Rupaliparda.com
মুক্তি পালে পাপনৰ কন্ঠৰে "ব্ৰহ্মাই আদি কৰি"- 1

মুক্তি পালে পাপনৰ কন্ঠৰে “ব্ৰহ্মাই আদি কৰি”-

এইবাৰ দৰ্শকক ভক্তিৰসৰ পান কৰোৱালে অংগৰাগ পাপন মহন্তই। ৫০০ বছৰ পূৰণি কিছু সংখ্যক বৰগীতক লৈ তেওঁৰ কন্ঠৰেই মুক্তিপ্ৰাপ্ত “বৰগীত ঘোষা” ৰ প্ৰথমটো সংস্কৰণত অন্তৰ্ভূক্ত এটি বৰগীতৰ ভিডিঅ’ মুকলি কৰে কন্ঠশিল্পী গৰাকীয়ে। “ব্ৰহ্মাই আদি কৰি” শীৰ্ষক বৰগীতটি মুকলি কৰা হয় তেওঁৰ ব্যক্তিগত ইউটিউব চেনেল যোগে। উল্লেখ্য যে, পাপনৰ বৰগীতৰ শ্ৰৱ্য কেছেটখন মুক্তি দিয়াৰ এটাই মাত্ৰ মূল উদ্দেশ্যি আছিল যে গুৰু দুজনাৰ সৃষ্টিক নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই দিয়া। সময়ৰ সোঁতত হেৰাই যোৱাৰ শংকা প্ৰকাশ কৰিয়েই তেওঁ এই পদক্ষেপ গ্ৰহণ কৰা বুলি জনাইছিল সংবাদ মাধ্যম যোগে।

বৰগীতটিক ইতিমধ্যে সঁহাৰি জনোৱা দেখিবলৈ পোৱা গৈছে জনসাধাৰণক। ইয়াৰ পূৰ্বেও লক-ডাউনৰ এনে সময়ছোৱাত তেওঁ নিজ পৰিচালনাৰে দুটিকৈ গীত মুক্তিৰে নিজ অনুৰাগীক মনোৰঞ্জন কৰোৱাইছিল। উল্লেখ্য যে, পাপনে কিছুদিন পূৰ্বে কৰা এক প্ৰচেষ্টাৰ দ্বাৰা আপ্লুত হৈ পৰিছিল সমগ্ৰ অসমবাসী। বিহুটো সু-পৰিকল্পিতভাৱে উদযাপন কৰিবলৈ নোপোৱাৰ বাবেই অংগৰাগে এক সুন্দৰ পদক্ষেপ লোৱা দেখিবলৈ পোৱা গৈছিল। তেওঁ হিন্দী অথবা অসমীয়া সংগীত ক্ষেত্ৰৰ একাংশ কন্ঠশিল্পীক লগত লৈ আৰম্ভ কৰিছিল এটি লাইভ বিহু অনুষ্ঠান।

মুক্তি পালে পাপনৰ কন্ঠৰে "ব্ৰহ্মাই আদি কৰি"- 2


উক্ত অনুষ্ঠানটোত হিন্দী সংগীত ক্ষেত্ৰৰ কন্ঠশিল্পী সকলেও কন্ঠদান কৰিছিল একোটিকৈ বিহু গীতত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.