Rupaliparda.com
দীপলিনা ডেকাৰ সুখ বাতৰিঃ ইনষ্টাগ্ৰাম একাউট হ'ল "Verified"- 1

দীপলিনা ডেকাৰ সুখ বাতৰিঃ ইনষ্টাগ্ৰাম একাউট হ’ল “Verified”-

দীপলিনা ডেকাই এইবাৰ কন্ঠদান কৰি নহয়; নিজৰ সুখ বাতৰি ব্যক্ত কৰি দৰ্শকক দিলে ধন্যবাদ। তেওঁৰ প্ৰতিটো চচিয়েল মিডিয়া পোষ্টৰ জনপ্ৰিয়তা আপোনাক নক’লেও হয়টো আপুনি বুজিছে; প্ৰতিটো সময়ত তেওঁৰ ফটো অথবা পোষ্টক ভাইৰেল কৰি তোলে একাংশই। দীপলিনাৰ কন্ঠৰ মাদকতাই ইতিমধ্যে শ্ৰোতাক তেওঁৰ অনুৰাগী হ’বলৈ এক প্ৰকাৰ বাধ্য কৰি তুলিছে। ইঞ্জিনিয়াৰিং প্ৰবৃত্তি এৰি দীপলিনাই সংগীত ক্ষেত্ৰখনত সোমাই পৰাটো তেওঁৰ বাবেই এক প্ৰত্যাহ্বান সদৃশ আছিল। কিন্তু, দৃঢ় প্ৰতিজ্ঞই সকলো বাধাক আঁতৰ কৰিব পাৰে। “চুই দিয়ানা”, “মধু লগন” আদি একাংশ ৰোমান্টিক গীতৰ গৰাকী দীপলিনাৰ ইনষ্টাগ্ৰাম একাউটটো বৰ্তমান Verified অৰ্থাৎ “প্ৰতিপন্ন” কৰা হৈছে। তেওঁক ফ’ল’ কৰা লোকৰ সংখ্যা হৈছে তিনি লাখতকৈও অধিক। ১৯৯২ চনৰ ৭ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা দীপলিনাৰ তৰুণ তন্ময়ৰ সৈতে যুটীয়াভাৱে কন্ঠদান কৰা “নোৱাৰি নোৱাৰি” শীৰ্ষক গীতটিয়ে হৈ পৰিছিল জনপ্ৰিয়।

https://www.instagram.com/p/CAH3TL4BFHO/?utm_source=ig_web_copy_link


জুবিন গাৰ্গৰ “মিছন ছাইনা” ছবিখনৰ দ্বাৰা এগৰাকী অভিনেত্ৰী ৰূপে চিনাকী লাভ কৰিছিল দীপলিনাই। জাগীৰোডৰ কেন্দ্ৰীয় বিদ্যালয়ৰ পৰা মেট্ৰিক পৰীক্ষা দিয়া দীপলিনাই পিছলৈ হায়াৰী ছেকেণ্ডাৰী পৰীক্ষা দিয়ে শিলপুখুৰীৰ মহৰ্ষি বিদ্যা মন্দিৰৰ পৰা। এগৰাকী কথক ডেন্সাৰ হোৱাৰ উপৰিও এই গৰাকী শিল্পীয়ে ক্লাছিকেল মিউজিকত লাভ কৰিছিল বিষাৰদ ডিগ্ৰী। উল্লেখ্য যে, চলিত বৰ্ষৰ আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱসৰ দিনা দীপলিনা ডেকাই লাভ কৰিছিল “কলাশ্ৰী” সন্মান।

দীপলিনা ডেকাৰ সুখ বাতৰিঃ ইনষ্টাগ্ৰাম একাউট হ'ল "Verified"- 2


শিল্পী গৰাকীৰ একাউন্টটোক Verified( প্ৰতিপন্ন) কৰা পিছতেই তেওঁ এটি ভিডিঅ’ যোগে দৰ্শকক ধন্যবাদ জ্ঞাপন কৰি আগন্তুক সময়তো তেওঁক সহায় কৰিবলৈ আহ্বান জনায়। ইতিমধ্যে জুবিন, জুবলী, পাপন, অভিশ্ৰুতিকে ধৰি বৰষা ৰাণী বিষয়াৰ ইনষ্টাগ্ৰাম একাউন্ট হৈছে “Verified”।

Add comment

Leave a Reply

Your Header Sidebar area is currently empty. Hurry up and add some widgets.