Rupaliparda.com
ক্ৰিকেট খেলুৱৈৰ পোছাক পিন্ধি ছবিগৃহলৈ গৈছিল নাছিৰুদ্দিন শ্বাহঃ 1

ক্ৰিকেট খেলুৱৈৰ পোছাক পিন্ধি ছবিগৃহলৈ গৈছিল নাছিৰুদ্দিন শ্বাহঃ

হিন্দী জনপ্ৰিয় অভিনেতা সমূহৰ ভিতৰত উল্লেখনীয় এগৰাকী হৈছে নাছিৰুদ্দিন শ্বাহ। হিন্দী ছবিত অভিনয়ৰ দ্বাৰা কোটি কোটি লোকৰ হৃদয়ত বাস কৰা নাছিৰুদ্দিনক কিন্তু দিয়া হোৱা নাছিল বলীউড ছবি চোৱাৰ অনুমতি। সেইবাবেই তেওঁ বলীউড ছবি উপভোগৰ বাবে ন-ন উপায় বিচাৰি উলিয়াইছিল। ছবিক উদ্দেশ্যি ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰ যোগে তেওঁ কয় যে, “মোৰ পিতৃয়ে বিট্ৰেইন অথবা ব্ৰিটিছ সংস্কৃতি খুব পচন্দ কৰাৰ ফলতেই মোক দেওঁবাৰে হলীউড ছবিৰ চোৱাত অনুমতি দিছিল যদিও হিন্দী ছবি চোৱাৰ অনুমতি নাছিল। কিন্তু মই দ্বাৰা সিঙৰ ছবি চাই খুব ভাল পাইছিলো বাবেই নিজকে এনেদৰে তৈয়াৰ কৰি লৈছিলো যেন মই ক্ৰিকেটহে চাব গৈ আছো।”

ক্ৰিকেট খেলুৱৈৰ পোছাক পিন্ধি ছবিগৃহলৈ গৈছিল নাছিৰুদ্দিন শ্বাহঃ 2


ইয়াৰ লগতে অভিনেতা গৰাকীয়ে কয় যে, “মই ওপৰৰ পৰা তললৈ ক্ৰিকেট খেলুৱৈ দৰে কাপোৰ পৰিধান কৰিছিলো; গতিকে সকলোৱে মোক ক্ৰিকেট চাবলৈ যোৱা বুলিয়ে ভাবিছিল কিন্তু মই গুচি গৈছিলো থিয়েটাৰলৈ। মোৰ পিতৃয়ে কিন্তু দিলীপ কুমাৰক লৈ মোক একো কোৱা নাছিল; সম্ভৱতঃ তেওঁ ভাল পাইছিল দিলীপ কুমাৰক। সেইটো সময়ত মোৰ দিলীপ কুমাৰ আৰু দ্বাৰা সিঙ বৰ প্ৰিয় আছিল।”

ক্ৰিকেট খেলুৱৈৰ পোছাক পিন্ধি ছবিগৃহলৈ গৈছিল নাছিৰুদ্দিন শ্বাহঃ 3


উল্লেখ্য যে, কিছুদিন পূৰ্বে নাছিৰুদ্দিনৰ স্বাস্থ্যৰ অৱনতিৰ ভুৱা খবৰ বিয়পি পৰিছিল চাৰিওঁদিশে। এই সমস্ত কথাক উফৰাই নাছিৰুদ্দিনৰ কোনো স্বাস্থ্যৰ অৱনতি নঘটাৰ খবৰ প্ৰকাশ তেওঁৰ পৰিয়ালৰ সদস্যই।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.