্জু ভট্টাচাৰ্যই। সহঃপৰিচালক ৰূপে আছিল অৰিন্দম কাশ্যপ আৰু “Tell Me It’s Grey” ৰ ডি.আই কালাৰিষ্টৰ দায়িত্ব বহন কৰিছিল সুজিৎ কৰ্মাকাৰে। ডাবিং কৰিছিল Studios Zero db ৰ পৰা উদীপ্ত গগৈয়ে লগতে Temptation Studios ৰ পৰা দিব্যজ্যোতি কৌশিকে।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform