অসমীয়া চলচিত্ৰ প্ৰেমীক কেইবাটাও বছৰৰ অন্তত অসমীয়া ছবিৰ ফালে টানিবলৈ সক্ষম হোৱা পৰিচালক ৰীমা দাসৰ আজি জন্মদিন। তেওঁৰ ছবিসমূহৰ ব্যতিক্ৰমী বিষয়বস্তু বোৰেই তেওঁৰ ছবিসমূহৰ প্ৰতি আকৰ্ষণ কৰে জনসাধাৰণক। ২০১৮ চনত GQ আলোচনীয়ে ৰীমা দাসক ৫০ গৰাকী প্ৰভাৱশালী যুৱ ভাৰতীয়ৰ তালিকাত অন্তৰ্ভূক্ত কৰে। ছয়গাঁৱৰ মধ্যবিত্ত পৰিয়ালত জন্মলাভ কৰা ৰীমা দাসে পৰিচালনাৰ কোনো ধৰণৰ আনুষ্ঠানিক শিক্ষা গ্ৰহণ নকৰাকৈ ভিডিঅ’ আৰু কিতাপৰ পৰা শিক্ষা গ্ৰহণ কৰি তেওঁ ছবি নিৰ্মাণত সোমাই পৰে। তেওঁৰ প্ৰথম খন চুটি ছবি “প্ৰথা” ও বিভিন্ন চুটি ছবি সমাৰোহত মনোনয়ন লাভ কৰে। তাৰ পিছতে তেওঁ “অন্তৰ্দৃষ্টি” নামে এখন অসমীয়া ছবি নিৰ্মাণ কৰে; যিয়ে প্ৰাগ চিনে এৱাৰ্ডত লাভ কৰে শ্ৰেষ্ঠ অসমীয়া ছবিৰ খিতাপ লগতে গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় চলচিত্ৰ মহোৎসৱত লাভ কৰে দ্বিতীয়খন শ্ৰেষ্ঠ অসমীয়া ছবিৰ বঁটা।

ইয়াৰ পিছতেই তেওঁৰ দ্বাৰা নিৰ্মিত “ভিলেইজ ৰকষ্টাৰ” ৰ কথা আমি ইতিমধ্যে দেখিছো। হাউচফুল হৈছিল থিয়েটাৰৰ কেইবাটাও প্ৰদৰ্শনী; “হালধীয়া চৰাইয়ে বাওঁধান খাই” শীৰ্ষক ছবিখনে স্বৰ্ণ কমল লাভ কৰাৰ পিছত “ভিলেইজ ৰকষ্টাৰ” আছিল দ্বিতীয়খন অসমীয়া ছবি যিয়ে লাভ কৰে স্বৰ্ণকমল বঁটা। উক্ত ছবিখনে ৮০ খন ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত অনুষ্ঠিত ছবি সমাৰোহত প্ৰদৰ্শিত হয় লাভ কৰে ৪৪ টা শিতানত বঁটা। আনহাতে, তেওঁৰ দ্বাৰা নিৰ্মিত “বুলবুল কেন চিং” ছবিখনেও দৰ্শকৰ হৃদয়ত ঠাই বনাবলৈ সক্ষম হয়। ৬৬সংখ্যক আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মহোৎসৱত এই ছবি খনে শ্ৰেষ্ঠ অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবিৰ বঁটা।

এইগৰাকী উদীয়মান পৰিচালকৰ জন্মদিনত ৰূপালীপৰ্দাৰ ফালৰ পৰা তেওঁলৈ জনাইছো শুভকামনা।
Add comment