Rupaliparda.com
অপেক্ষাৰ সমাপ্তিঃ আহি আছে "জানমণি ২০২০"- 1

অপেক্ষাৰ সমাপ্তিঃ আহি আছে “জানমণি ২০২০”-

“লক-ডাউন” ৰ ফলত বহু ছবিৰ মুক্তিৰ বিকল্প উপায় হিচাপে লোৱা হৈছে OTT প্লেটফৰ্মক। নেটফ্লিক্স, এমেজন প্ৰাইম টাইম, হটষ্টাৰ আদিৰ সৈতে ইতিমধ্যে কথা বতৰা চলি থকা শুনিবলৈ পোৱা গৈছে। দৰ্শকক “লক-ডাউন” ৰ সময়খিনিতো কিছু সময়ৰ মনোৰঞ্জনৰ বাবে এই প্ৰয়াস কৰা হৈছিল। কিন্তু এইবাৰ হিন্দী নহয়; OTT প্লেটফৰ্ম যোগে মুক্তি পাবলৈ সাজু হৈছে এখন অসমীয়া ছবিহে। বহু দিনৰ পৰাই ছবিখনক লৈ অপেক্ষা কৰি ৰৈছিল একাংশ দৰ্শক।

অপেক্ষাৰ সমাপ্তিঃ আহি আছে "জানমণি ২০২০"- 2

কিন্তু সমগ্ৰ দেশতেই কভিড ১৯ ৰ ফলত পৰা ঋণাত্মক প্ৰভাৱে নিজ আগ্ৰাসনত কৰা দেখিবলৈ পোৱা গৈছিল অসমীয়া ছবি ক্ষেত্ৰখনকো। ফলত, লেহেমীয়া হৈ পৰিছিল NK Bigstar শীৰ্ষক এপটোৰ মুক্তিৰ কাৰ্যকলাপো। “জানমণি ২০২০” ক লৈ পুনৰ বাৰ NK Production ঘূৰি অহাত উৎসাহী হৈ পৰিছিল অনুৰাগী সকল। “জানমণি ২০২০” য়ে চলিত বৰ্ষটো হয়টো ক্ৰমশ সফল হ’বলৈ ধৰা অসমীয়া ছবিৰ ধাৰাটোক হাতত ধৰি আৰু অকণমান ওপৰলৈ তুুলি দিয়াত সহায় কৰিব বুলিও আশা প্ৰকাশ কৰিছিল একাংশই।


উল্লেখ্য যে, অতি সোনকালেই সাম কাটিব এনে অপেক্ষাৰ। সূত্ৰ অনুসৰি গম পোৱা গৈছে আগন্তুক কিছু দিনৰ ভিতৰতেই মুক্তি দিয়া হ’ব “জানমণি ২০২০”। মাহেকীয়া অথবা বছৰত NK Bigstar ৰ বাবে নিৰ্দ্দিষ্ট টকা অন্তৰ্ভূক্তিৰে ছবি খন চাব পাৰিব দৰ্শকে। মুক্তি পাবলগীয়া “জানমণি” ছবিখনৰ বাহিৰেও এপটোত উপলদ্ধ থাকিব বিভিন্ন অসমীয়া ছবি, ভিচিডিকে ধৰি অসমীয়া গীতো। “লক-ডাউনে” কিছু ঋণাত্মক প্ৰভাৱ পেলালেও “জানমণি” ৰ বাবে থকা মৰমে হয়টো আকৌ এবাৰ জনসাধাৰণক অসমীয়া ছবিৰ ফালে টানিবলৈ সক্ষম হ’ব।


৬ টা বছৰৰ অন্তত ৰাইজৰ সমুখত আহিবলৈ প্ৰস্তুত হোৱা এন কে প্ৰডাকচনে “জানমণি” কে ধৰি বহু নতুন প্ৰকল্প হাতত লোৱা দেখিবলৈ পোৱা গৈছে। অসমীয়া ভাষাত নিৰ্মাণ হ’বলগীয়া বিভিন্নটা প্ৰকল্পক হাতত লৈ আগবঢ়া উক্ত প্ৰডাকচন হাউচটোৱে অসমীয়া ছবি ক্ষেত্ৰখনলৈ নতুনৰ সঞ্চাৰ বোঁৱাব বুলি ক’ব পৰা যায়। “লক-ডাউন” তথা “ক’ভিড ১৯”ৰ সন্ত্ৰাসে লোকক আতংকিত কৰিলেও এনে কিছু খবৰে নিশ্চয়কৈ অসমীয়া জনসাধাৰণৰ মনলৈ হাঁহি কঢ়িয়ায়।

Add comment

Leave a Reply

The Ultimate Managed Hosting Platform