ইউটিউবত বিভিন্ন জনে বিভিন্ন ধৰণৰ বিষয়বস্তুৰে নিৰ্মিত ভিডিঅ’ আপলোড কৰি একাংশৰ মাজত জনপ্ৰিয় হৈ পৰা দেখিবলৈ পোৱা যায়। কিছুমানৰ “বিষয়বস্তু” ৱে যদি দৰ্শকৰ সঁহাৰি লাভ কৰে আনহাতে আন কিছুমান বিষয়বস্তুক ট্ৰোল কৰাও দেখিবলৈ পোৱা যায়। যুৱপ্ৰজন্মৰ মাজত চচিয়েল মিডিয়াৰ বিভিন্ন প্লেটফৰ্মৰ দৰেই প্ৰভাৱ বিস্তাৰ কৰিছে ইউটিউবেও। ইয়াৰে এক অন্যতম চেনেল হৈছে Youthzkorner। নৱপ্ৰজন্মৰ একাংশ যুৱক-যুৱতীৰ প্ৰচেষ্টাৰ ফলস্বৰূপে গঠন হোৱা উক্ত চেনেলটোত দেখিবলৈ পোৱা যায় যুৱক-যুৱতী সমূহৰ প্ৰতিভা। দীপলিনাৰ কভাৰৰ পৰা আদি কৰি বৰ্তমানৰ শিল্পী সমূহৰ প্ৰতিভা সমূহ দেখিবলৈ পোৱা গৈছে এই চেনেলটোত। এওঁলোকৰ ভিন্ন ও গঠনমূলক বিষয়বস্তুত সঁহাৰিও জনাইছে দৰ্শকে। শেহতীয়াকৈ এওঁলোকৰ ফালৰ পৰা মুক্তি দিয়া হৈছিল এখন চুটি ছবি “হাতো নেমেলিবি ফুলো নিচিঙিবি।”

গুৰুগম্ভীৰ বিষয়বস্তুৰ সলনি এক সৰল আৰু সহজ কমেডীসমৃদ্ধ বিষয় এটাক লৈ নিৰ্মাণ কৰা হৈছে এই চুটি ছবিখন। উচ্চ মানদণ্ডৰ নহ’লেও দৰ্শকৰ মুখত ১ মিনিটৰ বাবে হাঁহি বিৰিঙাবলৈ সক্ষম হৈছে উক্ত চুটি ছবিখনে। যুৱপ্ৰজন্মৰ প্ৰচেষ্টাত সুখী এতিয়া জনসাধাৰণ; তেওঁলোকৰ পৰা দৈনন্দিন হিচাপত লাভ কৰা মনোৰঞ্জন সমূহে অলপ সময়ৰ বাবে হ’লেও হতাশা আঁতৰাবলৈ সক্ষম হৈছে দৰ্শকৰ। উক্ত চুটি ছবিখনত এজন পিতৃয়ে নিজ জীয়ৰীক উদ্দেশ্যি দেখুওৱা দায়বদ্ধতা সমূহক এটা সংলাপৰ জৰিয়তে উপস্থাপনৰ চেষ্টা লেখত ল’বলগীয়া।
হেমন্ত দেৱনাথৰ কাহিনী লগতে অনুপ্ৰাস দাসৰ পৰিচালনাৰে নিৰ্মিত ছবিখনত অভিনয় কৰিছিল মিন্টু বৰুৱা, নীলাক্ষী ডেকা আৰু মণিমুগ্ধ ৰাজকোঁৱৰে। চিত্ৰগ্ৰহণ জগদীশ দাস আৰু ছবিখনৰ সম্পাদনা পৰিচালক অনুপ্ৰাস দাসৰ নিজৰেই। ভিজুৱেল ইফেক্টৰ দায়িত্বত আছিল উপমান্যু দাস আৰু শব্দ প্ৰজ্ঞান গগৈৰ। আৱহ গীত অনুভৱ গগৈ আৰু গ্ৰাফিক্স সাগৰিকাৰ। আৰ্টৰ দায়িত্ব আছিল ক্ৰমে সুমন গোস্বামী, খনীন হাজৰিকা আৰু কাব্যশ্ৰী গগৈয়ে। ছবিখনৰ প্ৰমোচনৰ সৈতে জড়িত আছিল ডানিশ, চক্ৰধৰ, কীতাৰ্থ, জীয়াউৰ আৰু ভৈৰৱ।
Add comment