Rupaliparda.com
গুৱাহাটীত উপস্থিত জুবিন গাৰ্গঃ ৫ টা দিনৰ যাত্ৰাৰ অন্তত গুৱাহাটীত হাৰ্টথ্ৰৱ- 1

গুৱাহাটীত উপস্থিত জুবিন গাৰ্গঃ ৫ টা দিনৰ যাত্ৰাৰ অন্তত গুৱাহাটীত হাৰ্টথ্ৰৱ-

ইতিমধ্যে গুৱাহাটী পালেহি হাৰ্টথ্ৰৱ জুবিন গাৰ্গ, পত্নী গৰিমা লগতে তেওঁলোকৰ দুই সতীৰ্থ। চলিত মাহৰ ৮ তাৰিখে মুম্বাইৰ পৰা যাত্ৰা আৰম্ভ কৰিছিল কন্ঠশিল্পী গৰাকীয়ে; বিমান সেৱা স্থগিত হৈ থকাৰ বাবেই মুম্বাইৰ পৰা গুৱাহাটীলৈ এখন বাছযোগে ধাৱমান হৈছিল তেওঁলোক। ফেব্ৰুৱাৰী ২৯ তাৰিখে স্বাস্থ্যৰ কিছু অৱনতি ঘটাত তেওঁক নেমকেয়াৰ হাস্পাতালত ভৰ্তি কৰোৱা হয় আৰু তাতেই সাত-আঠ দিনৰ চিকিৎসাৰ পিছত জুবিনক লৈ যোৱা হৈছিল মুম্বাইলৈ। মুম্বাইতো তেওঁৰ চিকিৎসা কৰা হয় বুলি জানিবলৈ দিয়ে কন্ঠশিল্পী গৰাকীয়ে। গুৱাহাটীলৈ আহি তেওঁ পুনে পুনে সৰুসজাই ষ্টেডিয়ামত থকা কোৱাৰেন্টাইনত চেন্টাৰলৈ গৈ নিজৰ পৰীক্ষা কৰোৱায়।


জুবিন গাৰ্গৰ গুৱাহাটীস্থিত বাসগৃহত পিতৃ-মাতৃ থকা বাবেই তেওঁ ১৪ দিনৰ বাবে বাসগৃহৰ পৰা নিলগে ৰেডিচ’ন ব্লু হোটেলত কোৱাৰেন্টাইনত থকা ব্যৱস্থা গ্ৰহণ কৰিছে। গুৱাহাটীত উপস্থিত হাৰ্টথ্ৰৱ গৰাকীয়ে সংবাদ মাধ্যম যোগে অসম চৰকাৰ আৰু প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰাৰ সমান্তৰালকৈ অসমবাসীকো নীতি-নিয়ম বোৰ মানি চলাৰ বাবে আহ্বান জনায়। আনহাতে, পত্নী গৰিমা শইকীয়া গাৰ্গেও চচিয়েল মিডিয়া যোগে এক পোষ্ট কৰি বিগত সময়ত জীৱনে বহু শিক্ষা দিয়াৰ কথা প্ৰকাশ কৰাৰ লগতে চৰকাৰ ও প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে।

গুৱাহাটীত উপস্থিত জুবিন গাৰ্গঃ ৫ টা দিনৰ যাত্ৰাৰ অন্তত গুৱাহাটীত হাৰ্টথ্ৰৱ- 2
গুৱাহাটীত উপস্থিত জুবিন গাৰ্গঃ ৫ টা দিনৰ যাত্ৰাৰ অন্তত গুৱাহাটীত হাৰ্টথ্ৰৱ- 3


জুবিন গাৰ্গৰ উপস্থিতিয়ে বৰ্তমান উৎসাহিত কৰি তুলিছে অনুৰাগীক। নিশা প্ৰায় ২.৩০ মান বজাত গুৱাহাটীত উপস্থিত হোৱা পিছত তেওঁৰ বিভিন্ন ফটো ভাইৰেল হৈ পৰে চচিয়েল মিডিয়াত।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.